ETV Bharat / state

তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সামগ্ৰী প্ৰদান ৰিপুন বৰাৰ

author img

By

Published : Aug 31, 2021, 10:31 PM IST

Rajya Sabha MP Ripun Bora donates medical equipment
তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা সামগ্ৰী প্ৰদান ৰিপুন বৰাৰ

সাংসদ উন্নয়ন পুঁজিৰ অধীনত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসা সামগ্ৰী আগবঢ়াই ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই ৷ সাংসদ পুঁজিৰ মুঠ ২ কোটি ৪০ লাখ টকাৰ ব্যয়ৰে ৰোগীৰ চিকিৎসা সেৱাৰ সুবিধাৰ্থে সামগ্ৰীখিনি প্ৰদান কৰা হয় ৷

তেজপুৰ, ৩১ আগষ্ট : মঙলবাৰে সাংসদ উন্নয়ন পুঁজিৰ অধীনত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালত চিকিৎসা সামগ্ৰী প্ৰদান কৰে ৰাজ্য সভাৰ সাংসদ ৰিপুন বৰাই ৷ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হাতত চিকিৎসা সামগ্ৰী প্ৰদান ৰাজ্যসভাৰ সংসদ গৰাকীয়ে ৷

সাংসদ গৰাকীয়ে সংবাদিকৰ আগত সদৰি কৰা মতে, সাংসদ পুঁজিৰ মুঠ ২ কোটি ৪০ লাখ টকাৰ ব্যয়ৰে ৰোগীৰ চিকিৎসা সেৱাৰ সুবিধাৰ্থে সামগ্ৰীখিনি প্ৰদান কৰা হয় ৷ সামগ্ৰীখিনি ভিতৰত আছে, ৩০ খন উন্নত মানৰ বিচনা, 25 টা অক্সিজেন কনচেণ্ট্ৰেটৰ(Oxygen Concentrator), ১০ খন উন্নত মানদণ্ডৰ হুইল চেয়াৰ, ভেন্টিলেটৰ ৬ টা আৰু অক্সিজেন সংযুক্ত ৰোগী কঢ়িয়াই নিয়া ষ্ট্ৰেটচাৰ ৷

লগতে পঢ়ক: ছাত্ৰ-ছাত্ৰীৰ জীৱন ধ্বংসৰ চক্ৰান্তত নামিছে চৰকাৰ : দিব্যজ্যোতি শৰ্মাৰ

এই উপলক্ষে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত এখন সভাৰ আয়োজন কৰা হয় ৷ সভাত উপস্থিত থাকে বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বুৰ লগতে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৷

লগতে পঢ়ক: দিয়ুংমুখ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.