ETV Bharat / state

Poor Condition of Health Sector : মিছামাৰীত মুকলিৰ পূৰ্বেই গোহালিত পৰিণত উপ স্বাস্থ্য কেন্দ্ৰ

author img

By

Published : Oct 30, 2022, 1:12 PM IST

মিছামাৰীত মুকলি হোৱাৰ পূৰ্বে গোহালিত পৰিণত হৈছে এটা উপ-স্বাস্থ্য কেন্দ্ৰ (poor condition of health sub centre in Sonitpur) । কেইবা লাখ টকা চৰকাৰী ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰামনাথপুৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ নতুন গৃহটো আজিও কাৰ্যক্ষম হৈ নুঠাত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।

sub centre
sub centre

ৰঙাপৰা, ৩০ অক্টোবৰ : ৰাজ্যৰ স্বাস্থ্য খণ্ডত আমুল পৰিৱৰ্তন হোৱা বুলি ঢাক-ঢোল বজাই থকাৰ সময়তে গ্ৰামাঞ্চলত স্বাস্থ্য খণ্ডৰ এক পুতৌলগা অৱস্থা উন্মোচিত হৈছে (poor condition of health sector) ৷ শোণিতপুৰ জিলাৰ মিছামাৰীৰ ৰামনাথপুৰ উপ-স্বাস্থ্য কেন্দ্ৰ মুকলিৰ পূৰ্বে গোহালিত পৰিণত হোৱাৰ অভিযোগ উঠিছে (poor condition of health sub centre in Sonitpur) ।

কেইবা লাখ টকা চৰকাৰী ধন ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৰামনাথপুৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ নতুন গৃহটো আজিও কাৰ্যক্ষম হৈ নুঠাত স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে । মুকলিৰ পূৰ্বে ৰামনাথপুৰ উপ-স্বাস্থ্য কেন্দ্ৰটো এতিয়া গৰু-ছাগলীৰ আশ্ৰয়স্থল হৈ পৰিছে ৷ উল্লেখ্য যে, ৰামনাথপুৰ উপস্বাস্থ্য কেন্দ্ৰৰ পুৰণি গৃহটো জৰাজীৰ্ণ হোৱাৰ পিছতেই ৰাজ্য চৰকাৰ চতুৰ্দশ বিত্তীয় আয়োগৰ (14th finance commission) পুঁজিৰ দ্বাৰা অঞ্চলটোৰ স্বাস্থ্য সেৱা উন্নত কৰিবলৈ প্ৰায় ৯ লাখ টকা ব্যয়ৰে ৰামনাথপুৰ উপ-স্বাস্থ্য কেন্দ্ৰটো নতুনকৈ নিৰ্মাণ কৰা আঁচনি ৰূপায়ণ কৰে জিলা পৰিষদৰ তত্ত্বাৱধানত ৷

স্বাস্থ্য কেন্দ্ৰৰ গৃহটো কাৰ্যক্ষম হোৱাটো দূৰৈৰে কথা, আজিও সম্পূৰ্ণ নহ'ল ৷ তাৰ কাম এতিয়াও বহু বাকী আছে ৷ ৰামনাথপুৰ উপ-স্বাস্থ্য কেন্দ্ৰৰ পুৰণি ঘৰটো জৰাজীৰ্ণ হৈ পৰাত তাৰ স্বাস্থ্য কৰ্মীসকলে সমস্যাৰ সন্মুখীন হ'বলীয়া হৈছে ৷ এই ক্ষেত্ৰত স্থানীয় গাঁও প্ৰধান নিত্যানন্দ দাসে শীঘ্ৰে স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম কৰি তুলি ৰাইজক উপকৃত কৰিবলৈ আহবান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ৷

মিছামাৰীত মুকলিৰ পূৰ্বেই গোহালিত পৰিণত উপ স্বাস্থ্য কেন্দ্ৰ

উল্লেখ্য, ৰাজ্যৰ স্বাস্থ্য খণ্ডক লৈ মাজে-সময়ে প্ৰশ্ন উত্থাপন হৈ আহিছে (health sector condition of Assam) । চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ জয়গান গাই থকাৰ সময়তে এতিয়াও বহু লোক উপযুক্ত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আহিছে । স্বাস্থ্য কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি, উপযুক্ত চিকিৎসা সুবিধা আৰু পৰ্যাপ্ত চিকিৎসকৰ অভাৱত বহু অঞ্চলৰ লোক এতিয়াও উন্নত চিকিৎসা ব্যৱস্থাৰ পৰা বাদ পৰি থাকিবলগীয়া হৈছে । যাৰ ফলত শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰীৰ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ উন্নয়নৰ শ্লোগান অসাৰ প্ৰতিপন্ন হৈছে ।

লগতে পঢ়ক :2008 Assam serial blasts : অসমবাসীয়ে পাহৰিব নোৱাৰা অভিশপ্ত 30 অক্টোবৰৰ ১৪ বছৰ অতিক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.