ETV Bharat / state

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত অস্ত্ৰসহ আটক অভিযুক্ত চোৰাং চিকাৰী

author img

By

Published : Sep 12, 2020, 8:01 PM IST

নামেৰী ৰাষ্ট্ৰীয় উদ্যান
নামেৰী ৰাষ্ট্ৰীয় উদ্যান

নামেৰীৰ বনাঞ্চলিক বিষয়া দেৱাশীষ বুঢ়াগোঁহাইৰ নিৰ্দেশত বন বিষয়া অমৃত দলে আৰু দীপ কলিতাৰ সৈতে যোৱা এটা টহলদাৰী দলে নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত এজন অভিযুক্ত চোৰাং চিকাৰীক আটক কৰাৰ লগতে জব্দ কৰে বহু বিস্ফোৰক সামগ্ৰী ৷

তেজপুৰ, 12 ছেপ্তম্বৰ: নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত আটক চোৰাং চিকাৰী ৷ আটকাধীন চোৰাং চিকাৰীৰ পৰা জব্দ কৰা হৈছে যথেষ্ট সংখ্যক বিস্ফোৰক সামগ্ৰী ৷ ১১ ছেপ্তেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত নামেৰীৰ বনাঞ্চলিক বিষয়া দেৱাশীষ বুঢ়াগোঁহাইৰ নিৰ্দেশত বন বিষয়া অমৃত দলে আৰু দীপ কলিতাৰ সৈতে যোৱা এটা টহলদাৰী দলে ১৪ মাইল বন শিবিৰ এলেকাৰ দিজি নালাত কেইজনমান লোকৰ কাৰ্য-কলাপ পৰিলক্ষিত কৰিছিল ৷ তেনে সময়তে টহলদাৰী দলটোৱে সেই দিশে আগবঢ়াত কেইজনমান লোকে পানীত জঁপিয়াই পলাই সাৰিবলৈ সক্ষম হয় যদিও,দয়া খাকলাৰী নামৰ জালি অঞ্চলৰ এজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

দুটা হস্তনিৰ্মিত বন্দুক, ভালে সংখ্যক বিস্ফোৰক সামগ্ৰী জব্দ কৰে অভিযানকাৰী দলটোৱে
দুটা হস্তনিৰ্মিত বন্দুক, ভালে সংখ্যক বিস্ফোৰক সামগ্ৰী জব্দ কৰে অভিযানকাৰী দলটোৱে

ধৃত লোকজনৰ পৰা দলটোৱে এখন কাঠৰ নাও, দুটা হস্তনিৰ্মিত বন্দুক, ভালে সংখ্যক বিস্ফোৰক সামগ্ৰী আৰু আন আন বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷ প্ৰাৰম্ভিক পৰ্যায়ৰ অনুসন্ধানৰ পৰা ধৃত লোকজনৰ লগতে পলায়নকাৰী অভিযুক্ত কেইজনে ভিন্ন জীৱ-জন্তু চিকাৰ কৰিবলৈ নামেৰী ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰিছিল বুলি জানিবলৈ দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ ধৃত অভিযুক্তজনৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা অধিনিয়মৰ অধীনত এটা গোচৰ ৰুজু কৰি শনিবাৰে শোণিতপুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয় ৷ ঘটনা সন্দৰ্ভত নামেৰী ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই অনুসন্ধান আৰু অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, তিনিবছৰ পূৰ্বে অভিযানকাৰী বন বিষয়া অমৃত দলেৰ লগতে ১৩ গৰাকী বন কৰ্মীক সোণাই-ৰূপাই অভয়াৰণ্যত নিষ্ঠা আৰু সততাৰে কৰ্তব্য সম্পাদন কৰাৰ বাবে ন্যায়িক দণ্ডাধীশে পুৰস্কৃত কৰিছিল ৷

নামেৰী ৰাষ্ট্ৰীয় উদ্যানত অস্ত্ৰসহ আটক অভিযুক্ত চোৰাং চিকাৰী
নামেৰী ৰাষ্ট্ৰীয় উদ্যানত অস্ত্ৰসহ আটক অভিযুক্ত চোৰাং চিকাৰী

লগতে পঢ়ক: কলিয়াবৰত জব্দ বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.