ETV Bharat / state

ভাৰত জোড়ো ন্যায় যাত্ৰাত ব্যৱহাৰ কৰিব নোৱাৰিব পকামূৰা পথাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 8:00 PM IST

Bharat Jodo Nyay Yatra : ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীত কংগ্ৰেছে অনুমতি নোলোৱাকৈ বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰ ব্যৱহাৰ কৰিবলৈ বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া ৷ বাৰেচহৰীয়া ভাওনা সমিতিৰ সংবাদমেল ৷

Bharat Jodo Nyay Yatra
তীব্ৰ প্ৰতিক্ৰিয়া জামুগুৰিহাটত
বাৰেচহৰীয়া ভাওনা সমিতিৰ সংবাদমেল

চতিয়া, 17 জানুৱাৰী : ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচীত কংগ্ৰেছে অনুমতি নোলোৱাকৈ বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰ ব্যৱহাৰ কৰিবলৈ বিচৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৃহত্তৰ জামুগুৰিহাটত ৷ অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে বাৰেচহৰীয়া ভাওনাৰ স্থায়ী কমিটিয়ে এই কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ সমিতিৰ অভিযোগ অনুসৰি পকামূৰা পথাৰ ব্যৱহাৰৰ বাবে অনুমতি লোৱা নাই কংগ্ৰেছ দলে ৷

ইফালে আজি বাৰেচহৰীয়া ভাওনাৰ পকামূৰা পথাৰ কোনো কাৰণতেই ব্যৱহাৰৰ বাবে অনুমতি নিদিয়াৰ বিষয়ে ব্যক্ত কৰে বাৰেচহৰীয়া ভাওনা সমিতিয়ে ৷ আজি জামুগুৰিহাটৰ পৰিদৰ্শন বঙলাত অনুষ্ঠিত এক সংবাদমেলত এই কথা স্পষ্ট কৰিলে বাৰেচহৰীয়া ভাওনা সমিতিৰ বিষয়ববীয়াই ৷ সামাজিক মাধ্যমত কংগ্ৰেছে প্ৰচাৰ কৰা এক বাৰ্তাৰ আলম লৈ অনুষ্ঠিত কৰা এই সংবাদমেলত বাৰেচহৰীয়া ভাওনা সমিতিৰ বিষয়ববীয়াসকলে এই বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত হোৱা পকামূৰা পথাৰখন এখন অৰাজনৈতিক পথাৰ বুলি উল্লেখ কৰে ৷ লগতে এনে এখন ঐতিহ্যমণ্ডিত তথা ইতিহাসপ্ৰসিদ্ধ পথাৰত কোনো ৰাজনৈতিক দলৰ ৰং সানিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি একপ্ৰকাৰে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কাৰ্যসূচী এইখন পথাৰত নিষিদ্ধ বুলি ঘোষণা কৰে বাৰেচহৰীয়া ভাওনা সমিতিয়ে ৷

জানিব পৰা মতে আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাত বাৰেচহৰীয়া ভাওনাথলী ব্যৱহাৰ কৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰচাৰ হৈ আছে ৷ ইয়াৰ পিছৰে পৰা অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ সংবাদমেলত বাৰেচহৰীয়া ভাওনাৰ স্থায়ী সমিতিৰ সভাপতি ভৱ গোস্বামী, উপ-সভাপতি জগত বৰা, সাধাৰণ সম্পাদক জয়ন্ত বৰা, মুখপাত্ৰ নিতুমণি বৰা, সাংগঠনিক সম্পাদক বিশ্ব হাজৰিকাকে ধৰি বিষয়ববীয়াসকল উপস্থিত আছিল ৷

লগতে পঢ়ক : ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ ভীতিগ্ৰস্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী: অলকা লাম্বা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.