ETV Bharat / state

ৰঙাপৰাত ক'ভিড প্ৰট’কল পালনেৰে ছাত্র-ছাত্ৰীৰ শিক্ষা গ্ৰহণ

author img

By

Published : Apr 21, 2021, 9:53 PM IST

schools-are-continued-teaching-by-following-covid-protocol
ৰঙাপৰাত ক'ভিড প্ৰট’কল পালনেৰে ছাত্র-ছাত্ৰীৰ শিক্ষা গ্ৰহণ

ৰঙাপৰাত বিদ্যালয় সমূহত চৰকাৰী নীতি-নিয়মৰ মাজেৰে পাঠদান চলি আছে । ১৯৪৮ চনত স্থাপিত হোৱা ৰঙাপৰাৰ একমাত্ৰ বঙালী মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা বেঙ্গলী হাইস্কুলত ক'ভিড প্ৰট’কল পালনৰ মাজেৰে চলি আছে শিক্ষাদান ।

ৰঙাপৰা, 21 এপ্ৰিল: কৰ’ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৱে ৰাজ্যখনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পাছত ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগ অধিক সষ্টম হৈ পৰিছে । কৰ’ণাৰ সংক্ৰমণ যাতে অধিক হাৰত বৃদ্ধি নাপায় তাৰ বাবে চৰকাৰে ইতিমধ্যে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।

সম্প্ৰতি ৰঙাপৰাত বিদ্যালয় সমূহত চৰকাৰী নীতি-নিয়মৰ মাজেৰে পাঠদান চলি আছে । ১৯৪৮ চনত স্থাপিত হোৱা ৰঙাপৰাৰ একমাত্ৰ বঙালী মাধ্যমৰ উচ্চ শিক্ষানুষ্ঠান ৰঙাপৰা বেঙ্গলী হাইস্কুলত ক'ভিড প্ৰট’কল পালনৰ মাজেৰে চলি আছে শিক্ষাদান ।

ৰঙাপৰাত ক'ভিড প্ৰট’কল পালনেৰে ছাত্র-ছাত্ৰীৰ শিক্ষা গ্ৰহণ

ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্র-ছাত্ৰী সকলে সামাজিক দূৰত্ব মানি আৰু মাস্ক পৰিধানৰে শিক্ষা গ্ৰহণ কৰি আহিছে । বিদ্যালয়খনৰ প্ৰতি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়েও মাস্ক পৰিধানৰে শিক্ষকতা কৰি আহিছে । মুঠৰ ওপৰত বিদ্যালয়খন সম্প্ৰতি কৰ’ণাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়খনত অতি সাৱধানতাৰে পাঠদান কাৰ্য চলাই গৈছে শিক্ষক-শিক্ষয়িত্ৰীসকলে ।

লগতে পঢ়ক : মহানগৰীৰ ব্যক্তিগত চিকিৎসালয় আৰু হোটেলসমূহৰ কৰ্তৃপক্ষৰে অনুৰাগ গোৱেলৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.