ETV Bharat / state

ডিগবৈত বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন

author img

By

Published : Jan 4, 2021, 10:00 AM IST

ডিগবৈত বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন
ডিগবৈত বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন

দ্বীৱন বৰুৱাৰ সভাপতিত্বত ৫১ জনীয়া বীৰ লাচিত সেনা ডিগবৈ আঞ্চলিক সমিতি গঠন কৰা হয় । তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিপুল শৰ্মা, যুটীয়া সম্পাদক ভৃগু বুঢ়াগোহাঁই, মুখ্য সচিব হেমন্ত বড়াকে আদি কৰি কেইবাজনো জিলা‌ সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত এই আঞ্চলিক সমিতিৰ গঠন হয় ।

তিনিচুকীয়া, ৪ জানুৱাৰী: ডিগবৈ ১নং বৰবিল প্ৰাথমিক বিদ্যালয়ত দেওবাৰে বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন কৰা হয় । দ্বীৱন বৰুৱাৰ সভাপতিত্বত ৫১ জনীয়া এখন আঞ্চলিক সমিতি গঠন কৰা হয় । তিনিচুকীয়া জিলা সমিতিৰ সভাপতি বিপুল শৰ্মা, যুটীয়া সম্পাদক ভৃগু বুঢ়াগোহাঁই, মুখ্য সচিব হেমন্ত বড়াকে আদি কৰি কেইবাজনো জিলা‌ সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত এই আঞ্চলিক সমিতিৰ গঠন হয় ।

ডিগবৈত বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন
ডিগবৈত বীৰ লাচিত সেনা আঞ্চলিক সমিতি গঠন

দেওবাৰে গঠন হোৱা ৫১ জনীয়া নৱগঠিত ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতিৰ দ্বায়িত্ব অৰ্পণ কৰা হয় পুলিন হাজাৰিকাক, উপ সভাপতি দ্বীৱন বৰুৱা, সাধাৰণ সম্পাদক জয়ন্ত কলিতা আৰু মুখ্য সাংগঠনিক সম্পাদক জিৎপল গগৈক । অনাগত দিনত ৰাজ্যখনৰ শান্তি-শৃংখলা সন্দৰ্ভত নতুনকৈ গঠন হোৱা ডিগবৈ আঞ্চলিক সমিতিয়ে পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ স্বাৰ্থত মাত মাতি যাব বুলি উক্ত সভাত জনায় ।

উল্লেখযোগ্য যে, বিভিন্ন সময়ত ৰাজ্যৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি দিশসমূহৰ ওপৰত মাত মাতি অহাৰ লগতে অসমৰ "কা" বিৰোধী আন্দোলনত অসমৰ বিভিন্ন দল সংগঠনৰ লগতে বীৰ লাচিত সেনাইও বীৰদৰ্পে প্ৰতিবাদ কৰি আহিছে ।

লগতে পঢ়ক:বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসক AJYCP ৰ সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.