ETV Bharat / state

মইতো সদায় কৈ থাকো, ড্ৰিংকছ কৰাৰ প্ৰয়োজনীয়তা কি ?

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 2:20 PM IST

path suraksha jan andolan
তেজপুৰত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

প্ৰতিটো মদৰ বটলতে উল্লেখ আছে মদ খাই গাড়ী নচলাব ৷ ২০১৬ চনৰ পৰা অসমত সুৰাৰ মহল আৰু অবৈধ সুৰাৰ বিপনী হ্ৰাস পাইছে, তেজপুৰত উপস্থিত হৈ এই মন্তব্য আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷ চাওক আমাৰ এই বিশেষ প্ৰতিবেদন -

তেজপুৰত পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য

তেজপুৰ, ২৯ নৱেম্বৰ : জনসাধাৰণক সজাগ কৰাত খুব চিৰিয়াছ হৈ পৰিছে মন্ত্ৰী শুক্লবৈদ্য ৷ বাইক ৰেলীৰ মানুহৰ মাজত সজাগতা সৃষ্টিৰ বাবে অৰঙে-দৰঙে ঘূৰি ফুৰিছে মন্ত্ৰীজন ৷ পথ-দুৰ্ঘটনা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে ৷ সুৰা সেৱন কৰি যান-বাহন চলোৱাৰ বাবেই ভাৰতবৰ্ষত বহু মানুহ মৃত্যু মুখত পৰে বুলি তেজপুৰত উপস্থিত হৈ মত প্ৰকাশ কৰে তেওঁ ৷

সুৰা সেৱন কৰি যান-বাহন নচলাবলৈ আৰু ৰাইজৰ মাজত পথ সজাগতা সৃষ্টি কৰিবলৈ মটৰ চাইকেল চলাই পৰিবহণ মন্ত্ৰীজনে ইতিমধ্যে ১৬ খন জিলা অতিক্ৰম কৰিছে । শেহতীয়াকৈ শোণিতপুৰ জিলাত সজাগতাৰ বাবে নিজেই বাইক চলাই উপস্থিত হৈছে মন্ত্ৰীজন ৷ প্ৰতিখন সভালৈ তেওঁ বাইকেৰেই যাত্ৰা কৰিছে ।

উল্লেখযোগ্য যে, শোণিতপুৰত জিলাত বিগত ২০২২ বৰ্ষত মুঠ 356 টা পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে 146 জন লোকৰ মৃত্যু ঘটিছে । আনহাতে চলিত বৰ্ষৰ ২৭ নৱেম্বৰলৈ মুঠ 329 টা পথ দুর্ঘটনাৰ বিপৰীতে বৰ্তমানলৈকে 159 জন লোকে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা হৈছে । সেই বাবেই অসম চৰকাৰৰ পৰিবহণ বিভাগে জনসাধাৰণৰ সজাগতাৰ বাবে পথ সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

ইটিভি ভাৰতৰ লগত হোৱা এক আছুতীয়া সাক্ষাৎকাৰত পৰিবহণ আৰু আবকাৰী বিভাগৰ মন্ত্ৰীগৰাকীয়ে কয় যে সুৰাপান কৰি বাহন চলাচল কৰাটোৱেই ভুল । তেওঁ কয় যে, সুৰাৰ বটলত সুৰাপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ থাকে ৷ যিসকলে সেৱন কৰে সেই অভ্যাস সীমিত হোৱাৰ প্ৰয়োজনীয়তা আছে ৷ সুৰাৰ বিপনী বৃদ্ধি হৈছে যদিও অবৈধ বিপনীৰ হ্ৰাস পাইছে বুলি দাবী কৰে তেওঁ ৷ ২০১৬ চনৰ পিচৰে পৰা সুৰাৰ মহল আৰু অবৈধ সুৰাৰ প্ৰচলন ক্ৰমান্বয়ে হ্ৰাস পোৱা বুলি উল্লেখ কৰে তেওঁ । কিন্তু মন কৰিবলগীয়া যে, শোণিতপুৰত নতুনকৈ পুনৰ ২৭ খন সুৰাৰ বিপনী খোলাৰ বাবে অনুমোদন জনাইছে মন্ত্ৰী শুক্লবৈদ্যৰ আবকাৰী বিভাগে ।

লগতে পঢ়ক : মই আপোনাক উৎসাহিত কৰিছো যে আপুনি কেতিয়াও মদ নাখাব;গাখীৰ খাব: পৰিমল শুক্লবৈদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.