ETV Bharat / state

তিনিচুকীয়াত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Feb 21, 2021, 5:41 PM IST

তিনিচুকীয়াত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ
তিনিচুকীয়াত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

তিনিচুকীয়া জিলাৰ গোপীনাথ বৰদলৈ নগৰত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । কেন্দ্ৰটোৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কচুজান খেলপথাৰত নিৰ্মাণ হ'বলগীয়া পেভিলিয়নৰ আধাৰশিলা স্থাপন কৰে । লগতে নগৰ উন্নয়ন বিভাগৰ অধীনত তিনিচুকীয়া ট্ৰাক আস্থান এটাৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

তিনিচুকীয়া,২১ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ গোপীনাথ বৰদলৈ নগৰত উন্মোচন কৰা হয় তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণ সাংস্কৃতিক কেন্দ্ৰ । অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে মুকলি কৰে সাংস্কৃতিক কেন্দ্ৰটো । উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী লগতে মন্ত্ৰী সঞ্জয় কিষান, ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাসহ কেইবাগৰাকী বিজেপি দলৰ শীৰ্ষ নেতা উপস্থিত থাকে । উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক সভাৰো আয়োজন কৰা হয় ।

তিনিচুকীয়াত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ

গায়ন-বায়নে বৰ্ণাঢ্য কাৰ্যসূচীৰ জৰিয়তে আদৰি অনাৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃক্ষৰোপণেৰে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে । অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা ৰাজ্যত বিভিন্ন ধৰণৰ উন্নয়ন সম্ভৱ হৈছে । লগতে ৰাইজে সহাঁৰি দিলে আগন্তুক দিনটো ৰাজ্যত আৰু অধিক উন্নয়নমূলক কাম কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইফালে তেওঁ আশা কৰা মতে সাংস্কৃতিক কেন্দ্ৰটোৱে তিনিচুকীয়া জিলাৰ সাংস্কৃতিক দিশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ।

সাংস্কৃতিক কেন্দ্ৰটোৰ উপৰিও মুখ্যমন্ত্ৰীগৰাকীয়ে কচুজান খেলপথাৰত নিৰ্মাণ হ'বলগীয়া পেভিলিয়নৰ আধাৰশিলা স্থাপন কৰে । লগতে নগৰ উন্নয়ন বিভাগৰ অধীনত তিনিচুকীয়া ট্ৰাক আস্থান এটাৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।


লগতে পঢ়ক:মিৰ্জাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড : ৰাজপথৰ পৰা অপহৰণ কৰি নিলে ব্যৱসায়ীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.