ETV Bharat / state

শোণিতপুৰত ঈদগাহ সমিতিৰ সৈতে জিলা প্ৰশাসনৰ বিশেষ বৈঠক

author img

By

Published : Jul 17, 2021, 10:09 PM IST

ঈদগাহ, মছজিদ সমিতিসমূহৰ বিষয়ববীয়াৰ সৈতে শোণিতপুৰ জিলা প্ৰশাসনৰ বৈঠক বিশেষ বৈঠক ৷ ঈদত সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰে ঘৰে নামাজ পঢ়াৰ আহ্বান প্ৰশাসনৰ ৷

eidgah-committee-in-sonitpur
শোণিতপুৰত ঈদগাহ সমিতিৰ সৈতে জিলা প্ৰশাসনৰ বিশেষ বৈঠক

তেজপুৰ, ১৭ জুলাই : শোণিতপুৰ জিলাত (SONITPUR DISTRICT) সাম্প্ৰতিক সময়ত ক'ভিড-১৯ ৰ (COVID-19 SITUATIONS) পৰিস্থিতি অতি উদ্বেগজনক হৈ আছে ৷ সেইবাবে এই মহামাৰীৰ গণ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত অসম চৰকাৰে ঘোষণা কৰিছে কেতবোৰ নীতি-নিয়ম ৷ ইপিনে এই লক ডাউনৰ (LOCKDOWN) সময়চোৱাত ঈদ-উজ-জোহা উদযাপনৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনোৱাৰ উদ্দেশ্যে শনিবাৰে ঈদগাহ সমিতিসমূহৰ বিষয়-ববীয়াসকলৰ সৈতে শোণিতপুৰ জিলা প্ৰশাসনে এখন বিশেষ সভা অনুষ্ঠিত কৰে ৷

শোণিতপুৰত ঈদগাহ সমিতিৰ সৈতে জিলা প্ৰশাসনৰ বিশেষ বৈঠক
শোণিতপুৰত ঈদগাহ সমিতিৰ সৈতে জিলা প্ৰশাসনৰ বিশেষ বৈঠক

শোণিতপুৰৰ জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ অধ্যক্ষতাত আয়োজন কৰা সভাখনত আৰক্ষী অধীক্ষক ডাঃ ধনঞ্জয় ঘনাৱট, অতিৰিক্ত উপায়ুক্তদ্বয় ৰমী বৰুৱা, সঞ্জীৱ দলৈ, ৰাজহ চক্ৰ বিষয়াসকল আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে ৷ ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত আগন্তুক ঈদ-উজ-জোহা উদযাপনৰ সময়চোৱাত সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত ঈদগাহত বা মছজিদত সামূহিক নামাজ নপঢ়ি সকলোকে নিজ ঘৰতে ঈদৰ নামাজ পঢ়ি পবিত্ৰ উৎসৱটি পালন কৰিবলৈ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসে উপস্থিত সকলোকে আহ্বান জনায় ।

লগতে গণ সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত চৰকাৰ তথা জিলা প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা মানি চলিবলৈ সকলো ৰাইজক উপায়ুক্তগৰাকীয়ে আহ্বান জনায় । ঈদ উপলক্ষে মছজিদত সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে নামাজ পাঠ কৰিব পাৰিব ৷ নামাজ পাঠৰ কাৰ্যসূচীত যাতে কোনো বাহিৰা লোকৰ সমাৱেশ নঘটে, তাৰ প্ৰতি মছজিদ সমিতিসমূহে লক্ষ্য ৰাখিব লাগিব বুলিও সভাত প্ৰশাসনৰ পৰা উল্লেখ কৰা হয় ৷

eidgah-committee-in-sonitpur
শোণিতপুৰত ঈদগাহ সমিতিৰ সৈতে জিলা প্ৰশাসনৰ বিশেষ বৈঠক

সভাত উপস্থিত ঈদগাহ সমিতিসমূহৰ বিষয়-ববীয়াসকলে জিলা প্ৰশাসনে জনোৱা আহ্বানৰ প্ৰতি ইতিবাচক সঁহাৰি জনায় ৷ প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰতো আশ্বাস প্ৰদান কৰে ঈদগাহ সমিতিসমূহে । আগন্তুক দিনত জিলা প্ৰশাসন, স্বাস্থ্য বিভাগ আৰু ঈদগাহ সমিতিসমূহৰ যৌথ উদ্যোগত ইছলামধৰ্মী লোকসকলৰ বাবে ঈদগাহ তথা মছজিদ প্ৰাংগনত ক’ভিড প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও আজিৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰে প্ৰশাসনে ৷

লগতে পঢ়কঃ বাজেটে মোৰ নাক বচালে: ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.