ETV Bharat / state

তেজপুৰত ইউকো বেংকৰ পৰ্যালোচনা সভাৰ সামৰণি

author img

By

Published : Aug 19, 2019, 8:58 AM IST

ইউকো জনেল কাৰ্যালয় যোৰহাটৰ অধীনত তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাৰ সামৰণি,কেন্দ্ৰীয় পৰ্যায়ৰ বৈঠক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত নতুন দিল্লীত অনুষ্ঠিত হ'ব ৷

UCO bank first phase general discussion

ইউ কো জনেল কাৰ্যালয়ৰ অধীনত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ পৰ্যালোচনা সভাৰ সামৰণি

তেজপুৰ, 19 আগষ্টঃ ইউকো জনেল কাৰ্যালয় যোৰহাটৰ অধীনত তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পৰ্যালোচনা সভাৰ দেওবাৰে সামৰণি পৰে ৷ অসমৰ মুঠ 60 টা শাখাৰ শাখা প্ৰৱন্ধকৰ লগতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড সংযুক্ত 8 টা শাখাৰ প্ৰৱন্ধকে এই পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে ৷ সভাত বিভিন্ন জিলাৰ শাখা সমূহে জনসাধাৰণৰ মাজত আঁচনি সমূহৰ বিষয়ে অৱগত কৰাৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক সুকীয়া পদক্ষেপ গ্ৰহণ কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে প্ৰথম পৰ্যায়ৰ এই পৰ্যালোচনা সভাৰ পাছতে দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যালোচনা গুৱাহাটীত 22 আগষ্ট তাৰিখে অনুষ্ঠিত হ'ব আৰু ইয়াৰ পাছত অনুষ্ঠিত হ'ব লগা কেন্দ্ৰীয় পৰ্যায়ৰ বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত নতুন দিল্লীত অনুষ্ঠিত হ'ব বুলি সভাই জানিবলৈ দিয়ে ৷

Intro:তেজপুৰ,১৮আগষ্ট : ইউ কো জনেল কাৰ্যালয় যোৰহাটৰ অধীনত তেজপুৰত দুদিনীয়া কাৰ্যসূচীৰে আজি সফল সমাপ্তি হয় । অসমৰ মুঠ ৬০ টা শাখাৰ শাখা প্ৰবন্ধকৰ লগতে অৰুণাচল প্ৰদেশৰ আৰু নাগালেণ্ডৰ সংযুক্ত কৰি ৮ টা শাখাৰ প্ৰবন্ধকে এই পৰ্য্যালোচনা সভাত অংশ গ্ৰহণ কৰে ।
ভাৰত চৰকাৰৰ বৃত্ত মন্ত্ৰনালয়ৰ নিৰ্দেশ অনুসৰি এই পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।


Body:সভাত অংশ গ্ৰহণ কৰে উপ মহা সঞ্চালক এছ কে কুমাৰ আৰু জনেল প্ৰবন্ধকে । সভাত বিভিন্ন জিলাৰ শাখা সমূহৰ বৰ্তমান সময়ত জনসাধাৰণৰ মাজত আঁচনি সমূহ ৰ বিষয়ে অৱগত কৰি স্থানীয় ৰাইজে উপকৃত হব লগা আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত এক সুকীয়া পদেখেপ গ্ৰহণ কৰে বুলি জানিব দিয়ে ।
Bite: জনেল মেনাজাৰ , যোৰহাট ।


Conclusion:আনহাতে প্ৰথম পৰ্যায়ৰ এই পৰ্য্যালোচনা বৈঠকৰ পিছতে দ্বিতীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্য্যালোচনা গুৱাহাটীত আগষ্ট মাহৰ ২২ তাৰিখত অনুষ্ঠিত হব, আৰু ইয়াৰ পিছত কেন্দ্ৰীয় পৰ্যায়ৰ বৈঠক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত নতুন দিল্লীত অনুষ্ঠিত হব বুলি জানিব দিয়ে ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
১৮/৮/১৯
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.