ETV Bharat / state

খেতিয়কৰ প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহৰ অভিযোগ

author img

By

Published : Mar 3, 2020, 5:19 AM IST

Updated : Mar 3, 2020, 7:40 AM IST

কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ অধীনত কৃষি ঋণ লাভৰ বাবে কৃষকৰ প্ৰয়োজনীয় প্ৰমান পত্ৰ প্ৰদানৰ নামত মুকলি ধন সংগ্ৰহৰ অভিযোগ স্থানীয় গ্ৰামসেৱক প্ৰদীপ গগৈৰ বিৰুদ্ধে ৷ কেমেৰাত বন্দী ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ৷

bribe taken for providing farmer certificate
খেতিয়কৰ প্ৰমান পত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ

ডুমডুমা,2 মাৰ্চঃ ফিল'বাৰীত খেতিয়কৰ প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহ কৰিছে গ্ৰামসেৱকে ৷ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান মন্ত্ৰী কিষাণ সন্মান আঁচনিৰ অধীনত কৃষি ঋণ লাভৰ বাবে কৃষকৰ প্ৰয়োজনীয় প্ৰমাণ পত্ৰ প্ৰদানৰ নামত মুকলিকৈ ধন সংগ্ৰহৰ অভিযোগ স্থানীয় গ্ৰামসেৱক প্ৰদীপ গগৈৰ বিৰুদ্ধে ৷ কেমেৰাত বন্দী ধন সংগ্ৰহৰ সমগ্ৰ দৃশ্য ৷ গ্ৰামাঞ্চলৰ সাধাৰণ খেতিয়কক কৃষি ঋণ প্ৰদানৰ নামত কৃষক প্ৰমাণ পত্ৰ প্ৰদানৰ বিনিময়ত প্ৰতিজন খেতিয়কৰ পৰা সংগ্ৰহ কৰিছে ২০০ টকাকৈ ।

খেতিয়কৰ প্ৰমান পত্ৰ প্ৰদানৰ নামত ধন সংগ্ৰহ

আনহাতে, সাংবাদিকে ধন সংগ্ৰহৰ বিষয়টোক লৈ প্ৰশ্ন কৰাত যাতায়তৰ খৰচৰ বাবেহে এই ধন লোৱা বুলি মন্তব্য কৰে গ্ৰামসেৱক প্ৰদীপ গগৈয়ে ৷ চৰকাৰী আঁচনি ৰূপায়ণৰ নামত এনেদৰে মুকলিকৈ ধন সংগ্ৰহ কৰা বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চুতীয়া ছাত্ৰ সন্থাই । ধন সংগ্ৰহৰ এই সমগ্ৰ বিষয়টোৰ ওপৰত উচিত তদন্তৰ দাবী কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক-ভাৰতবৰ্ষক অৰ্থনৈতিকভাৱে সৱল কৰা ডিব্ৰুগড় চহৰ

Last Updated : Mar 3, 2020, 7:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.