ETV Bharat / state

Ragging in Dibrugarh University: মোক দাদাহঁতে মদ খাবলৈ পানী আনিবলৈ দিছিল- ছাত্ৰৰ অকপট স্বীকাৰোক্তি

author img

By

Published : Nov 28, 2022, 9:53 PM IST

পোহৰলৈ আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ ক’লা অধ্যায় ৷ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড মাৰ নৌযাওঁতেই এইবাৰ পুনৰ পোহৰলৈ আহিছে ৰেগিংঙৰ বলি হৈ ঘৰলৈ ঘূৰি আহিবলগীয়া ছাত্ৰৰ ভয়ংকৰ অভিজ্ঞতাৰ বিৱৰণী (Student explain ragging experience in PNGB hostel) ৷

Student explain ragging experience in PNGB hostel
Ragging in Dibrugarh University: মোক দাদাহঁতে মদ খাবলৈ পানী আনিবলৈ দিছিল- ছাত্ৰৰ অকপট স্বীকাৰোক্তি

বিশ্বনাথ, 28 নৱেম্বৰ: "মই 28 তাৰিখে ডিব্ৰুগড় মহাবিদ্যালয়লৈ গৈছিলো ৷ মোৰ নিশা প্ৰায় 10.30 বজাত দুজন চিনিয়ৰ দাদাই আহি অন্য এটা কোঠালৈ লৈ গৈছিল ৷ সিহঁতে এটা কোঠাত, মদ, ভাং, চিগাৰেট আদি খাই আছিল৷ মোৰ ৰেগিঙৰ নামত বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল ৷ এনেকুৱা কিছুমান প্ৰশ্ন কৰিছিল যে যিবোৰৰ প্ৰশ্ন উত্তৰ মই দিব পৰা নাছিলো ৷ সেইবাবে মোক তেওঁলোকে অশ্লীল শব্দ প্ৰয়োগ কৰি গালি শপনি দিছিল ৷ তেওঁলোকে কোঠাৰ আইনা ভাঙি মোক এটা এটাকৈ টুকুৰা বুটলিব দিছিল ৷

তেওঁলোকে মদ খাবলৈ লওঁতে মোৰ বাৰে বাৰে বিল্ডিঙৰ তললৈ পানী আনিবলৈ পঠিয়াইছিল ৷ গোটেই ৰাতিটো মোক কোঠাটোত ঠিয় কৰাই তেওঁলোকে 6-7 বাৰ পানী আনিবলৈ পঠিয়াইছিল ৷ মই তেওঁলোকক মদ খাবলৈ গ্লাছত পানী ঢালি দিছিলো ৷ তেওঁলোকে চিগাৰেট, ভাং খাই গোটেই কোঠাটো ধোঁৱা ধোঁৱা কৰি দিছিল ৷ মোৰ উশাহ লোৱাত অসুবিধা হৈছিল ৷ বাৰে বাৰে কাঁহ আহি গৈছিল ৷ তেওঁলোকে মোৰ লগত এটা জঘন্য এটা কাণ্ড কৰিছিল যে মই কেমেৰাৰ আগত ক’বও নোৱাৰো ৷" ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত ৰেগিঙৰ বলি হৈ ঘৰলৈ উভতি আহিব লগীয়া ভুক্তভোগী ছাত্ৰই বিৱৰণ দিয়ে নিজৰ ভয়াবহ অভিজ্ঞতাৰ (Another ragging incident in Dibrugarh university) ৷

পোহৰলৈ আহিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসৰ ক’লা অধ্যায় ৷ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ড মাৰ নৌযাওঁতেই এইবাৰ পুনৰ পোহৰলৈ আহিছে ৰেগিংঙৰ বলি হৈ ঘৰলৈ ঘূৰি আহিবলগীয়া ছাত্ৰৰ ভয়ংকৰ অভিজ্ঞতাৰ বিৱৰণী (Student explain ragging experience in PNGB hostel) ৷

Ragging in Dibrugarh University: মোক দাদাহঁতে মদ খাবলৈ পানী আনিবলৈ দিছিল- ছাত্ৰৰ অকপট স্বীকাৰোক্তি

চতিয়াৰ উদ্দীপ্ত বৈদ্য নামৰ ছাত্ৰজনে বহুতৰে দৰে মনত বহু আশা লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ বৰ হেঁপাহেৰে গৈছিল ৷ যোৱা ২৮ ছেপ্তেম্বৰত উপস্থিত হোৱা ছাত্ৰজনক বিশ্ববিদ্যালয় খনলৈ যোৱা পিছদিনা অৰ্থাৎ ২৯ ছেপ্তেম্বৰৰ পৰাই তেওঁৰ ওপৰত ৰেগিঙৰ নামত একাংশ জেষ্ঠ ছাত্ৰই চলাইছিল বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতন ৷ BA in profoming Arts ত নামভৰ্তি কৰা ছাত্ৰজন আছিল পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰাবাসত ৷ সেই নিশাই মাতৃক ফোনযোগে কান্দি কান্দি সকলো কথা অৱগত কৰিছিল উদ্দীপ্তই ( Student explain ragging experience) ৷ তাৰ পিছতেই কোনোমতে নিজৰ কাপোৰ কানি সামৰি নিশাৰ বাছেৰে ৰাতিয়েই হোষ্টেলৰ পৰা উলাই চতিয়ালৈ উভতি আহে উদ্দীপ্তই (Ragging case in in PNGB hostel) ৷

ইফালে ৰেগিং সন্দৰ্ভত ভুক্তভোগী ছাত্ৰ উদ্দীপ্তৰ মাতৃয়ে (Student mother on ragging) কয়, "আমি আমাৰ ল’ৰাটোক বহুত কষ্টৰ মাজেৰে সপোন আৰু আশা লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পঠিয়াইছিলো ৷ কিন্তু ৰেগিঙৰ বলি হৈ সি ঘৰলৈ ঘূৰি আহিব লগা হ’ল ৷ আমি চৰকাৰক অনুৰোধ কৰিছো যে ৰেগিং বোলা বস্তুটোৱেই যাতে উঠাই দিয়ে ৷ যাতে আগলৈ এনে কোনো দুখীয়া ঘৰৰ সন্তানে কান্দি কান্দি ঘৰলৈ উভতি আহিবলগীয়া নহয় ৷"

উল্লেখ্য যে শনিবাৰে সংঘটিত হোৱা ভয়ংকৰ ৰেগিং কাণ্ডৰ (Ragging incident in PNGB hostel) পাচতেই মানসিকভাৱে হতাশ হৈ দুটা মহলৰ ওপৰৰ পৰা জপিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আনন্দ শৰ্মা নামৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাবাসৰ ছাত্ৰজন । বৰ্তমান ICU ত জীৱন মৰণেৰে যুঁজি আছে আনন্দ শৰ্মাই । সম্প্ৰতি এই ঘটনাৰ পিছতে জগন্নাথ বৰুৱা মহাবিদ্যালয়তো ৰেগিং কৰাৰ ঘটনা পোহৰলৈ আহিছে ৷

লগতে পঢ়ক: Ragging in DU : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ১৮ জন ছাত্ৰক বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.