চিৰাজুলিৰ ATM লুটৰ সৈতে জড়িত তিনি অভিযুক্তৰ সন্ধানত আৰক্ষী

author img

By

Published : Oct 20, 2021, 10:12 AM IST

Police search for three accused in Atm loot case in Sirajuli

শোণিতপুৰ জিলাৰ চিৰাজুলিত 9 অক্টোবৰত সংঘটিত হৈছিল ATM ৰ ধন লুটৰ ঘটনা ৷ এই ঘটনাৰ তদন্ত চলাই শোণিতপুৰ আৰক্ষীয়ে ঘটনাৰ এসপ্তাহৰ পাছত দুজন অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আন তিনি অভিযুক্তৰ সন্ধানত আছে আৰক্ষী ৷

তেজপুৰ, 20 অক্টোবৰ : চিৰাজুলিত 9 অক্টোবৰত সংঘটিত ATM ৰ পৰা ধন লুট কৰাৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে শোণিতপুৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত দুগৰাকী মহিলাসহ তিনিজনক কৰায়ত্ত কৰিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে আন তিনিজনৰ অভিযুক্তৰ সন্ধানত অব্যাহত ৰাখিছে তদন্ত ৷

সমান্তৰালকৈ এটিএমটোৰ পৰা লুট হোৱা প্ৰায় ২৫ লাখ টকাৰ চাৰি লাখ ৭৫ হেজাৰ টকা ইতিমধ্যে ডিব্ৰুগড়ৰ পৰা উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱাত

শোণিতপুৰৰ আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনাৱাতে মঙলবাৰে এই ডকাইতি কাণ্ডৰ লগত এসময়ত NDFB ৰ সৈতে জড়িত থকা ওদালগুৰি জিলাৰ ওৰাঙৰ নতুন পাণবাৰী অঞ্চলৰ কেনাৰাম বসুমতাৰী(৩৬) ওৰফে কেনাই ওৰফে মটু ওৰফে বসুৰ লগতে ওদালগুৰিৰ গৰৈমাৰীৰ আগষ্টিন মুছাহাৰী(৩৪) আৰু গোগামুখৰ মহন্ত গয়াৰী ওৰফে জি মোহৰ জড়িত থকাৰ কথা জানিবলৈ দিয়ে ৷

তদুপৰি এটিএম লুটৰ সময়ত ব্যৱহাৰ কৰা এ কে ছিৰিজৰ ৰাইফলটো কেনাৰামৰ আছিল বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে ৷ তেওঁ এই অভিযুক্তটোৱে পূৰ্বেও ৰাজ্যৰ বিভিন্ন অঞ্চলত প্ৰায় একাধিক এটিএমত লুটপাত চলোৱাৰ কথা জানিবলৈ দিয়ে ৷

ধনঞ্জয় ঘনাৱাতে সদৰী কৰা অনুসৰি বঙাইগাঁও, নলবাৰী, ৰৌতা, লখিমপুৰৰ লগতে অৰুণাচল প্ৰদেশৰ ৰ’য়িঙতো ইয়াৰ পূৰ্বে এটিএম লুটৰ লগত জড়িত থকাৰ অভিযোগত কেনাৰামক গ্ৰেপ্তাৰো কৰা হৈছিল যদিও কাৰাগাৰৰ পৰা মুক্ত হৈয়েই পুনৰ একে কাৰ্যত জড়িত হৈ পৰে ৷ কেনাৰামেই অৰুণাচল প্ৰদেশৰ ৰ’য়িঙত ২০১৭ ত তদানীন্তন আৰক্ষী অধীক্ষকগৰাকীকো আগ্নেয়াস্ত্ৰৰে আক্ৰমণ কৰিছিল ৷

লগতে পঢ়ক : আলট্ৰাচাউণ্ড মেচিন নহয়, নগাঁও চিভিলৰ পৰা চুৰি হ'ল কম্পিউটাৰৰ চি পি ইউ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.