আলট্ৰাচাউণ্ড মেচিন নহয়, নগাঁও চিভিলৰ পৰা চুৰি হ'ল কম্পিউটাৰৰ চি পি ইউ

author img

By

Published : Oct 19, 2021, 9:55 PM IST

Computer CPU stolen from Nagaon civil hospital

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা ৰহস্যজনক ভাৱে নাইকিয়া হ'ল কম্পিউটাৰৰ চি পি ইউ । আলট্ৰাচাউণ্ডত ব্যৱহাৰ কৰা কম্পিউটাৰৰ চি পি ইউ চুৰি হোৱাত বন্ধ হৈ আছে আলট্ৰাচাউণ্ড । ৰোগীৰ মাজত হাহাঁকাৰ।

নগাঁও, 19 অক্টোবৰ : নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা এটা কম্পিউটাৰৰ চি পি ইউ চুৰি হোৱাক লৈ হাহাকাৰ লাগিছে ৰোগীৰ মাজত । যোৱা ১২ অক্টোবৰৰ পূৰ্বেই চিকিৎসালয়খনৰ পৰা ৰহস্যজনকভাৱে এটা কম্পিউটাৰৰ চি পি ইউ চুৰি হোৱা কথাটো চিকিৎসালয় কৰ্তৃপক্ষই গোপনে ৰাখিছিল ৷ বিগত দিন কেইটাত চিকিৎসালয়খনত ৰোগীৰ পৰীক্ষাৰ বাবে থকা আলট্ৰাচাউণ্ডত ব্যৱহৃত কম্পিউটাৰৰ চি পি ইউ নাইকিয়া হোৱাৰ পিছত ৰোগী সকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় ।

কিয়নো ৰোগী সকলে বিনামূলীয়াকৈ পোৱা এই আলট্ৰাচাউণ্ড সুবিধা বিগত দিনকেইটাত লাভ কৰা নাছিল । সেই সময়ত চিকিৎসালয় কৰ্তৃপক্ষই কৌশলপূৰ্ণ কথাৰে ৰোগীক আশ্বস্ত কৰাৰ চেষ্টা কৰিছিল । ইপিনে, চিকিৎসালয়ৰ পৰা আল্টাচাউণ্ডত ব্যৱহাৰ কৰা কম্পিউটাৰৰ চি পি ইউ নাইকিয়া হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে ।

কিয়নো তলাবন্ধ কোঠাটোৰ পৰা কেনেকৈ চি পি ইউটো নাইকিয়া হ'ল তাক লৈয়ো ৰহস্যৰ সৃষ্টি হৈছে । চিকিৎসালয়খনৰ পৰা আলট্ৰাচাউণ্ডত ব্যৱহাৰ কৰা কম্পিউটাৰৰ চি পি ইউ চুৰি হোৱা বুলি চিকিৎসালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে । ইতিমধ্যে ঘটনাটো আৰক্ষী থানাত চিকিৎসালয় কৰ্তৃপক্ষই অৱগত কৰাত চিকিৎসালয়খনত আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে ।

আটাইতকৈ আশ্চৰ্য্যকৰ বিষয় এইয়ে যে নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা চিকিৎসালয়খনৰ তলাবন্ধ কোঠাটোৰ পৰা চোৰে কেনেকৈ আলট্ৰাচাউণ্ড মেচিনটো স্পৰ্শ কৰিবলৈ পালে, এই লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । চিকিৎসালয়খনৰ পৰা চি পি ইউ চুৰি হোৱা ঘটনাটোৰ লগত চিকিৎসালয় খনৰ কোনো কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰিছে একাংশ সচেতন লোকে । অৱশ্যে আৰক্ষীৰ সঠিক তদন্ততহে প্ৰকৃত ৰহস্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: কি কি সিদ্ধান্ত হ’ল ৰাজ্যিক কেবিনেটত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.