ETV Bharat / state

বিতৰ্কত নাম সাঙোৰ খাইছে পিংকী বাইদেউৰ : ষড়যন্ত্ৰ কৰিছে নেকি কোনোবাই ?

author img

By

Published : Nov 2, 2021, 5:11 PM IST

সোমবাৰে অনিয়মৰ অভিযোগত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বহুকেইজন বিষয়াক নিলম্বন কৰাৰ লগতে কেইবাজনকো চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছিল । এনে সময়তে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে তিনিচুকীয়াৰ এখন গাঁও পঞ্চায়ত ৷

Controversy around a panchayat tinisukia
বিতৰ্কত নাম সাঙোৰ খাইছে পিংকী বাইদেউৰ : ষড়যন্ত্ৰ কৰিছে নেকি কোনোবাই ?

তিনিচুকীয়া, 2 নৱেম্বৰ : বিতৰ্কৰ আৱৰ্তত তিনিচুকীয়া জিলাৰ ২০ নং বৰহাপজান গাঁও পঞ্চায়ত ৷ এই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈছে গাঁও পঞ্চায়তৰ সভানেত্ৰী পিংকী মৰাণ ৷ উল্লেখযোগ্য যে, যোৱা ইংৰাজী ২৫ মে' তাৰিখে পিংকী মৰাণৰ বিৰুদ্ধে পঞ্চায়তটোৰ উপ-সভাপতি বুলবুল বৰা আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্যই দুৰ্নীতি তথা অনিয়মৰ সন্দৰ্ভত অনাস্থা প্ৰস্তাৱ আনিছিল ।

বিতৰ্কত নাম সাঙোৰ খাইছে পিংকী বাইদেউৰ : ষড়যন্ত্ৰ কৰিছে নেকি কোনোবাই ?

সেই সন্দৰ্ভত ন্যায়ালয়ে বিষয়টো তদন্ত কৰি পিংকী মৰাণৰ পক্ষত ৰায় প্ৰদান কৰি পিংকী মৰাণৰ সভানেত্ৰী আসনখন বাহাল ৰাখিছিল । মন কৰিব লগীয়া বিষয় যে যোৱা ইংৰাজী ২০ অক্টোবৰ তাৰিখে পুনৰ ২০ নং বৰহাপজান গাঁও পঞ্চায়তৰ উপ-সভাপতি বুলবুল বৰাই ডিগবৈ আৰক্ষী থানাত পিংকী মৰাণৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে ।

এই সন্দৰ্ভত সোমবাৰে ডিগবৈ থানাৰ আৰক্ষী এটি দলে পিংকী মৰাণৰ বাস-গৃহত উপস্থিত হৈ পিংকী মৰাণক থানাত হাজিৰ হ’বলৈ এখন জাননী প্ৰদান কৰে ৷

এতিয়া কোন শুদ্ধ কোন ভুল ইয়াকলৈয়ো সৃষ্টি হৈছে বিতৰ্কৰ ৷ ন্যায়ালয়ে এই সমগ্ৰ দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত পিংকী মৰাণৰ পক্ষত ৰায় দিয়াৰ পাছতো কেনেকৈ আইনী মেৰপেছত পুনৰ মৰাণৰ নাম সাঙোৰ খাইছে তাকেলৈয়ো একাংশ স্থানীয় ৰাইজ আৰু ২০ নং বৰহাপজান গাঁও পঞ্চায়তৰ ৬ নং ৱাৰ্ড সদস্যা জোনমণি মৰাণে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : থাওৰাত বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোঁহাইৰ বৃহৎ জয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.