ETV Bharat / state

চাহ বাগিচাসমূহলৈ ইউনিচেফ জ'ন-৩য়ে লৈ আহিছে সুখবৰ

author img

By

Published : Jan 1, 2021, 7:36 PM IST

Updated : Jan 2, 2021, 9:09 AM IST

the-good-news-is-that-unicef-zone-3-is-bringing-tea-gardens
চাহ বাগিচাসমূহলৈ ইউনিচেফ জ'ন-৩য়ে লৈ আহিছে সুখবৰ

অসম ব্ৰান্স ইণ্ডিয়ান টি এছ'চিয়েছন আৰু ইউনিচেফ জ'ন-৩য়ে চাহ বাগিচাৰ সমূহৰ বাবে লৈছে এক উন্নয়ন মূলক আঁচনি ৷ বিগত দিনসমূহত ইউনিচেফ জ'ন-৩য়ে চাহ বাগিচাৰ শিশু শ্ৰমিক সকলক উদ্ধাৰ কৰি বাগিচা সমূহৰ শিশু আৰু মহিলা সকলৰ মাজত শিক্ষা আৰু মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে ৷

তেজপুৰ, ১ জানুৱাৰী : নৱবৰ্ষৰ প্ৰথম দিনটোতে চাহ বাগিচা সমূহলৈ আহিছে এক সু-খবৰ ৷ অসম ব্ৰান্স ইণ্ডিয়ান টি এছ'চিয়েছন আৰু ইউনিচেফ জ'ন-৩য়ে চাহ বাগিচাৰ সমূহৰ বাবে লৈছে এক উন্নয়ন মূলক আঁচনি । বিগত সময়চোৱাত ইউনিচেফে যুটীয়াভাৱে শোণিতপুৰ, বিশ্বনাথ আৰু ওদালগুৰি জিলাৰ অন্তৰ্গত চাহ বাগিচা সমূহত শিশু আৰু মহিলা সকলৰ মাজত শিক্ষা আৰু মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে ৷ অনাগত দিনত এই সন্দৰ্ভত আৰু অধিক গুৰুত্ব প্ৰদান কৰা হ'ব বুলি ইউনিচেফৰ জ'ন ৩ৰ সমন্বয়ক ৰাজদ্দীপ ভূঞাই আজি সাংবাদিকৰ আগত প্ৰকাশ কৰে ৷

চাহ বাগিচাসমূহলৈ ইউনিচেফ জ'ন-৩য়ে লৈ আহিছে সুখবৰ

ভূঞাই কয় যে, বিগত সময়চোৱাত এবিতা আৰু প্ৰশাসনৰ সহযোগিতাত ৫জন শিশু শ্ৰমিকক বিভিন্ন ঠাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰে ২০১৯ বৰ্ষত ৩ জন আৰু ২০২০ বৰ্ষত ২ জনক উদ্ধাৰ কৰা হয় । বৰ্তমানলৈকে ইউনিচেফৰ এই জ'ন ৩ৰ অধীনত শোণিতপুৰৰ জিলাৰ ১০ খন চাহ বাগিচা, বিশ্বনাথ জিলাৰ ১১ আৰু ওদালগুৰি জিলাৰ ১২ খন চাহ বাগিচাৰ মাজত শিশুৰ বিকাশ, স্বাস্থ্য, মহিলা সৱলীকৰণৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে । শিশু শ্ৰমিক সকলক উদ্ধাৰ কৰি তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত মনোনিবেশ কৰাটো ইউনিচেফ জ'ন 3ৰ উদ্দেশ্য । যাৰ বাবে ইউনিচেফ জ'ন 3ৰ জৰিয়তে শিশু শ্ৰমিক সকলক উদ্ধাৰ কৰি তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে ৷

ভূঞাই জনোৱা অনুসৰি, মহামাৰী কৰ'ণাৰ এই সময়ছোৱাত চাহ বাগিচাৰ লোক সকলৰ মাজত সজাগতা বৃদ্ধি আৰু চাবোন, চেনিটাইজাৰ প্ৰচলন আৰু নিজাববীয়াকৈ মাস্ক তৈয়াৰ কৰি জিলা প্ৰশাসনৰ সহযোগিতাত চাহ বাগিচাৰ লোকক প্ৰদান কৰা হৈছিল ৷ এক পাইলত প্ৰজেক্টৰ জৰিয়তে প্ৰদান কৰা হৈছিল এই সামগ্ৰী সমূহ । তেওঁলোকৰ অধীনত ৭৬ খন চাহ বাগিচাৰ ভিতৰত ৩৩ খন চাহ বাগিচাত এই ব্যৱস্থা বৰ্তমানেও বাহাল আছে । এই ৩৩ খন চাহ বাগিচাৰ ভিতৰত এটা মহিলাৰ গোটে এই কাম সমূহ তদাৰক কৰি আহিছে । বিগত সময়চোৱাত অসমৰ ৪৬ খন চাহ বাগিচাত মুঠ ২ লাখ চাবোন বিনামূলীয়াকৈ স্বচ্ছতাৰ বাবে বিতৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

অন্য এক খবৰৰ বাবে: ছিলিণ্ডাৰ বিস্ফোৰণ ঘটি কৰিমগঞ্জত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated :Jan 2, 2021, 9:09 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.