দিয়ুংমুখ হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী কংগ্ৰেছৰ

author img

By

Published : Aug 31, 2021, 9:02 PM IST

nia-probe-demanded-recent-violence-in-dima-hasao

যোৱা 26 আগষ্টত ডিমা হাছাও জিলাৰ ৰেঞ্জাৰবিল অঞ্চলত সংঘটিত হোৱা নৃশংস ঘটনাৰ প্ৰতিবাদত হোজাই জিলাৰ লংকাত অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ লগতে লংকাৰ বিভিন্ন দল সংগঠনে ডিমা হাছাও বিৰোধী স্থিতি গ্ৰহণ কৰিছে ৷ ঘটনাই যাতে সাম্প্ৰদায়িক ৰূপ নলয় তাৰ বাবে শীঘ্ৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে ডিমা হাছাও জিলাৰ কংগ্ৰেছ দলে ৷

ডিমা হাছাও, 31 আগষ্ট : ডিমা হাছাও জিলাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰেঞ্জাৰবিল অঞ্চলত যোৱা 26 আগষ্টত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাকলৈ ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ কিন্তু ঘটনাৰ 4 দিন উকলি যোৱাৰ পাছতো ঘটনাৰ আঁৰত কোন জড়িত হৈ আছে সেই কথা চৰকাৰে স্পষ্ট কৰা নাই ৷ যাৰ বাবে উক্ত ঘটনাক কেন্দ্ৰ কৰি সাম্প্ৰদায়িক সংঘাত হোৱাৰ আশংকা ব্যক্ত কৰিছে ডিমা হাছাও জিলা কংগ্ৰেছ দলে ৷ লগতে ঘটনাৰ তদন্তৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী তুলিছে কংগ্ৰেছে ৷

মন কৰিবলগীয়া যে, এই ঘটনাক কেন্দ্ৰ কৰি হোজাই জিলাৰ লংকাত বৰ্তমানো অব্যাহত আছে তীব্ৰ উত্তেজনা ৷ কাৰণ লংকাৰ 4 গৰাকী ট্ৰাক চালক আৰু উত্তৰ প্ৰদেশৰ এগৰাকী ট্ৰাক চালকৰ উক্ত ঘটনাত উগ্ৰপন্থীৰ গুলীত নিহত হৈছিল ৷ এই ঘটনাৰ পিচতে লংকাৰ বিভিন্ন দল সংগঠনে ডিমা হাছাও বিৰোধী স্থিতি গ্ৰহণ কৰিছে ৷ কেৱল ইমানেই নহয় লংকাত এতিয়া ডিমা হাছাও মুর্দাবাদ শ্ল’গান শুনিবলা পোৱা গৈছে ৷

কিন্তু দল-সংগঠন সমূহৰ এনে প্ৰতিবাদৰ পাছতো চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছৰ মুখপাত্ৰ সমৰজিত হাফলংবাৰে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ হাফলং ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে হোজাই জিলাৰ লংকাৰ উদালিত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ যোগে আহ্বান জনোৱাৰ কথা প্ৰকাশ কৰিছে ৷

লগতে পঢ়কঃ মেঘালয়ৰ আগ্ৰাসন : সীমান্তত নিৰ্মাণ কৰিলে পথ

নেতা গৰাকীয়ে কয় যে, ঘটনাৰ 72 ঘণ্টাৰ বেছি সময় উকলি যোৱাৰ পিচতো উক্ত ঘটনাৰ লগত কোন জড়িত হৈ আছে সেইয়া এই পৰ্যন্ত চৰকাৰে স্পষ্ট কৰিব পৰা নাই ৷ এইয়া অতি দুৰ্ভাগ্যজনক কথা ৷ ডিমা হাছাও বিৰোধী কাৰ্যকলাপৰ বাবে আইন শৃংখলা ভংগ হোৱাৰ সম্ভাৱনা আছে ৷

এই অৱস্থাত এই ঘটনাই যাতে সাম্প্ৰদায়িক ৰূপ নলয় আৰু ডিমা হাছাও জিলাৰ ৰাইজ যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা নহয় ইয়াৰ বাবে মুখ্যমন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে কংগ্ৰেছ দলে ৷ সংবাদমেলত সমৰজিত হাফলংবাৰে উল্লেখ কৰে যে, ডিমা হাছাও জিলা আৰু হোজাই জিলাৰ ৰাইজৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু শান্তি সম্প্ৰীতি অটুট থাকে তাৰ বাবে দুইখন জিলাৰ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

লগতে পঢ়কঃ কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !

আনহাতে সংবাদমেলত উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কংগ্ৰেছ সদস্য ডেনিয়েল লাংথাচাই কয়, "দিয়ুংমুখত 5 গৰাকী ট্ৰাক চালকক নিৰ্মমভাৱে হত্যা কৰাৰ প্ৰতিবাদত লংকাৰ পৰিস্থিতি উত্তপ্ত হৈ উঠিছে ৷ এতিয়া বিভিন্ন দল সংগঠনে ডিমা হাছাও জিলাৰ মানুহক লক্ষ্য কৰি লৈছে ৷

নেতা গৰাকীৰ অভিযোগ নিৰীহ পাঁচ ট্ৰাক চালকৰ হত্যাকাণ্ডক চৰকাৰে গুৰুত্ব সহকাৰে লোৱা নাই ৷ চৰকাৰৰ ব্যৰ্থতাৰ বাবে এতিয়া ডিমাচা জনগোষ্ঠীক টাৰ্গেট কৰা হৈছে ৷ চৰকাৰৰ এনে স্থিতি অতি অতি দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰি ডেনিয়েল লাংথাচায় দিয়ুংমুখ হত্যাকাণ্ডৰ দায়িত্ব NIA ক অৰ্পন কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়কঃ শ্ৰীকৃষ্ণৰ জন্মভূমি মথুৰাত বন্ধ হ'ব সুৰা আৰু মাংসৰ প্ৰচলন !

ইপিনে ভাঙি যোৱা ডিএইচডি (জে) উগ্ৰপন্থী সংগঠনৰ সদস্য সকলক লৈ গঠিত স্বেচ্ছাসেৱী সংগঠন ডিমা জ্বলাই হচমৰ সাধাৰণ সম্পাদক প্ৰবীণ হাগজাৰে কয়, যোৱা 26 আগষ্টত দিয়ুংমুখৰ ৰেঞ্জাৰবিলত সংগঠিত ঘটনাক দুৰ্ভাগ্যজনক ৷ 5 গৰাকীকৈ ট্ৰাক চালকৰ নিৰ্মম হত্যাকাণ্ডত আমি মৰ্মাহত হৈছো ৷ কিন্তু ইয়াৰ কাৰণে কোনো এটা জাতি-জনগোষ্ঠীক জগৰীয়া কৰা বা এই ঘটনাক সাম্প্ৰদায়িক ৰূপ দিয়া উচিত নহয় ৷

উল্লেখ্য যে, এই ঘটনাৰ আঁৰত উগ্ৰপন্থী সংগঠন ডিএনএলএ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ কিন্তু ঘটনাৰ 4 টা দিন উকলি যোৱাৰ পাছতো চৰকাৰে স্পষ্ট কৰা নাই ঘটনাৰ আঁৰত প্ৰকৃততে কোন জড়িত ৷

লগতে পঢ়কঃ অসম-মেঘালয় সীমান্তত দুৰ্বৃত্তৰ গুলীত নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.