ETV Bharat / state

স্বাধীনতা দিৱসৰ দিনটোত উপেক্ষিত কনকলতাৰ প্ৰতিমূৰ্তি

author img

By

Published : Aug 17, 2021, 2:15 PM IST

75 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত উপেক্ষিত হৈ ৰ’ল তেজপুৰৰ কনকলতা উদ্যানৰ কনকলতাৰ প্ৰতিমূৰ্তি ৷

স্বাধীনতা দিৱসৰ দিনটোত উপেক্ষিত কনকলতাৰ প্ৰতিমূৰ্তি
স্বাধীনতা দিৱসৰ দিনটোত উপেক্ষিত কনকলতাৰ প্ৰতিমূৰ্তি

তেজপুৰ, ১৭ আগষ্ট : দেশৰ গৌৰৱপূৰ্ণ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰাৰ দিনটোত উকা হৈ ৰ’ল তেজপুৰৰ কনকলতা উদ্যান ৷ ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে গহপুৰ থানাত স্বাধীনতা যুঁজাৰুসকলে কংগ্ৰেছৰ পতাকা উত্তোলন কৰিবলৈ গৈ ইংৰাজ বাহিনীৰ গুলীত প্ৰাণ আহুতি দিয়া বীৰাংগনা কনকলতা বৰুৱাৰ প্ৰতিমূৰ্তিত নজ্বলিল এগছিও বন্তি ৷ এই বিশেষ দিনটোত শোণিতপুৰ প্ৰশাসনৰ দৃষ্টি নপৰিল তেজপুৰৰ এইখন বিশেষ উদ্যানলৈ৷

আনকি স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে অহা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে পুৱা আৱৰ্ত ভৱনত থকা শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জাতিৰ পিতা মহাত্মা গান্ধীলৈও শ্ৰদ্ধা নিবেদন কৰে ৷ কিন্তু দেশৰ স্বাধীনতাৰ বাবে যুঁজি প্ৰাণ আহুতি দিয়া বীৰাংগনা কনকলতা বৰুৱাৰ প্ৰতি তেজপুৰৰ উদ্যানখনত শ্ৰদ্ধাঞ্জলি জনাবলৈ জিলা প্ৰশাসনৰ আহৰি নহ’ল ৷

স্বাধীনতা দিৱসৰ দিনটোত উপেক্ষিত কনকলতাৰ প্ৰতিমূৰ্তি
উপেক্ষিত কনকলতাৰ প্ৰতিমূৰ্তি

লগতে চাওক : কিছু শিথিলতাৰে ক'ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা প্ৰকাশ

উল্লেখযোগ্য যে, তেজপুৰৰ ঔগুৰি পাহাৰত নিৰ্মাণ কৰা এইখন উদ্যান ১৯৯৪ চনত সেই সময়ৰ ৰাজ্যৰ তদানীন্তন সমাজ কল্যাণ মন্ত্ৰী কুল বাহাদুৰ ছেত্ৰীয়ে উদ্বোধন কৰিছিল ৷

পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১২ চনত প্ৰশাসনৰ উদ্যোগত পুনৰ নিৰ্মাণ কৰা এই উদ্যানখন বৰ্তমান হাবি-জংঘলৰে ভৰি আছে ৷ ইয়াত থকা শ্বহীদ কনকলতা বৰুৱাৰ পূৰ্ণাবয়ৱ মূৰ্তিত ৰং নকৰাৰ লগতে পৰিস্কাৰ কৰা হোৱা নাই ৷ তদুপৰি মূৰ্তিটোৰ কিছু অংশত ফাঁট মেলা পৰিলক্ষিত হৈছে ৷ দেশৰ স্বাধীনতাৰ ৭৫ বছৰক লৈ ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী গ্ৰহণৰ সময়ত তেজপুৰৰ এই বিশেষ উদ্যানখনৰ এনে অৱস্থাই বহু সংখ্যক লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কৰ’ণাৰ বাবে দীঘলীয়া সময় বন্ধ হৈ থকা উদ্যানখন বিগত 4 আগষ্টৰ পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হৈছে ৷

লগতে চাওক : APSC কেলেংকাৰী : পুনৰ পাঁচগৰাকী বিষয়ালৈ জাননী ন্যায়াধীশ শৰ্মা আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.