Assam Rifles DG প্ৰদীপ চন্দ্ৰন নায়াৰলৈ অতি বিশিষ্ট সেৱা পদক

author img

By

Published : Nov 23, 2021, 5:40 PM IST

DG Assam Rifles
DG Assam Rifles প্ৰদীপ চন্দ্ৰন নায়াৰক প্ৰদান অতী বিশিষ্ট সেৱা পদক ()

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এক বিশেষ অনুষ্ঠানত অসম ৰাইফলছৰ শীৰ্ষ বিষয়াগৰাকীক প্ৰদান কৰে এই সন্মানীয় অতী বিশিষ্ট সেৱা পদক (Prestigious Ati Vishisht Sewa Medal) । ইয়াৰ পূৰ্বে তেওঁ যুদ্ধ সেৱা পদক আৰু সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ডৰ দ্বাৰাও প্ৰশংসা কৰা হৈছিল ।

তেজপুৰ,২৩ নৱেম্বৰ : অসম ৰাইফলছৰ ২১ সংখ্যক সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰক সন্মানীয় অতি বিশিষ্ট সেৱা পদক (prestigious Ati Vishisht Seva Medal) প্ৰদান কৰা হয় ৷ অসম ৰাইফলছৰ শীৰ্ষ বিষয়াগৰাকীক ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে (President of India Ram Nath Kovind awards Ati Vishisht Sewa Medal to Lt. Gen PC Nair) প্ৰদান কৰে এই সন্মান ।

অসম ৰাইফলছৰ সঞ্চালক প্ৰধান গৰাকীক ইতিমধ্যেই সেনাৰ সেৱা মেডেলেৰে (Yudh Seva Medal) সন্মানীত কৰা হৈছিল ৷

নাগালেণ্ডৰ অসম ৰাইফলছৰ (উত্তৰ) মহা-পৰিদৰ্শক হিচাপে তেওঁ সফল হোৱাৰ বাবেই বিষয়াজনক এই সন্মানীয় বঁটা প্ৰদান কৰা হৈছে । মণিপুৰত অসম ৰাইফলছৰ ব্ৰিগেড কামাণ্ডাৰ হৈ থকাৰ সময়ত তেওঁক যুদ্ধ সেৱা পদকৰে সন্মানিত কৰা হৈছিল আৰু তিনিবাৰ সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ডৰ দ্বাৰাও প্ৰশংসিত হৈছিল ।

লেফটেনেণ্ট জেনেৰেল প্ৰদীপ চন্দ্ৰন নায়াৰৰ উত্তৰ-পূৰ্বাঞ্চলত ৰণ কৌশলৰ আছে সম্পূৰ্ণ অভিজ্ঞতা । পূৰ্বে অসমত তেওঁ 18 sikh regiment ক কামাণ্ড কৰিছিল, ইয়াৰ পিছত মণিপুৰত ব্ৰিগেড কমাণ্ডাৰ আৰু শেহতীয়াকৈ নাগালেণ্ডত তেখেতক অসম ৰাইফলছৰ মহা-পৰিদৰ্শক হিচাপে দায়িত্ব দিয়া হৈছে । উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসম ৰাইফলছৰ মহাপৰিদৰ্শক (উত্তৰ) হিচাপে তেওঁৰ বিশাল অভিজ্ঞতাই অঞ্চলটোত শান্তি কঢ়িয়াই অনাৰ লগতে বিদ্ৰোহ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে ।

অসম ৰাইফলছৰ সঞ্চালক প্ৰধান হিচাপে তেখেতৰ বৰ্তমানৰ নিযুক্তিত, উত্তৰ-পূৰ্বাঞ্চলবাসী(People of North East) যথেষ্ট লাভান্বিত হ'ব বুলিও আশা কৰা হৈছে ।

লগতে পঢ়ক:Uttam Yudh Seva Medal অসম সন্তান লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.