ETV Bharat / state

#savedehingpatkai: তিনিচুকীয়াত আছুৰ মানৱ শৃংখল কাৰ্যসূচী

author img

By

Published : May 22, 2020, 5:39 PM IST

তিনিচুকীয়াত আছুৰ প্ৰতিবাদ
তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

দিহিং পাটকাই বৰ্ষাৰণ্যত হোৱা মুক্ত খননৰ বিৰুদ্ধে তিনিচুকীয়াৰ কাকপথাৰ আৰু ডুমডুমাত আছুৰ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ ৷ সামাজিক ব্যৱধান বৰ্তাই ৰাখি জৈৱ বৈচিত্ৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত সলনি কৰিবলৈ দাবী জনায় আছুৱে ৷

তিনিচুকীয়া, 22 মে’: দিহিং পাটকাই বৰ্ষাৰণ্যত হোৱা মুক্ত খননৰ বিৰুদ্ধে তিনিচুকীয়াৰ কাকপথাৰত আছুৰ মানৱ শৃংখল কাৰ্যসূচী ৷ উত্তৰ পূৰ্বাঞ্চলৰ আমাজন স্বৰূপ দিহিং পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা মুক্ত কয়লা খনন, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ 7টাকৈ স্থানত অইল ইণ্ডিয়াৰ খনন আৰু হাইড্ৰকাৰ্বনৰ পৰীক্ষা চলোৱাৰ বাবে কেন্দ্ৰই অনুমতি প্ৰদান কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে শুকুৰবাৰে সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই লক ডাউনৰ নীতি-নিৰ্দেশনা পালন কৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

সময় থাকোতেই অসম চৰকাৰ তথা ভাৰত চৰকাৰে দিহিং পাটকাইৰ ওপৰত অবৈধ কয়লা খনন আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত তেলৰ খনন চলোৱাৰ বন্ধ কৰাৰ দাবী তোলে সংগঠনটোৱে । জৈৱ বৈচিত্ৰৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক কেতিয়াও মানি নোলোৱা আৰু সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত মানৱ শৃংখল কাৰ্যসূচী ধাৰাবাহিক ভাৱে চলাই নিয়াৰ কথা স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৷

তিনিচুকীয়াত আছুৰ প্ৰতিবাদ

আনহাতে, তিনিচুকীয়াৰ ডুমডুমাতো চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সাব্যস্ত কৰে মানৱ শৃংখল কাৰ্যসূচী । ডুমডুমা আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্যসকলে হাতে হাতে প্লে-কাৰ্ড লৈ ডুমডুমা নগৰৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি বনাঞ্চল ধ্বংসৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায় চৰকাৰক ৷

লগতে পঢ়ক: দিহিং পাটকাইত 250 বছৰৰ পৰা চলি আহিছে কয়লা খননঃ পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.