পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ বাবে তিনি ছাত্ৰৰ চাইকেল যাত্ৰা

author img

By

Published : Sep 15, 2021, 2:01 PM IST

Save nature save life

বৰ্তমান সময়ত পৰিৱেশৰ প্ৰতি ভাবুকি অহা দেখা গৈছে । বহুতে গছ-গছনি, হাবি-জংঘল ধ্বংস কৰি পৰিৱেশলৈ ভাবুকি কঢ়িয়াই আনিছে । এনে এক সময়তে অসমৰ তিনিগৰাকী ছাত্ৰই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে চাইকেল যাত্ৰা কৰিছে ছাত্ৰ কেইজনে ।

তেজপুৰ, ১৫ ছেপ্টেম্বৰ : পৰিৱেশ সংৰক্ষণ (Environmental Protection) আৰু গোলকীয় উষ্ণতা (Global Warming) বৃদ্ধি পোৱাক লৈ ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে ওলাই আহিছে তিনিগৰাকী স্কুলীয়া ছাত্ৰ । চেভ নেচাৰ আৰু চেভ লাইভ (Save nature save life) শীৰ্ষক বিশেষ শ্ল'গানেৰে ৫০০ কিল’মিটাৰ চাইকেল যাত্ৰা (cycle ride) অব্যাহত ৰাখিছে ছাত্ৰ কেইজনে । মিছন ৫০০ কিল’মিটাৰ নামেৰে ছাত্ৰকেইজনে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক পদক্ষেপ গ্ৰহণ কৰিছে ।

পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ বাবে তিনি ছাত্ৰৰ চাইকেল যাত্ৰা

ৰহাৰ পৰা চাইকেল যাত্ৰা আৰম্ভ কৰি তেজপুৰত উপস্থিত হয় ছাত্ৰকেইজন । তেজপুৰ চহৰৰ ইতিহাস প্ৰসিদ্ধ স্থানসমূহ ভ্ৰমণ কৰাৰ লগতে ৰাইজক প্ৰকৃতি সংৰক্ষণৰ বাবে আহ্বান জনাই ছাত্ৰকেইজনে । তাৰ পাছতে তেজপুৰৰ ইতিহাস সমৃদ্ধ অগ্নিগড়ৰ পৰা মঙলবাৰে পুনৰ তেওঁলোকে ৰহা অভিমূখে যাত্ৰা আৰম্ভ কৰে ।

তাৰ পৰা তেওঁলোকে পুনৰ গুৱাহাটীলৈ যাত্ৰা কৰিব । ছাত্ৰকেইজনৰ দুজন মৰিগাঁও জিলাৰ শংকৰদেৱ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ নয়নমণি বৰা আৰু বিবেক পাটৰ । আন এজন গুৱাহাটীৰ শংকৰদেৱ বিদ্যালয়ত অধ্যয়নৰত নৱম শ্ৰেণীৰ ছাত্ৰ বিনীত কলিতা ।

লগতে পঢ়ক : অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ প্ৰতিবাদেৰে উত্তাল হোজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.