ETV Bharat / state

Sumer Dugor Passes Away : তেজপুৰৰ সুহন লাল ডুগৰ শ্বিল্ড ফুটবলৰ পৃষ্ঠপোষক সুমেৰ ডুগৰৰ মৃত্যু

author img

By

Published : Dec 29, 2022, 1:51 PM IST

তেজপুৰৰ 'সুহন লাল ডুগৰ শ্বিল্ড' ফুটবল প্ৰতিযোগিতাৰ পৃষ্ঠপোষক সুমেৰ ডুগৰৰ মৃত্যু (Tezpur prominent personality Sumer Dugor passes away) । বুধবাৰে নিশা প্ৰায় ১২ বজাত তেজপুৰ চহৰৰ নিজা বাসগৃহত তেওঁৰ আকস্মিকভাৱে পৰলোকপ্ৰাপ্তি ঘটে । তেওঁৰ মৃত্যুত তেজপুৰত শোকৰ ছাঁ পৰিছে ।

Tezpur
Tezpur

তেজপুৰ, ২৯ ডিচেম্বৰ : তেজপুৰৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী, ক্ৰীড়া সংগঠক তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত সুহন লাল ডুগৰ শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ দাতা সুমেৰ ডুগৰৰ পৰলোকপ্ৰাপ্তি (Tezpur prominent personality Sumer Dugor passes away) । বুধবাৰে নিশা প্ৰায় ১২ বজাত তেজপুৰ চহৰৰ বি আৰ ৰোডৰ নিজা বাসগৃহ 'ময়ূৰ ভৱন'ত আকস্মিকভাৱে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটাত তেজপুৰত শোকৰ ছাঁ পৰিছে ।

উল্লেখ্য, ১৯৪০ চনৰ ৩ অক্টোবৰত জন্মগ্ৰহণ কৰা বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মীগৰাকী তেজপুৰৰ সমাজ জীৱনৰ এগৰাকী অগ্ৰণী ব্যক্তিয়েই নহয়, তেওঁ তেজপুৰৰ ভালেমান সামাজিক, ক্ৰীড়া আৰু শৈক্ষিক অনুষ্ঠানৰ সৈতেও বিশেষভাৱে জড়িত হৈ আছিল । ভাৰতীয় ৰেডক্ৰছ ছ'চাইটীৰ (Indian Red cross Society) তেজপুৰ শাখাৰ একালৰ সম্পাদকৰ লগতে তেজপুৰ চেম্বাৰ্ছ অব কমাৰ্চৰ (Tezpur chambers of commerce) একালৰ সম্পাদক, সভাপতি, ভাৰতীয় শিশু কল্যাণ পৰিষদৰ বৰ্তমানলৈকে কোষাধ্যক্ষ, তেজপুৰ এনভাইৰনমেণ্ট ছ'চাইটী, তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ আজীৱন সদস্য আছিল প্ৰয়াত সুমেৰ ডুগৰ ।

তেজপুৰৰ বিশিষ্ট ব্যক্তি সুমেৰ ডুগৰৰ মৃত্যু
তেজপুৰৰ বিশিষ্ট ব্যক্তি সুমেৰ ডুগৰৰ মৃত্যু

আনহাতে, অসমীয়া ক্লাব, মহাভৈৰৱ কো-অপাৰেটিভ বেংকৰ একালৰ সম্পাদক, তেজপুৰ সমাবায় সমিতিৰ সম্পাদক, দৰং মহাবিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ একালৰ সভাপতি, তেজপুৰৰ ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ তেওঁ বহু বছৰ ধৰি সভাপতিৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি গৈছে ।

এইগৰাকী শিক্ষানুৰাগী, সমাজহিতৈষী সুমেৰ ডুগৰৰ পিতৃৰ নামতেই তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ১৯৫৬ চনৰ পৰা পল'ফিল্ডত অনুষ্ঠিত হোৱা 'সুহন লাল ডুগৰ ফুটবল প্ৰতিযোগিতা'ৰ দাতা (Suhan Lal Dugar Shield football tournament) হিচাপে ২০১৭ চনলৈকে অৱদান আগবঢ়োৱা সমাজকৰ্মীগৰাকী বুধবাৰে দিনটোতো নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰ্যালয়ত কামত ব্যস্ত আছিল ।

সুহন লাল ডুগৰ শ্বিল্ড' ফুটবল
সুহন লাল ডুগৰ শ্বিল্ড ফুটবল

কিন্তু নিশা ১২ বজাত স্নানাগাৰলৈ উঠি যোৱাৰ পিছত তেওঁ আকস্মিকভাৱে শেষ নিশ্বাস ত্যাগ কৰে । তেওঁৰ এই অকাল বিয়োগত স্বাভাৱিকতে তেজপুৰৰ সমাজ জীৱন ম্ৰিয়মাণ হৈ পৰিছে । উল্লেখ্য যে শ্বিলঙৰ ছেইণ্ট এন্থনী বিদ্যালয়ৰ লগতে কিছুদিন জয়পুৰতো হাইস্কুলৰ শিক্ষা গ্ৰহণ কৰা সুমেৰ ডুগৰে দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি ব্যৱসায়ী পিতৃৰ আদৰ্শেৰে নিজৰ ব্যৱসায়ত একানপতীয়াকৈ লাগি পৰিলেও এক গভীৰ অন্তৰ্দৃষ্টিৰে সমাজৰ উত্তৰণ আৰু বিকাশৰ অৰ্থেও নিজকে বিভিন্ন দিশত জড়িত কৰি তুলিছিল ।

প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ শাসনকালত আছাম টী কৰ্প'ৰেচনৰ সঞ্চালক পদতো আসীন হৈ বিভিন্ন গুৰুত্বপূৰ্ণ সভা-সমিতিত উপস্থিত থাকি তেজপুৰৰ এগৰাকী অগ্ৰণী সমাজকৰ্মী হিচাপে পৰিগণিত হৈছিল । সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ সৈতেও সান্নিধ্য লাভ কৰা এইগৰাকী সমাজকৰ্মী বিভিন্ন অনুষ্ঠানত জড়িত হৈ আছিল ।

এইগৰাকী সৰবৰহী, সমাজকৰ্মী তথা তেজপুৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বাসগৃহত বৃহস্পতিবাৰে শুভাকাংক্ষী বিভিন্নগৰাকীয়ে নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে দীৰ্ঘকাল ধৰি পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি হিচাপে থকা ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক বিজয় কাণ্ডুলনাৰ লগতে জ্যেষ্ঠ শিক্ষক ভূপেন তালুকদাৰ, পংকজ বৰুৱা আৰু নিবেদিতা নেওগে পুষ্পাঞ্জলি অৰ্পণেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

লগতে পঢ়ক :Look back 2022: ১.৩০ লাখ কোটি ধাৰৰ বোজা মূৰত লৈ 2023 ক আদৰিব অসম চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.