ETV Bharat / state

বন্যহস্তীৰ উপদ্ৰৱত তহিলং খেতিপথাৰ, বিনিদ্ৰ ৰজনী কটাইছে গঞাই

author img

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 11:44 AM IST

শোণিতপুৰৰ ভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ ৷ হাতীৰ জাকলৈ চলোৱা চেৰা গুলীৰ আঘাতত বনৰীয়া হাতী আহত ৷

Wild elephant menace in Sonitpur
বন্যহস্তীৰ উপদ্ৰৱত তহিলং খেতিপথাৰ

বন্যহস্তীৰ উপদ্ৰৱত তহিলং খেতিপথাৰ

তেজপুৰ, ১৭ নৱেম্বৰ: শোণিতপুৰ জিলাৰ ক্ৰমাৎ বৃদ্ধি হৈছে বনৰীয়া হস্তীৰ ত্ৰাস ৷ বছৰটোৰ বিভিন্ন সময়ত বনৰীয়া হাতীৰ বিচৰণ চলিলেও শীতৰ সময়ত বিশেষকৈ পথাৰৰ ধান পকিবলৈ লোৱাৰ সময়ত জাকে জাকে হাতীৰ আগমন ঘটে পথাৰলৈ জিলাখনৰ ভিন্ন প্ৰান্তৰ খেতিপথাৰলৈ ৷ এই সময়ছোৱাত তেজপুৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আৰিমৰা চাপৰিলৈকে সোণাই ৰূপাই, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু বালিপৰা সংৰক্ষিত বনাঞ্চলৰ পৰা হাতীৰ বৃহৎ জাক এলাই আহে ৷ কিন্তু সম্প্ৰতি বনাঞ্চল সংকুচিত হোৱাৰ লগতে হাতীৰ বিচৰণ পথটো অসংখ্য বাধা হোৱাৰ হোৱাৰ ফলত হাতী মানুহৰ সংঘাতৰ মাত্ৰাও বৃদ্ধি পাইছে ৷

জিলাখনৰ চাহ বাগিচাসমূহৰ অধিকাংশই হাতীৰ আশ্ৰয়স্থলৰ দৰে হৈ পৰিছে ৷ এনে অৱস্থাত পথাৰত ধান পকিবলৈ লোৱাৰ সময়ত বৰ্তমান জাকে জাকে বনৰীয়া হাতী নামি পৰিছে ধাননি পথাৰত ৷ পৰিণতিত কৃষক ৰাইজৰ অৱস্থাও শোচনীয় হৈ পৰিছে ৷ সম্প্ৰতি বালিপৰা সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰতিনিশা প্ৰৱেশ কৰে হাতীৰ বৃহৎ জাকে ৷ ইফালে চাৰিদুৱাৰৰ ধাননি পথাৰত ধান খাই তহিলং কৰিছে বনৰীয়া হাতীৰ জাকে ৷

ইয়াৰে একাংশ হাতীয়ে খাদ্যৰ সন্ধানত গাঁৱতো প্ৰৱেশ কৰিছে ৷ ফলত খেতিডৰা ৰক্ষা কৰিবলৈ কৃষকসকলে নিশা পহৰা দিবলগীয়া হৈছে ৷ চাৰিদুৱাৰত নিশাৰ পৰা পুৱালৈকে স্থানীয় ৰাইজে পথাৰত বনৰীয়া হাতী খেদাত ব্যস্ত হ’বলগীয়া হৈছে ৷ এই সন্দৰ্ভত বন বিভাগক জনোৱা হৈছিল যদিও এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে ৷ এনে পৰিস্থিতিয়ে মানুহৰ সমান্তৰালকৈ বনৰীয়া হাতীৰ বাবে বিপদ মাতি আনিছে ৷

প্ৰণিধানযোগ্য যে মাত্ৰ তিনিমাহৰ ভিতৰত জিলাখনত চাৰিটা বনীয়া হাতীৰ মৃত্যু হোৱাৰ লগতে পাঁচজন মানুহ হাতীৰ আক্ৰমণত নিহত হৈছে ৷ ইফালে, অস্বাভাৱিকভাৱে মৃত্যু হোৱা হাতীৰ ভিতৰত ৰঙাপৰাত দঁতালসহ এজনী গাভিনী হাতী আৰু চাৰিদুৱাৰত এটা হাতীৰ মৃত্যু হৈছে ৷ একেদৰেই এই দুই অঞ্চলতে হাতীৰ আক্ৰমণত সৰ্বাধিক লোক নিহত হৈছে ৷

ইপিনে, তেজপুৰৰ নিকটৱৰ্তী আৰিমৰা চাপৰিত যোৱা কিছুদিন ধৰি বনৰীয়া হাতীৰ জাকে আশ্ৰয় লৈ থকাৰ বিপৰীতে কাষৰীয়া বিভিন্ন অঞ্চলৰ কৃষিপথাৰ তহিলং কৰিছে ৷ আনকি হাতিৰ জাকে উপৰি চাপৰিৰ কৃষকৰ বহা ভাঙি লণ্ড-ভণ্ড কৰিছে ৷ এতিয়ালৈকে 50 টাৰো অধিক বনৰীয়া হাতীৰ জাক নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বালিপাৰা, ৰঙাপৰা, বিন্দুকুৰি, মোৱামাৰী হৈ আৰিমৰা চাপৰিত আশ্ৰয় লৈছেহি ৷ ইয়াৰোপৰি গোগাপথাৰ, ভালুকে খোৱা, বৰাকটা পথাৰ আদিৰ লগতে কাষৰীয়া বিভিন্ন কৃষিপথাৰত পকিবলৈ ধৰা ধান ভক্ষণ কৰাৰ লগতে হাতীয়ে বিস্তৰ ক্ষতি সাধন কৰিছে ৷

আনহাতে আৰিমৰা চাপৰিৰ তিনিখৰীয়া বগৰীআটি অঞ্চলৰ নয়ন নাথ নামৰ কৃষকজনৰ বহাটোও হাতীয়ে ভাঙি পেলায় ৷ পোৱালী সহ হাতীৰ বৃহৎ জাকটোৰ পৰা কেইবাটাও হাতীয়ে পৃথকে বিচৰণ কৰিছে ৷ ইয়াৰে এটা হাতী মৈ ডিপোটা অঞ্চলত দীৰ্ঘসময় ধৰি দেখিবলৈ পোৱা গৈছিল ৷

আনহাতে চাপৰিত এতিয়া ৰবি শস্যৰ বতৰ, সেয়ে স্থানীয় কৃষকসকলেও বিভিন্ন ৰবি শস্যৰ খেতি আৰম্ভ কৰিছে ৷ এতিয়া হাতীৰ জাকে এনে কৃষিতলিৰো অৱস্থা শোচনীয় কৰি তুলিছে ৷ বৃহস্পতিবাৰে নিশা বনকৰ্মীয়ে আৰিমৰা চাপৰিৰ পৰা বনৰীয়া হাতীৰ এটা বৃহৎ জাক উলিয়াই আনে ৷ বনকৰ্মীয়ে আৰক্ষীৰ লগতে গঞা ৰাইজৰ সহায়ত ন-আলি মূৰৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হস্তী কৰিডৰ অতিক্ৰম কৰি মোৱামাৰি হৈ ৰঙাপৰাৰ দিশে হাতীৰ জাকটো উভতাই পঠিয়াবলৈ সক্ষম হয় ৷ ইফালে হাতীৰ জাকলৈ চলোৱা চেৰা গুলীৰ আঘাতত বনৰীয়া হাতী আহত হৈছে ৷

লগতে পঢ়ক: বাক্সাত হাতীৰ গচকত নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.