ETV Bharat / state

কি কি জীৱ-জন্তু, অৰ্কিডেৰে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ?

author img

By

Published : Jun 11, 2021, 10:09 AM IST

Dehing-Patkai National Park
কি কি জীৱ-জন্তু, অৰ্কিডে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ?

২৩৪'২৬ বৰ্গ কিলোমিটা মাটি কালিৰে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ১০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে ৫ টা প্ৰজাতিৰ ধনেশ পক্ষী আছে ৷ আৰু কি কি পোৱা যায় দিহিং-পাটকাইত ?

তিনিচুকীয়া, 11 জুন : বহু আশা প্ৰত্যাশাৰ অৱসান ঘটাই অৱশেষত চৰকাৰে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰিলে । দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটি কালি ২৩৪'২৬ বৰ্গ কিলোমিটা ৷ ইয়াৰে ১২৩'৬৭ বৰ্গ কিলোমিটাৰ তিনিচুকীয়া জিলা আৰু ১১০'৫৯ বৰ্গ কিলোমিটাৰ ডিব্ৰুগড় জিলাত অন্তৰ্ভুক্ত কৰা হৈছে । চৰকাৰৰ এই ঘোষণাৰ পাচতে ভাৰতৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত তৃতীয় স্থান লাভ কৰিছে অসমে ৷

কি কি জীৱ-জন্তু, অৰ্কিডে ভৰপূৰ দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান ?

বন বিভাগৰ জৰীপ অনুসৰি বৰ্তমান এই ৰাষ্ট্ৰীয় উদ্যানত ৪৭ বিধ স্তণ্যপায়ী প্ৰাণী, ৫ টা প্ৰজাতিৰ ধনেশ চৰাই, ৭ টা প্ৰজাতিৰ বান্দৰ, ৩১০ বিধ পখিলা, ২৪ বিধ ভেকুলী আৰু ৫০ বিধ সৰীসৃপ প্ৰজাতিৰ প্ৰাণী আছে । উল্লেখ্য যে, চৰাই-চিৰিকতিৰে ভৰপূৰ এই উদ্যানতে পৃথিৱী বিখ্যাত ৰাজ্যিক চৰাই দেওহাঁহ পোৱা যায় ৷

দিহিং-পাটকাইত বহু মূল্যৱান গছ-গছনিৰ ওপৰিও ১০০ ৰো অধিক বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায় ৷ ডিগবৈ বন সংমণ্ডলৰ অধিনিষ্ট আপাৰ দিহিং সংৰক্ষিত বনাঞ্চল পৰা ডিব্ৰুগড় বন সংমণ্ডল অন্তৰ্গত জয়পুৰ সংৰক্ষিত বনাঞ্চল লৈকে বিস্তাৰিত এই ৰাষ্ট্ৰীয় উদ্যান।

লগতে পঢ়ক:লেটেকুজান চাহ বাগিচাত আৰক্ষী আৰু বনৰক্ষী বাহিনীৰ যৌথ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.