মন্ত্ৰী সঞ্জয় কিষাণৰ পাছত তিনিচুকীয়া পৌৰসভাৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্ৰেছ

author img

By

Published : Sep 9, 2022, 10:51 PM IST

তিনিচুকীয়া পৌৰসভাৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্ৰেছ

তিনিচুকীয়াৰ পৌৰপতি আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ মাজত অব্যাহত থকা সংঘাতৰ অন্ত পৰা বুলি বৃহস্পতিবাৰে জানিবলৈ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ তথাপিও পৌৰসভাখনৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈয়েই আছে (Conflict in Tinsukia Municipal Board)৷

তিনিচুকীয়া, 9 ছেপ্টেম্বৰ: তিনিচুকীয়া পৌৰসভাত যোৱা কিছুদিনৰ পৰা চলি থকা সংঘাতৰ(Conflict in Tinsukia Municipal Board) সন্দৰ্ভত তিনিচুকীয়া ব্লক কংগ্ৰেছ কমিটিয়ে(Tinsukia block Congress Committee) শুকুৰবাৰে সংবাদমেল সম্বোধন কৰে ।

উল্লেখযোগ্য যে, বৃহস্পতিবাৰে তিনিচুকীয়াত বিজেপি চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ প্ৰশিক্ষণ আৰু কাৰ্যনিৰ্বাহক সভাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP state president Bhabesh Kalita) উপস্থিত হৈ তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি আৰু মন্ত্ৰী সঞ্জয় কিষাণৰ মাজত হৈ থকা সংঘাত অন্ত হোৱা বুলি মন্তব্য কৰি দুয়োজনকে হাত মিলাই দিয়া বুলি জানিবলৈ দিছিল ।

ইয়াৰ পাছতে শুকুৰবাৰে তিনিচুকীয়া ব্লক কংগ্ৰেছ কমিটিয়ে এখন সংবাদমেল সম্বোধন কৰি বিজেপি দলৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰে ।

তিনিচুকীয়া পৌৰসভাৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্ৰেছ

সংবাদমেলৰ জৰিয়তে চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে(Ex MLA Raju Sahu) কয় যে কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ বুলি কৈ তিনিচুকীয়াত পৌৰসভা(Tinsukia Municipal Board) গঠন কৰিছিল বিজেপি দলে । কিন্তু শাসনলৈ অহাৰ পিছত যিমান উন্নয়ণ কৰিব লাগিছিল সেয়া কৰা নাই । আনহাতে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে সমষ্টিত বিভিন্ন সমস্যা সমাধান কৰাৰ বিপৰীতে কেৱল পৌৰসভাত কিয় সোমাই থাকে বুলি প্ৰশ্ন কৰে প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে ।

অলপ বৰষুণ হ'লেই তিনিচুকীয়া চহৰ পানীৰে উপচি পৰে বুলি মন্তব্য কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, তিনিচুকীয়া চহৰত আজিলৈকে কোনো সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰা নহ’ল । ইপিনে তিনিচুকীয়া পৌৰসভাই জাৱৰ পেলোৱাৰ বাবদ ৮০ টকাকৈ কৰ তোলাৰ কথাও প্ৰকাশ কৰে (Tax in Tinsukia municipal board)। আনহাতে প্ৰতিখন ঘৰৰ পৰাও কৰ সংগ্ৰহৰ প্ৰসংগত প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে, ‘‘ঘৰখনত যদি কোনোৱে চাকৰি অথবা ব্যৱসায় নকৰে তেন্তে তেওঁলোকে কেনেকৈ কৰ দিব?’’।

তিনিচুকীয়া চহৰ জাৱৰেৰে ভৰি পৰা পাছত এক দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হয় । লগতে নলা-নৰ্দমা পৰিস্কাৰ নকৰাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে । উক্ত সমস্যাসমূহ সমাধান কৰিবলৈ দাবী জনায় সংবাদমেলখনৰ জৰিয়তে । অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে ৰাজু চাহুৱে ।

সংবাদমেলত উপস্থিত থাকে চাবুৱা সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাজু চাহু, তিনিচুকীয়া ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি অৰূপ দাস, সম্পাদক কেশৱ সাহা, মহিলা কংগ্ৰেছ কমিটিৰ সভানেত্ৰী সুবা দহোটীয়া, তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছ কমিটিৰ সভাপতি ডেভিদ ফুকন, সম্পাদক অম্লানজ্যোতি পৰাশৰ আৰু তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ বিষয়-ববীয়াসকল ।

লগতে পঢ়ক: পৰিবহণ নিগমত ইলেকট্রিক বাছ ক্ৰয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ আপৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.