ETV Bharat / state

তেজপুৰত আলফাৰ লিংকমেন গ্ৰেপ্তাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 9:52 PM IST

অসমত পুনৰ সক্ৰিয় ৰূপ ধাৰণ কৰিছে আলফাই ৷ বিভিন্ন ঠাইৰ পৰা গ্ৰেপ্তাৰ হৈছে আলফাৰ লিংকমেন ৷

ulfa linkman arrested in tezpur
লিংকমেন গ্ৰেপ্তাৰ

তেজপুৰ, ২০ ডিচেম্বৰ : মঙলবাৰে নিশা তেজপুৰ চহৰৰ নিকটৱৰ্তী তেলেৰীয়াত শোণিতপুৰ আৰক্ষীয়ে এক বিশেষ সূত্ৰৰ পম খেদি দুজন আলফা স্বাধীনৰ লিংকমেন গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জনোৱা মতে, তেজপুৰত দুজন আলফাৰ লিংকমেনে বিশেষ কাৰ্যকলাপত জড়িত হোৱাৰ খবৰ লাভ কৰি অভিযান আৰম্ভ কৰে তেওঁলোকে ৷

জানিব পৰা মতে, তেলেৰীয়াৰ বিতু বৰা আৰু ববীন বৰাক তেজপুৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে আৰু দুয়োকে ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে ৷ মন কৰিব লগীয়া যে, এই ঘটনাৰ এদিন পূৰ্বে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানে আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাক অসমলৈ আহিবলৈ আহ্বান জনাইছিল ৷ ঠিক তেনেকুৱা সময়তে তেজপুৰত এই দুই আলফাৰ লিংকমেন গ্ৰেপ্তাৰ হোৱা ঘটনাই এক তাৎপৰ্য বহন কৰিছে ।

উজনি অসমৰ বিভিন্ন ঠাইত আলফা স্বাধীনৰ তৎপৰতা বৃদ্ধি হোৱাৰ সময়তে শোণিতপুৰ জিলাত আলফাৰ এই লিংকমেন গ্ৰেপ্তাৰ হোৱা খবৰ এক লক্ষণীয় বিষয় হিচাপে পৰিগণিত হৈছে । অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে তেজপুৰত মন্তব্য কৰিছিল যে, আলফাই আঁতৰত লুকাই থাকি এইদৰে ভাবুকি দি থাকিলে নহ’ব, ইয়াৰ পৰা একো লাভ হোৱা নাই ৷ অসম আৰক্ষীয়ে এই প্ৰত্যাহ্বান ল’বলৈ সাজু আছে বুলিও তেওঁ উল্লেখ কৰে ।

‘ধ্বংসাত্মক কাৰ্যকলাপেৰে ক্ষতি অসমৰ ৰাইজৰহে হ’ব ,আলফাও অসমলৈ ঘূৰি আহক আৰু উন্নয়নৰ কামত জড়িত হওক । বৰ্তমান চৰকাৰৰ দিনত ৰাজ্যত ভাল আৰু উন্নয়নৰ কাম হৈছে, ৰাজ্য আগবাঢ়ি গৈছে’, বুলি তেওঁ মন্তব্য কৰে । পৰেশ বৰুৱাই যি ভাবুকি দিছে সেয়া কৰবাত লুকাই কৈ আছে ইয়াৰ পৰা কি লাভ হ’ব, তাতকৈ অসমলৈ আহক বুলিও তেওঁ আহ্বান জনাইছিল ।

লগতে পঢ়ক : মহানগৰীৰ মালিগাঁৱৰ পৰা সন্দেহজনক আলফা (স্বা)ৰ কেডাৰ গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.