Recovered weapons in Sonitpur: শোণিতপুৰত অস্ত্ৰসহ আটক তিনি চোৰাং চিকাৰী

author img

By

Published : Jan 25, 2023, 1:51 PM IST

Poachers arrested with weapons in Sonitpur

শোণিতপুৰত গণৰাজ্য দিৱসৰ প্ৰাকমূহুৰ্তত উদ্ধাৰ অস্ত্ৰ শস্ত্ৰ (Recovered weapons in Sonitpur) ৷ লগতে আটক হৈছে তিনিটা চোৰাং চিকাৰী ৷

তেজপুৰ, ২৫ জানুৱাৰী: সমাগত 74th সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ মাজত মাত্ৰ কেইটামান ঘন্টা ৷ গণৰাজ্য দিৱসক লৈ দেশ তথা ৰাজ্যজুৰী চলিছে ব্যাপক প্ৰস্তুতি ৷ ইয়াৰ মাজতে গণৰাজ্য দিৱসত কূটাঘাটকাৰীয়ে যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যজুৰী গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷

ইফালে গণৰাজ্য দিৱসৰ প্ৰস্তুতি চলি থকাৰ মাজতে কেইবাটাও অস্ত্ৰ উদ্ধাৰ হৈছে শোণিতপুৰত ৷ মঙলবাৰে নিশা শোণিতপুৰ জিলাৰ অন্তৰ্গত ভালুকপুঙ আৰু চাৰিদুৱাৰ থানা আৰক্ষীয়ে যৌথ অভিযান চলাই এই সফলতা লাভ কৰিবলৈ সক্ষম হয় (Poachers arrested with weapons in Sonitpur) ৷

ঘটনাৰ বিৱৰণী অনুসৰি, এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত মঙলবাৰে পুৱতি নিশা ২ নং মানশিৰি গাঁৱৰ এটা বাসগৃহত অভিযান চলাই আৰক্ষীৰ দলটোৱে ৷ অভিযান কালত ৩ টা দেশীয় ভাৱে নিৰ্মীত বন্দুক আৰু ১২ জাঁই গুলি উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে এই অভিযানত আৰক্ষীয়ে আটক কৰে তিনি চোৰাং চিকাৰীকো ৷

আটকাধীন চোৰাং চিকাৰীকেইটা ক্ৰমে টিকিৰা মুছাহাৰী, তেপ্ৰা খাখলাৰী আৰু উত্তম ৰাভা ওৰফে লেংৰাত বুলি জানিব পৰা গৈছে । আৰক্ষী সূত্ৰত জানিব পৰা মতে আটকাধীন চোৰাং চিকাৰীকেইটাই এই অস্ত্ৰসমূহ ব্যৱহাৰ কৰি আহিছিল (Poachers arrested in Sonitpur) ।

শোণিতপুৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে জনায় যে এই অস্ত্ৰসমূহ নিজা বাসগৃহত গোপনে ৰাখি থৈছিল আৰু এই খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ তাৰ পিছতেই অভিযান চলাই অস্ত্ৰসহ আটক কৰে চোৰাং চিকাৰীকেইটাক ৷ অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলিও উল্লেখ কৰিলে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে ।

উল্লেখ্য যে শোণিতপুৰ জিলাৰ নামেৰী সংলগ্ন এলেকাত বিগত সময়চোৱাত আটক হৈছিল বহু চোৰাং চিকাৰী । শেহতীয়াকৈ মাজবাটত উদ্ধাৰ হৈছিল মাৰণাস্ত্ৰ (Weapons recovered in Mazbat) অসম অৰুণাচল সীমান্তৰ 2 নং চিকাৰী ডাঙাত অভিযান চলাই গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰিছিল দুটাকৈ মাৰণাস্ত্ৰ ৷

ইয়াৰে এটা ৰাছিয়াত নিৰ্মিত SKS চেমি অটমেটিক ৰাইফল ৷ লগতে ৪৩ জাই ৰাইফলৰ সজীৱ গুলী আৰু ৬২ জাই পিষ্টলৰ সজীৱ গুলীও উদ্ধাৰ হৈছিল অভিযানকালত ৷ ওদালগুৰি আৰক্ষী আৰু মাজবাট আৰক্ষীৰ নেতৃত্বত চলিছিল এই অভিযান ৷

লগতে পঢ়ক: Weapons recovered in Majbat: গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.