ETV Bharat / state

আলফা স্বাধীনৰ সৈতে আলোচনা: এক জটিল সন্ধিক্ষণ নে সুদিনৰ উদয় !!!

author img

By

Published : Jan 30, 2020, 12:02 AM IST

Updated : Jan 30, 2020, 12:39 PM IST

আলফা স্বাধীনৰ সৈতে আলোচনা: এক জটিল সন্ধিক্ষণ নে সুদিনৰ উদয় !!!
আলফা স্বাধীনৰ সৈতে আলোচনা: এক জটিল সন্ধিক্ষণ নে সুদিনৰ উদয় !!!

বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি ইতিমধ্যে পৰেশ বৰুৱা ই নিজৰ মত ব্যক্ত কৰিছে যে "সৰ্বভৌমত্ব অবিহনে কেন্দ্ৰৰ তথা চৰকাৰ লগত আলোচনা সম্ভৱ নহয় । আলোচনা অকল দিল্লীতে নহয় অসমতো থল আছে অসমৰ ৰাইজক জনাকৈ অসমত আলোচনা কৰিব পাৰি । সচেতন মহলে জানিবলৈ দিয়ে যে আলোচনাৰ মেজলৈ অহাটো জৰুৰী, কিছু এৰা ধৰাৰো প্ৰয়োজন আছে ।

তেজপুৰ,২৯ জানুৱাৰী: 1979 চনৰ 7 এপ্ৰিল তাৰিখে শিৱসাগৰৰ এইতিহাসিক ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰা "সংযুক্ত মুক্তি ফৌজ" পৰৱৰ্তী সময়ত "সংযুক্ত মুক্তি বাহিনী অসম " নামে সশস্ত্ৰ বিদ্ৰোহী সংগঠন হিচাবে স্বীকৃতি লাভ কৰে । সেই সময়ত পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া,প্ৰদীপ গগৈ, বুদ্ধেশ্বৰ গোহাঁই আৰু বুদ্ধেশ্বৰ গগৈ আছিল এই সংগঠন মূল নেতা । উদ্দেশ্য এখন স্বাধীন অসমৰ । সুদীৰ্ঘ 41 বছৰৰ পাছত এতিয়া দিল্লী আৰু অসম চৰকাৰৰ তৰফৰ পৰা আহ্বান জনাইছে এই বিপ্লৱৰ গুৰি ধৰোঁতা পৰেশ বৰুৱাৰ নেতৃত্বত সকলোকে মূলসুঁতি লৈ অৰ্থাৎ আলোচনাৰ মাজলৈ অহাটো ।

সৰ্বভৌমত্বৰ ভিত্তিত ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰত চৰকাৰৰ লগত বিভিন্ন সংগঠনৰ সম্ভৱ হৈছে । কিন্ত ভাৰত চৰকাৰৰ সৈতে এই বিষয়টোত আলোচনা সম্ভৱ বুলি পৰেশ বৰুৱাই মন্তব্য কৰাৰ পিছত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য গৰাকীৰ সৰ্বভৌমত্বৰ প্ৰসংগৰ ক্ষেত্ৰত কি ধৰণৰ স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব । উল্লেখযোগ্য যে অসম চৰকাৰৰ তৰফৰ পৰা এই বিষয়ে আগন্তুক ৰঙালী বিহুৰ উপহাৰ দিয়াৰ কথা ব্যক্ত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইতিপূৰ্বে people's consultative Group ৰ ৰেৱতী ফুকন যোৱা 2018 চনৰ 22 এপ্ৰিলৰ পৰা নিৰুদেশ হৈ আছে গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ নিজ বাসভৱনৰ পৰা । এই (পি চি জি) ৰ নেতৃত্বত আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ তিনি লানি আলোচনা সমাপ্তি হৈছিল আৰু ইয়াৰ প্ৰথম লানি বৈঠক 2005 চনৰ 26 অক্টোবৰ মাহত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিংৰ উপস্থিতিত সম্পন্ন হৈছিল । আনহাতে আলফাৰ আন এটা শিবিৰ অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়াৰ নেতৃত্বত যোৱা 2010 চনৰ পৰা এক শান্তি আলোচনাত বৰ্তি আছে নতুন দিল্লীৰ লগত আৰু আশাবাদী এক শান্তি চুক্তিৰ স্বাক্ষৰিত হ'ব সোনকালে ।

আলফা স্বাধীনৰ সৈতে আলোচনা: এক জটিল সন্ধিক্ষণ নে সুদিনৰ উদয় !!!

এই সমগ্ৰ বিষয় এতিয়া নিৰ্ভৰ কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত, পৰৱৰ্তী সময়ত ই কোনো দিশে গতি কৰে লক্ষণীয় হ'ব ৷

Intro:SPECIAL STORY :
MB:File visuals of ULFA in office number .

তেজপুৰ,২৯ জানুৱাৰী: 1979 চনৰ 7 এপ্ৰিল তাৰিখে শিৱসাগৰৰ এইতিহাসিক ৰংঘৰৰ বাকৰিত জন্ম লাভ কৰিছিল "সংযুক্ত মুক্তি ফৌজ" পৰৱৰ্তী সময়ত "সংযুক্ত মুক্তি বাহিনী অসম ",এক সশস্ত্ৰ বিদ্ৰোহি সংগঠন হিচাবে স্বীকৃতি লাভ কৰে । সেই সময়ত পৰেশ বৰুৱা, অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া,প্রদীপ গগৈ, বুদ্ধেশ্বৰ গোহাঁই আৰু বুদ্ধেশ্বৰ গগৈ আছিল এই সংগঠন মূল নেতা ।উদ্দেশ্য এখন স্বাধীন অসমৰ ।
সুদীৰ্ঘ 41 বছৰৰ পাছত এতিয়া দিল্লী আৰু অসম চৰকাৰৰ তৰফৰ পৰা আহ্বান জনাইছে এই বিপ্লৱৰ গুৰিধৰোঁতা পৰেশ বৰুৱাৰ নেতৃত্বত সকলো মূল সুঁতি লৈ অৰ্থাৎ আলোচনা ৰ মাজলৈ অহাটো ।


Body:বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি ইতিমধ্যে পৰেশ বৰুৱা ই নিজৰ মত ব্যক্ত কৰিছে যে "সৰ্বভৌমত অবিহনে কেন্দ্ৰৰ তথা চৰকাৰ লগত আলোচনা সম্ভৱ নহয় । আলোচনা অকল দিল্লীত তে নহয় অসমতো থল আছে অসমৰ ৰাইজক জনা কৈ অসমত আলোচনা কৰিব পাৰি ।
সচেতন মহলে জানিবলৈ দিয়ে যে আলোচনাৰ মেজলৈ অহাটো জৰুৰী কিছু এৰা ধৰাৰো প্ৰয়োজন আছে ।

Bite: জিতো হাজৰিকা, সাধাৰণ নাগৰিক ।

সৰ্বভৌমতৰ ভিত্তিত ইতিমধ্যে বিভিন্ন ৰাষ্ট্ৰত চৰকাৰৰ লগত বিভিন্ন সংগঠনৰ সম্ভৱ হৈছে ।কিন্ত ভাৰত চৰকাৰৰ সৈতে এই বিষয়টোত আলোচনা সম্ভৱ বুলি পৰেশ বৰুৱা ই মন্তব্য কৰাৰ পিছত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য গৰাকীৰ সৰ্বভৌমত প্ৰসংগৰ ক্ষেত্ৰত কি ধৰণৰ স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হব ।
উল্লেখযোগ্য যে অসম চৰকাৰৰ তৰফৰ পৰা এ8 বিষয়ে আগুণটোক ৰঙালী বিহুৰ উপহাৰ দিয়াৰ কথা ব্যক্ত কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
ইতিপূৰ্বে people's consultative Group ৰ ৰেৱতী ফুকন যোৱা 2018 চনৰ 22 এপ্ৰিলৰ পৰা নিৰুদেশ হৈ আছে গুৱাহাটীৰ অম্বিকাগিৰী নগৰৰ নিজ বাসভৱনৰ পৰা ।এই (পি চি জি) ৰ নেতৃত্বত আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ তিনি লানি আলোচনা সমাপ্তি হৈছিল আৰু ইয়াৰ প্ৰথম লানি বৈঠক 2005 চনৰ 26 অক্টোবৰ মাহত প্ৰাক্তন প্ৰধান মন্ত্ৰী মনমোহন সিংৰ উপস্থিতিত সম্পন্ন হৈছিল । আনহাতে আলফাৰ আন এটা শিবিৰ অৰবিন্দ ৰাজখোৱা আৰু অনুপ চেতিয়া ৰ নেতৃত্বত যোৱা 2010 চনৰ পৰা এক শান্তি আলোচনাত বৰ্তি আছে নতুন দিল্লীৰ লগত আৰু আশাবাদী এক শান্তি চুক্তিৰ স্বাক্ষৰিত হব সোনকালে ।


Conclusion:এই সমগ্ৰ বিষয় এতিয়া নিৰ্ভৰ কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱা আৰু কেন্দ্ৰীয় চৰকাৰৰ ওপৰত, পৰৱৰ্তী সময়ত ই কোনো দিশে গতি কৰে লক্ষণীয় হব ।

প্ৰণৱ কুমাৰ দাস ।
তেজপুৰ ।
২৯/১/২০২০ .
Last Updated :Jan 30, 2020, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.