ETV Bharat / state

ৰাহুল গান্ধীৰ সভালৈ মিঞা মুছলমানসকল যায় : মুখ্যমন্ত্ৰী

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 8:16 PM IST

Assam CM on Rahul Gandhi : ৰাহুল গান্ধীৰ সভালৈ মিঞা মুছলমানসকল যায় ৷ কিন্তু এতিয়া তেওঁলোকো লাহে লাহে নোযোৱা‌ হৈছে । এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Assam CM on Rahul Gandhi
ৰত জড়ো ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য

গুৱাহাটী, ১৬ জানুৱাৰী : ‘‘এটা বিশেষ সম্প্ৰদায়ৰ মানুহৰ বাহিৰে ৰাহুল গান্ধীৰ সভালৈ আজিকালি কোনো‌ মানুহ নাযায় ৷’’ মঙলবাৰে এক সংবাদমেলত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । দিছপুৰৰ লোকসেৱা ভৱনত মঙলবাৰে অনুষ্ঠিত এখন‌ সংবাদমেলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাই ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত কয় যে ৰাহুল গান্ধীৰ সভালৈ মিঞা মুছলমানসকল যায় ।‌ কিন্তু এতিয়া লাহে লাহে তেওঁলোকো নোযোৱা‌ হৈছে ।

মুখ্যমন্ত্ৰীয়ে‌ লগতে কয় যে বিজেপিৰ উন্নয়নমূলক আঁচনিসমূহৰ আশীৰ্বাদৰ বাবে মিঞা মুছলমানৰ মহিলাসকল এতিয়া‌ আমাৰ ভোটবেংক হৈ পৰিছে । তেওঁ আৰু কয়, ‘‘ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ‌ অসুবিধা নোহোৱাৰ বাবে মোৰ মাজুলী ভ্ৰমণ বাতিল কৰিছো’’ ।

তেওঁ কয়, ‘‘১৮ আৰু ১৯ জানুৱাৰীৰ যোৰহাটৰ কাৰ্যসূচী বাতিল কৰা হৈছে । কিন্তু এই কাৰ্যসূচীসমূহ এমাহ আগতে নিৰ্ধাৰণ কৰা আছিল । তাৰ‌ পিচতো ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ‌ অসুবিধা নোহোৱাৰ বাবে কাৰ্যসূচীসমূহ বাতিল‌ কৰা‌ হৈছে’’ । তেওঁ কয় যে এনেধৰণৰ চৰকাৰৰ ক’তো নাপায় ।

উল্লেখ্য যে, চলিত মাহৰ 14 পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ পৰা আৰম্ভ কৰে ৷ আজি অৰ্থাৎ মঙলবাৰে এই ন্যায় যাত্ৰাৰ তৃতীয়টো দিন ৷ মঙলবাৰে পুৱতি নিশাই নাগালেণ্ডৰ কহিমাৰ পৰা পুনৰ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

কংগ্ৰেছ নেতাগৰাকীয়ে আৰম্ভ কৰা ভাৰত জোড়ো ন্যায় যাত্ৰা সন্দৰ্ভত বিভিন্ন সময়ত বহু লোকে ভিন্ন মন্তব্য কৰিছিল ৷ এই ন্যায় যাত্ৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মায়ো কেতবোৰ মন্তব্য কৰে ৷

লগতে পঢ়ক : ৰঞ্জন গগৈলৈ অসম বৈভৱ সন্মান, ৪ গৰাকীলৈ অসম সৌৰভ, ১৭ গৰাকীলৈ অসম গৌৰৱ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.