অৰুণাচল প্ৰদেশৰ পাছিঘাটত বিলাসী চুপাৰ কাৰৰ তহল

author img

By

Published : Sep 18, 2021, 10:51 PM IST

super-cars-roaming-in-pasighat-in-arunachal-pradesh

শনিবাৰে দিনটোত লেম্বৰগিনি, ফেৰাৰী, এষ্টন মাৰ্টিন, অডি, হোণ্ডা আৰু পোৰ্চেৰ দৰে জনপ্ৰিয় চুপাৰ চাবলৈ পাচিঘাট চহৰত ৰাইজৰ কৰিলে শ শ লোকে ৷ পূব অৰুণাচলৰ ৰাস্তাত 1000 কিলোমিটাৰ পথ যাত্ৰা কৰিবৰ বাবে উপস্থিত হৈছে এগৰাকী বিশেষ উদ্যোগপতি ৷

তেজপুৰ,18 ছেপ্টেম্বৰ: প্ৰথমবাৰৰ বাবে অৰুণাচলৰ পাছিঘাটৰ ভূমি স্পৰ্শ কৰিলে বিভিন্ন কোম্পানীৰ চুপাৰ কাৰে ৷ কাৰণ চুপাৰ কাৰেৰে পূব অৰুণাচলৰ ৰাস্তাত 1000 কিলোমিটাৰ যাত্ৰা কৰিবৰ বাবে উপস্থিত হৈছে এগৰাকী বিশেষ উদ্যোগপতি ৷ পাছিঘাটৰ এডভান্স লেনডিং গ্ৰাউণ্ডত সজ্জিত হৈ আছিল এই সমূহ চুপাৰ কাৰ ৷ অৱশ্যে এডভান্স লেনডিঙৰ ঘৰুৱা সেৱাৰ স্থানতহে সজোৱা হৈছিল চুপাৰ কাৰ সমূহ ৷ কিন্তু এই বিলাসী গাড়ী সমূহ চাবলৈ হেতা উপৰা লাগিল ৰাইজৰ মাজত ৷

super-cars-roaming-in-pasighat-in-arunachal-pradesh
অৰুণাচল প্ৰদেশৰ পাছিঘাটত বিলাসী চুপাৰ কাৰৰ তহল

উল্লেখ্য যে, বৃহস্পতিবাৰে চিয়াঙৰ বুকুৰে বহুতো চুপাৰ কাৰ কঢ়িয়াই অনাৰ পিছত অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ পাচিঘাট চহৰখনৰ চৰ্চাৰ বিষয় হৈ পৰিছিল ৷ লেম্বৰগিনি, ফেৰাৰী, এষ্টন মাৰ্টিন, অডি, হোণ্ডা আৰু পোৰ্চেৰ দৰে জনপ্ৰিয় চুপাৰ কাৰবোৰ চাবলৈ পাচিঘাট চহৰৰ ৰাস্তাত ৰাইজে জুম কৰা দেখা গৈছিল ৷ এই বিলাসী গাড়ী সমূহ দেখা পোৱাৰ কাৰণ হ'ল ৰেমণ্ড ইণ্ডিয়াৰ (Rymond Ltd) ৰ CMD গৌতম সিংহানিয়া ৷

অৰুণাচল প্ৰদেশৰ পাছিঘাটত বিলাসী চুপাৰ কাৰৰ তহল

সিংহানিয়াই পথৰে অৰুণাচল প্ৰদেশৰ গুৰুত্বপূৰ্ণ পৰ্যটনৰ স্থলী সমূহ ভ্ৰমণ কৰিবলৈ শনিবাৰে ব্যক্তিগত চাৰ্টাৰদ ফ্লাইট লৈ পাছিঘাটৰ এডভান্স লেনডিং গ্ৰাউণ্ডত উপস্থিত হয় ৷ তেওঁৰ উদ্দেশ্যে অৰুণাচল প্ৰদেশৰ ঠাই সমূহক ঔদ্যোগিক ক্ষেত্ৰত আগবঢ়াই নিয়া ৷

এই বিষয়ে ভ্ৰমণৰ শেষত অৰুণাচল প্ৰদেশ চৰকাৰৰ বিভাগীয় বিষয়াৰ লগত এক আলোচনাত মিলিত হ'ব উদ্যোগপতি গৰাকী ৷ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে তেঁওৰ টুইটাৰ যোগে প্ৰকাশ কৰিছে যে, এই ঘটনাই অৰুণাচলত পথৰ মানদণ্ড উন্নত হোৱাৰ এক সাক্ষ্য বহন কৰিলে ৷ কাৰণ যি সকলে চুপাৰ কাৰ চলাই আছে, তেওঁলোকে শ্বাসৰুদ্ধকাৰী দৃশ্যৰ কাষত চলি থকা মন্ত্ৰমুগ্ধ ৰাস্তাবোৰ উপভোগ কৰিছে ৷

তেওঁ পুনৰ কয় যে, আমি গৌৰৱান্বিত যে অৰুণাচলে নিজকে চুপাৰ কাৰৰ বাবে সৰ্বশ্ৰেষ্ঠ ড্ৰাইভিং স্থান হিচাপে সেৱা আগবঢ়াবলৈ সক্ষম হৈছে ৷ পৰ্যটনৰ দিশত অৰুণাচল প্ৰদেশে বৰ্তমান পূৰ্বতকৈ যথেষ্ট পৰিমাণে অগ্ৰগতি লাভ কৰিছে ৷ সীমান্তৱৰ্তী অঞ্চলৰ যোগাযোগ ব্যৱস্থা ভাৰত চৰকাৰে বৰ্ডাৰ ৰোডছৰ জৰিয়তে উন্নতমানৰ কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়কঃ দহ কোটি টকাত নিলাম হ’ল লাভলীনাৰ বক্সিং গ্ল’ভছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.