ETV Bharat / state

ৰঙাপৰাত পিতৃক হত্যাকাৰী আৰক্ষী জালত

author img

By

Published : May 16, 2020, 4:07 PM IST

AS_Rangapara_16 May_801_805_Vis+Byte+Still_RANGAPARA NEWS_Pankaj Nath_I
ৰঙাপৰাত পিতৃক হত্যাকাৰী আৰক্ষী জালত

পাৰিবাৰিক সংঘাতৰ বিষম পৰিনতিত নিজ পুত্ৰই হত্যা কৰিলে পিতৃক হস্ত নিৰ্মিত বন্দুকে ৷

ৰঙাপৰা,16মেঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ৪ নং গেৰগুৱাজুলিত মঙ্গলবাৰে নিশা সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তজনক অৱশেষত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । নিজ পুত্ৰই হত্যা কৰিছিল পিতৃক দ্বিতীয় বিবাহ কৰোৱা পত্নীৰ একমাত্ৰ পুত্ৰ অঞ্জালু ইছলাৰীয়ে পিতৃ মনি বসুমতাৰীক হস্ত নিৰ্মিত বন্দুকৰে গুলিয়াই হত্যা কৰিছিল । ৰঙাপৰা আৰক্ষীয়ে ৪৮ ঘন্টাৰ ভিতৰত গোপন সূত্ৰৰ পম খেদি শুক্ৰবাৰে ৰঙাপৰা আৰক্ষীৰ বিষয়া বুধিন পেগু আৰু উপ পৰিদৰ্শক দিলীপ বৰাই হত্যাকাৰীজনক ঘৰৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে ৷

ৰঙাপৰাত পিতৃক হত্যাকাৰী আৰক্ষী জালত

ৰঙাপৰা আৰক্ষীয়ে হত্যাকাৰীজনে পুখুৰীত লুকুৱাই থোৱা অৱস্থাৰ পৰা হস্ত নিৰ্মিত বন্দুকটো উদ্ধাৰ কৰে । তৃতীয় পৰ্যায়ৰ লক ডাউন চলি থকাৰ সময়ত ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম-অৰুণাচল সীমান্তৱৰ্তীৰ ৪ নং গেৰগুৱাজুলিত সংঘটিত হোৱাত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছিল । উল্লেখ্য যে আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্ৱে চতিয়া সমষ্টিৰ অন্তৰ্গত জয়সিদ্ধিৰ প্ৰান কুমাৰ বসুমতাৰীৰ পুত্ৰ মনিন বসুমতাৰীয়ে গেৰগুৱাজুলিৰ নৰেশ্ৰী ইছলাৰীক দ্বিতীয় বিবাহৰ মাজেৰে জীৱন অতিবাহিত কৰি আহিছিল । পাৰিবাৰিক সংঘাতৰ বাবেই পুত্ৰই পিতৃক গুলিয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰে ধৃত যুৱকজনে ৷

লগতে পঢ়কঃ কামৰূপ (ম) ক‘ৰণা আক্ৰান্ত ৰােগীৰ সংখ্যা বৃদ্ধিক লৈ মন্তব্য দীপাংক নাথৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.