ETV Bharat / state

Man-Elephant Love Story: নাচিব জনা, লোকগীত বুজি পোৱা এটা পাঁচবছৰীয়া হাতী পোৱালী

author img

By

Published : Aug 19, 2023, 9:03 PM IST

গৰাকীয়ে যি কয় তাকে শুনে আৰু কৰে ৷ যেন মানুহ দৰে ব্যৱহাৰ লম্বুৰ ৷ পাঁচবছৰীয়া লম্বু নামৰ মৰমলগা হাতী পোৱালিয়ে সকলোৰে দৃষ্টি কাঢ়িছে ৷ লম্বুৱে নাচিব জানে, বুজি পায় লোকগীত, দিব জানে BYE BYE ৷

Man Elephant Love Story
নাচিব জনা লোকগীত বুজি পোৱা এটা পাঁচবছৰীয়া হাতী পোৱালী

নাচিব জনা লোকগীত বুজি পোৱা এটা পাঁচবছৰীয়া হাতী পোৱালী

তিনিচুকীয়া, ১৯ আগষ্ট: বিগত কিছুদিনৰ পৰা সামাজিক মাধ্যমত বিয়পি পৰিছে তিনিচুকীয়াৰ এটা মৰমলগা হাতী পোৱালি ৷ নাম তাৰ লম্বু । তাৰ বয়স হৈছে এতিয়া পাঁচবছৰ ৷ কিন্তু পাঁচ বছৰ বয়সতে সি পৰিচয় দিছে নিজৰ বুদ্ধিমত্তাৰ । মানুহৰ দৰেই বুজি পায় সকলো কথা, বুজি পায় গৰাকীৰ মনৰ ভাৱ ৷ মাত্ৰ প্ৰকাশ ভংগী পৃথক, তথাপিও লম্বু হৈ পৰিছে পৰিয়ালটোৰ এটা সদস্য ৷

আলহী আহিলে বহিবলৈ ঠিক গৃহস্থৰ দৰে আগুৱাই দিয়ে চকী, আগবঢ়াই দিয়ে পিয়াহৰ পানী এটুপী ৷ মৰম লগা লম্বু এতিয়া সকলোৰে আপোন ৷ লম্বুক এইদৰে সৰ্বগুণাকৰ কৰি তোলাত ব্যস্ত হৈ পৰিছে ৬৭ বছৰীয়া ইউছুফ আলী ফান্দী নামৰ ব্যক্তিজন ৷

সুখৰ সংসাৰ এৰি বিগত কেইবামাহো লম্বুৰ লগত দিন কটাইছে ইউছুফ আলী ফান্দীয়ে ৷ তেওঁ হাতীৰ লগত থাকি ভাল পায়, খেলি ভাল পায় ৷ যেন ককা-নাতিনীয়েকৰ দৰে সম্পৰ্ক গঢ় লৈ উঠিছে দুয়োৰে মাজত ৷ ইউছুফে মৰমৰ এনাজৰীৰে বান্ধি ৰাখিছে লম্বু নামৰ হাতী পোৱালিটোক ৷ যদি ইউছুফে এটা গান গায় তেন্তে গানৰ সুৰত নাচি উঠে লম্বুৱে ৷

মুঠতে লম্বু-ইউছুফৰ প্ৰেমৰ এনাজৰীৰ কথা কৈ থাকিলে যেন ওৰকে নপৰিব ৷ মাত্ৰ ডেৰ মাহতে সকলো আয়ত্ব কৰিলে লম্বুৱে ৷ এতিয়া মৰম লগা লম্বুক দেখি বাটৰুৱাসকল ৰৈ যোৱাৰ লগতে আহি ওচৰৰ পৰা এবাৰ চুই যায় আৰু দি যায় মৰমৰ এচুমা ৷ আনহাতে প্ৰতিদিনে দুই হাজাৰ টকাৰ কলগছ খোৱাৰ লগতে বুট, গুৰ, ধান ইত্যাদি লম্বুৰ দৈনিক আহাৰ ৷ মুঠতে মাহত ৫০-৬০ হাজাৰ টকা খৰচ হয় হাতী পোৱালিটোৰ লগত ৷ এতিয়া লম্বুৰ বাবে সকলো খৰচ বহন কৰি আছে ইমৰাণ চিদ্দিকে যি লম্বুৰ পালনৰ দায়িত্ব লৈছিল ৷

লগতে পঢ়ক:Ambassador stand in Tinsukia : ৰাজপথৰ ৰজাৰ পিঠিত তিনিচুকীয়াবাসীৰ চফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.