তেজপুৰত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ প্ৰস্তুতি

author img

By

Published : Aug 21, 2022, 10:15 AM IST

state government prepares to celebrate 400th birth anniversary of lachit borphukan

লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ বাবে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে ব্যাপক প্ৰস্তুতি (400th birth anniversary of Lachit Borphukan) । চৰকাৰৰ পদক্ষেপক আদৰণি জনাই তেজপুৰত অসম ৰেপাৰটৰী নামৰ অপেছাদাৰী নাট্যগোষ্ঠীয়ে শুভাৰম্ভ কৰে লাচিত বৰফুকনৰ ওপৰত আধাৰিত এখন নাটকৰ ।

তেজপুৰ,২০ আগষ্ট: ৰাজ্য চৰকাৰে এইবেলি লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি হাতত লৈছে (400th birth anniversary of Lachit Borphukan) ৷ চৰকাৰৰ শেহতীয়া পদক্ষেপক আদৰণি জনাই তেজপুৰৰ অপেছাদাৰী নাট প্ৰযোজনা গোষ্ঠী অসম ৰেপাৰটৰীয়েও “লাচিত-বুৰঞ্জীয়ে লিখা তৰোৱাল” শীৰ্ষক এখন নাটক বহল পৰিসৰৰ মাজত ব্যক্তিক্ৰমী ৰূপত মঞ্চায়নৰ কাম হাতত লৈছে ৷ বিশিষ্ট লেখক নয়নজ্যোতি ভট্টাচাৰ্যৰ কাহিনীৰ আলমত জনপ্ৰিয় নাট্যকাৰ তথা জ্যেষ্ঠ সাংবাদিক পুলক কুমাৰ ডেকাই নাট্যৰূপ দি পৰিচালনাৰ দায়িত্ব বহন কৰিছে (Lachit Borphukan play to be staged in Tezpur) ৷

তেজপুৰত লাচিত বৰফুকন নাটকৰ শুভাৰম্ভ

পূৰ্ণ আখৰাৰ মূহুৰ্তলৈ সময় বাকী থকা অৱস্থাত শনিবাৰে সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতিভাৰতীত বন্তি প্ৰজ্বলনেৰে বিগ বাজেটৰ অপেছাদাৰী নাট লাচিতৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভা, বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া ।

অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাঞ্জল শইকীয়াই কয় যে, বৰ্তমানো লাচিত বৰফুকনৰ প্ৰাসংগিকতা আছে । লগতে তেওঁ উল্লেখ কৰে যে, আজিও এচাম লোকৰ মাজত মোগলৰ মানসিকতা আছে । আন পৰিচয়ৰে তেওঁলোকে মোগলৰ লেখিয়াকৈ কাম-কাজ কৰি গৈছে ৷ ধৰ্মীয় গোড়ামীৰে গঢ় লৈ উঠা সেই মানসিকতাৰ বিৰুদ্ধে অসমীয়াই সাহসেৰে যুঁজ দিব লাগিব ৷

লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে পুনৰ সৰৱ কৃষক মুক্তি সংগ্ৰ‍াম সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.