ETV Bharat / state

Keshab Mahanta: ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উপলক্ষ্যে ৩৬গৰাকী চিকিৎসকক স্বাস্থ্যমন্ত্ৰীৰ সম্বৰ্ধনা

author img

By

Published : Jul 1, 2023, 8:45 PM IST

Keshab Mahanta
Keshab Mahanta

দক্ষিণ শালমৰা-মানকাচৰ জিলাবাসীক এখন পূৰ্ণাংগ চিকিৎসালয় উপহাৰ দিলে স্বাস্থ্য বিভাগে ৷ ১০০খন বিচনাযুক্ত এই চিকিৎসালয়খনৰ উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ ২২কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে চিকিৎসালয়খন ৷

হাটশিঙিমাৰী, ১ জুলাই: ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ দিনাই শনিবাৰে বাংলাদেশ সীমান্তৱৰ্তী অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত দক্ষিণ শালমৰা-মানকাচৰ জিলাবাসীয়ে লাভ কৰিলে এখন পূৰ্ণাংগ জিলা চিকিৎসালয় ৷ জিলা সদৰ হাটশিঙিমাৰীত নৱনিৰ্মিত দক্ষিণ শালমাৰা-মানকাচৰ জিলা চিকিৎসালয় শনিবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী তথা জিলাখনৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ৷

  • In line with Hon'ble CM @himantabiswa dangoriya's resolve to strengthen health care at the district level, inaugurated a 100 bedded District Hospital today at Hatsingimari and dedicated it to the people of South Salmara-Mankachar district. pic.twitter.com/5LaJb7so7K

    — Keshab Mahanta (@keshab_mahanta) July 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

নতুন জিলা চিকিৎসালয়খনত অস্ত্ৰোপচাৰ, চিজাৰিয়ান পদ্ধতিৰে সন্তান প্ৰসৱকে ধৰি জিলাস্তৰীয় চিকিৎসালয়ৰ সকলো সা-সুবিধা উপলব্ধ কৰা হৈছে ৷ এই উপলক্ষে চিকিৎসালয় চৌহদতে আয়োজিত উদ্বোধনী সভাত ৰাইজক সম্বোধন কৰি স্বাস্থ্যমন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী মহন্তই কয়, “ আমাৰ চৰকাৰে প্ৰতিখন জিলাতে এখনকৈ হ’লেও সুন্দৰ চিকিৎসালয় বিকশিত কৰিবলৈ লোৱা পৰিকল্পনাই দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আজি বাস্তৱ ৰূপ লাভ কৰিলে ৷”

Keshab Mahanta
২২কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে চিকিৎসালয়খন

হাটশিঙিমাৰীৰ পূৰ্বৰ মহকুমা চিকিৎসালয়ক পূৰ্ণ পৰ্যায়ৰ জিলা চিকিৎসালয়লৈ উন্নীত কৰি প্ৰায় ২২ কোটি টকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হৈছে । ১০০খন বিচনাযুক্ত এই চিকিৎসালয়ত বহিঃ আৰু আন্তঃৰোগী সেৱা বিভাগ, প্ৰসৱকক্ষ, বিশেষ নৱজাতক যতন কক্ষ, অস্ত্ৰোপচাৰ কক্ষ, আদিৰ লগতে অত্যাধুনিক এক্সৰে মেচিন, আল্ট্ৰাছাউণ্ড আদি সা-সুবিধা উপলব্ধ কৰা হৈছে । তদুপৰি চিকিৎসক-নাৰ্ছৰ আৱাসগৃহৰো ব্যৱস্থা আছে এই নতুন চিকিৎসালয়ত ।

Keshab Mahanta
১০০খন বিচনাযুক্ত চিকিৎসালয় উদ্বোধন স্বাস্থ্যমন্ত্ৰীৰ

ইফালে, জিলা চিকিৎসালয় চৌহদতে থকা পুৰণি মহকুমা চিকিৎসালয়ৰ এটা গৃহত মৰণোত্তৰ পৰীক্ষাগৃহ মুকলি কৰাৰ বিষয়েও চিন্তা কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে । এই বিষয়ত গৃহ বিভাগৰ প্ৰয়োজনীয় অনুমতিৰ বাবে শীঘ্ৰে যোগাযোগ কৰিবলৈ তেওঁ জিলা প্ৰশাসন আৰু জিলা আৰক্ষী বিভাগক দায়িত্ব দিয়ে । ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ বিশেষ দিনটোতে দক্ষিণ শালমাৰা মানকাছৰত কৰ্মৰত ৩৫ গৰাকী চিকিৎসকৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ৰাজ্যিক কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰীকো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷

চিকিৎসালয়খনত শনিবাৰৰে পৰা কাৰ্যক্ষম হোৱাকৈ এটা ডায়েলাইছিছ সেৱা কেন্দ্ৰও মন্ত্ৰী মহন্তই উদ্বোধন কৰে ৷ লগতে, দক্ষিণ শালমাৰা মানকাচৰৰ অভিভাৱক মন্ত্ৰী হিচাপে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জিলা সদৰ হাটশিঙিমাৰীস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকলৰ সৈতে আজি এখন পৰ্যালোচনা বৈঠকত মিলিত হয় ৷

লগতে পঢ়ক: CM on Dighalipukhuri: দীঘলীপুখুৰীক গুজৰাটৰ প্ৰতিষ্ঠানক গতোৱাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.