ETV Bharat / state

Loksabha election 2024: বিজেপিক ভেটিবলৈ ’বাগানে বাগানে কংগ্ৰেছ’

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 8:09 AM IST

Loksabha election 2024
বিজেপিক ভেটিবলৈ অব্যাহত আছে কংগ্ৰেছৰ " বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচী

সমাগত লোকসভা নিৰ্বাচন 2024 । বিজেপিক ভেটিবলৈ এইবাৰ 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ এসময়ৰ কংগ্ৰেছৰ দূৰ্গ স্বৰূপ ডিগবৈত কংগ্ৰেছে মঙলবাৰে অনুষ্ঠিত কৰে এই অনুষ্ঠানৰ ৷

বিজেপিক ভেটিবলৈ অব্যাহত আছে কংগ্ৰেছৰ " বাগানে বাগানে কংগ্ৰেছ" কাৰ্যসূচী

তিনিচুকীয়া, 30 আগষ্ট: লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তে সমগ্ৰ দেশৰ লগতে ৰাজ্যতো শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ তিনিচুকীয়া জিলাৰ এসময়ৰ কংগ্ৰেছৰ দূৰ্গ হিচাপে পৰিচিত ডিগবৈত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত চলে প্ৰচাৰ অভিযান ৷ 'বাগানে বাগানে কংগ্ৰেছ' শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় বাগানখনত ৷

উক্ত কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । প্ৰচাৰাভিযানৰ সময়ত বিজেপি দলক কটাক্ষ কৰি বৰাই কয়, পৰিৱৰ্তন বিচৰাৰ কাৰণে ৰাইজে দলৰ পৰিৱৰ্তন কৰিলে, কিন্তু ৰাইজৰ কি পৰিৱৰ্তন হৈছে সেয়া লক্ষণীয় বুলি উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ৷ তিনিচুকীয়া জিলাৰ ডুমডুমা, মাৰ্ঘেৰিটাৰ পাছতে 29 আগষ্টৰ দিনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ডিগবৈৰ বগাপানী চাহ বাগিছাত উপস্থিত হৈ বাগানৰ শ্ৰমিকসকলৰ শোষণ-নিপীড়ণৰ আজিও অন্ত নাই পৰা বুলি উল্লেখ কৰে ৷

তদুপৰি, বিজেপিৰ শাসনকালত প্ৰতিদিনে বৃদ্ধি হৈ অহা অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰসংগ উত্থাপন কৰি হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই লগতে কয়, "মোক আজি দিয়া গামোছা খনেৰে চাহ শ্ৰমিক এগৰাকীৰ চকুপানী মচি দিছোঁ ।"

'বাগানে বাগানে কংগ্ৰেছ' কাৰ্যসূচীৰ জৰিয়তে বগাপানী চাহ বাগিচা পৰিদৰ্শন কৰে কংগ্ৰেছৰ নেতৃত্বই । ডিগবৈত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ লগতে উপস্থিত থাকে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াসহ প্ৰদেশ আৰু জিলাৰ নেতৃবৃন্দ উপস্থিত থাকে । সভাপতি ভূপেন বৰাৰ লগত পৱন সিং ঘাটোৱাৰ, এটুৱা মুণ্ডা, তিতাবৰ বিধায়ক ভাস্কৰ বৰুৱা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও সংগ দিয়ে ।

লগতে পঢ়ক: Chancellor of Nagaland University: ড৹ সমুদ্ৰ গুপ্ত কাশ্যপ নাগালেণ্ড বিশ্ববিদ্যালয়ৰ নতুন আচাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.