ETV Bharat / state

দুৰ্বৃত্তই লুটি নিলে বনকৰ্মীৰ ৰাইফল

author img

By

Published : Sep 24, 2020, 10:26 PM IST

wicked robber rifle from forest worker
দুৰ্বৃত্তই লুটি নিলে বনকৰ্মীৰ ৰাইফল

ঘটনাৰ সত্যতা স্বীকাৰ কৰি শোণিতপুৰ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰধিকাৰী পংকজ শৰ্মাই অধিক তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে ৷ আনহাতে এই ঘটনা সন্দৰ্ভত সোনাই-ৰূপাই অভয়াৰণ্য বনাঞ্চল বিষয়া গৰাকীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে ।

তেজপুৰ, ২৪ছেপ্টেম্বৰ: শোণিতপুৰৰ সোনাই ৰূপাই অভয়াৰণ্যৰ অসম অৰুণাচল সীমান্তৱৰ্তী ২৪ কিল'মিটাৰ নামৰ বনশিবিৰটোৰ পৰা বনকৰ্মীৰ দুটা থ্ৰি নট থ্ৰি ৰাইফল বুধবাৰে অচিনাক্ত দুস্কৃতিকাৰীয়ে লৈ যোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

বন শিবিৰটোত এগৰাকী অসম বন সুৰক্ষা বাহিনীৰ জোৱানৰ লগতে এগৰাকী গৃহৰক্ষী বাহিনীৰ জোৱানৰ দুটাকৈ অস্ত্ৰ চুৰি হয় বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে ৷ বন শিবিৰটোত থকা বিশ্বজিত ৰয় আৰু প্ৰমোদ নাথ নামৰ সুৰক্ষা কৰ্মী দুগৰাকীৰ ৰাইফল দুটা আচলতে কেনে পৰিস্থিতিত দুৰ্বৃত্তই নিবলৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

wicked robber rifle from forest worker
দুৰ্বৃত্তই লুটি নিলে বনকৰ্মীৰ ৰাইফল

ঘটনাৰ সত্যতা স্বীকাৰ কৰি শোণিতপুৰ বন্যপ্ৰাণী সংমণ্ডলৰ প্ৰধিকাৰী পংকজ শৰ্মাই অধিক তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে ৷ আনহাতে এই ঘটনা সন্দৰ্ভত সোনাই-ৰূপাই অভয়াৰণ্যখনৰ বনাঞ্চল বিষয়া গৰাকীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে । উল্লেখযোগ্য যে, বন বিষয়াগৰাকী কৰ’নাত আক্ৰান্ত হৈ চৰকাৰী নিবাসত কোৱাৰেন্টাইনত আছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.