ETV Bharat / state

ৰঙাপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত

author img

By

Published : Mar 27, 2021, 4:20 PM IST

ৰঙাপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙাপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙাপৰাত সংঘটিত হৈছে পথ দুৰ্ঘটনা । একেদিশৰ পৰা গৈ থকা অৱস্থাত ৰঙাপৰাৰ ঢোলকোৱা চাহ বাগিচাত দুখন মটৰ চাইকেলৰ মাজত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা লগাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় পাঁচজন ব্যক্তি ৷

ৰঙাপৰা,27 মাৰ্চ: শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । একেদিশৰ পৰা গৈ থকা অৱস্থাত ৰঙাপৰাৰ ঢোলকোৱা চাহ বাগিচাত দুখন মটৰ চাইকেলৰ মাজত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা লগাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হয় পাঁচজন ব্যক্তি ৷

ৰঙাপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা
ৰঙাপৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা

এ এছ ১২ চি ০৯৩৭ নম্বৰৰ আপাচী আৰু এ এছ ১২ ভি ১৮৪৮ নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনা ৷ জানিব পৰা মতে, ৰঙাপৰা চহৰৰ পৰা তাৰাজুলি চাহ বাগিচা অভিমুখে গৈ আছিল মটৰ চাইকেল কেইখন ৷ এই দুৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হোৱা ব্যক্তিকেইজন হৈছে সোণাজুলি চাহ বাগিচাৰ ৯ নং শ্ৰমিক লাইনৰ অজয় মুণ্ডা, সঞ্জু চাওৰা, ৰোহন লোহাৰ আৰু ১ নং শ্ৰমিক লাইনৰ পেটৰ কাণ্ডুলনা আৰু তেওঁৰ পৰিয়ালৰে আন এজন সদস্য ৷

লগতে পঢ়ক: ৰাতাবাৰীত শম্ভূ সিং মাল্লাৰ হৈ নিৰ্বাচনী প্ৰচাৰ তেজস্বী যাদৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.