ETV Bharat / state

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক লৈ ভীতিগ্ৰস্ত হৈছে অসমৰ মুখ্যমন্ত্ৰী: অলকা লাম্বা

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 4:42 PM IST

Bharat Jodo Nyay Yatra: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা কৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাৰ ৷ 7000 কিঃমিঃ যাত্ৰা কৰি দেখুৱাবলৈ ড৹ শৰ্মাক প্ৰত্যাহ্বান কংগ্ৰেছ নেত্ৰীগৰাকীৰ ৷

National Women Congress President
Alka Lamba slams Assam CM
হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ অলকা লাম্বাৰ

গুৱাহাটী, ১৭ জানুৱাৰী: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক লৈ অসমৰ মুখ্যমন্ত্ৰী ভীতিগ্ৰস্ত হৈ পৰিছে বুলি গুৱাহাটীত মন্তব্য কৰিছে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাই । ৰাজীৱ ভৱনত বুধবাৰে অনুষ্ঠিত এখন সংবাদমেলত মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাই কয় যে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাকলৈ ভীতিগ্ৰস্ত হৈ বিভ্ৰান্তিকৰ কথা কৈ আছে ।

তেওঁ কয়, ‘‘বিজেপিয়ে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা বুলি উপলুঙা কৰিছে । আচলতে এয়া বিজেপিৰ বাবেহে অন্যায় যাত্ৰা । সাধাৰণ মানুহৰ বাবে নহয় । ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ জৰিয়তে ৬০০০ কিলোমিটাৰ পদযাত্ৰা কৰিব । যদি অসমৰ মুখ্যমন্ত্ৰীৰ সাহস আছে, ৰাইজৰ মাজলৈ যোৱাৰ ইচ্ছা আছে তেন্তে ৭০০০ কিলোমিটাৰ যাত্ৰা কৰি দেখুৱাই দিয়ক । কিন্তু তেওঁ বা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেধৰণৰ যাত্ৰা কৰিব নোৱাৰে । কাৰণ তেওঁলোকৰ আৰাম কৰাৰ অভ্যাস হৈ গৈছে ।’’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সমালোচনা কৰি তেওঁ কয় যে মণিপুৰ জ্বলি আছে । মণিপুৰলৈ যাবলৈ প্ৰধানমন্ত্ৰীৰ সময় নাই । কিন্তু সাগৰৰ তীৰত ফটো উঠিবলৈ সময় পোৱা নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ পৰিস্থিতিক লৈ উদ্বিগ্ন নহয় । ৰাহুল গান্ধী মণিপুৰলৈ দুবাৰকৈ গ'ল ।

তেওঁ আৰু কয়, ‘‘ৰাহুল গান্ধীৰ ন্যায় যাত্ৰা নিষ্পেষিতজনৰ মুক্ত কণ্ঠ । সেয়েহে ৰাহুল গান্ধীয়ে মণিপুৰৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছে । 'বেটী বচাও বেটী পঢ়াও' শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত বিভিন্ন ৰাজ্যত মা-বেটী লাঞ্ছিত হৈছে । মহিলাসকল নিৰ্যাতন, ধৰ্ষণৰ বলি হৈছে ৷ সুৰক্ষা দিব পৰা নাই বিজেপিৰ ডাৱল ইঞ্চিন চৰকাৰে । নিবনুৱা সমস্যা সমাধান, বয়-বস্তুৰ মূল্যবৃদ্ধি আদি সকলো দিশতে বিজেপিৰ ডাৱল ইঞ্চিন চৰকাৰ ব্যৰ্থ ।

বিলকিছ বানুৰ পৰা আৰম্ভ কৰি সাক্ষী মালিকলৈকে দেশৰ মহিলাক বিজেপি চৰকাৰে ন্যায় প্ৰদান কৰাত ব্যৰ্থ হোৱা বুলি অভিযোগ তোলে অলকা লাম্বাই ৷ বিলকিছ বানুৰ ধৰ্ষণকাৰীক স্বাধীনতা দিৱসত মুকলি কৰি দি মালা পিন্ধাই মিঠাই খুওৱা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰি উচ্চতম ন্যায়লয়ক শেহতীয়া ৰায়ৰ বাবে ধন্যবাদ জনাই নেত্ৰীগৰাকীয়ে ৷

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে লগতে কয়, ‘‘অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলক ১২০০ টকা মাহিলি দি মহিলা উন্নয়নৰ জয়গান গায় আছে । আকৌ আনফালে অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কোটি কোটি টকা আদায় কৰি আছে । সেয়েহে হিমন্ত বিশ্ব শৰ্মাই নিজৰ অন্তৰ আত্মাৰ প্ৰতি দৃষ্টি দিয়া উচিত । যিগৰাকী মুখ্যমন্ত্ৰী সংস্কাৰী নহয়, নিজ ধৰ্ম পালন নকৰে তেওঁ সংস্কাৰ আৰু ধৰ্মৰ কথা কোৱাৰ অধিকাৰ নাই ।’’

সংবাদেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, ৰাণী নৰহ আদি উপস্থিত আছিল । সংবাদমেলৰ পিছত মহিলা কংগ্ৰেছৰ সভানেত্ৰী অলকা লাম্বাই অসমৰ মহিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ লগত এখন সভাত ভাগ লয় ।‌

লগতে পঢ়ক: ৰাহুল গান্ধীৰ সভালৈ মিঞা মুছলমানসকল যায় : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.