ETV Bharat / state

বালিপৰা চাহ বাগিছাত ক’ভিড নীতি উলংঘা

author img

By

Published : May 31, 2021, 10:41 AM IST

বালিপৰা চাহ বাগিছাত ধোঁৱা চাঙত ক'ভিড প্ৰট’কল
বালিপৰা চাহ বাগিছাত ধোঁৱা চাঙত ক'ভিড প্ৰট’কল

কৰ’ণাক লৈ শংকিত নহয় শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰা চাহ বাগিছা অঞ্চলৰ ৰাইজ ৷ ক’ভিড নীতিক বুঢ়া আঙুলি দেখুৱাই বালিপৰাৰ বজাৰত ভিৰ কৰিছে অসংখ্য লোকে ৷ যাক লৈ শংকিত সচেতন মহল ৷

ৰঙাপৰা,31 মে’: ৰাজ্যত এতিয়াও হ্ৰাস হোৱা নাই মহামাৰী ক’ভিড ভয়াৱহতা ৷ কৰ’ণাক প্ৰতিহত কৰিবলৈ সস্তম হৈ আছে চিকিৎসক তথা আৰক্ষী ৷ ইয়াৰ মাজতেই শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বালিপৰা চাহ বাগিছাৰ বজাৰৰ দৃশ্যই চকু কপালত তুলিছে সচেতন মহলৰ ৷ ৰাজ্য চৰকাৰ তথা প্ৰশাসনে জাৰি কৰা নীতি-নিয়মক বুঢ়া আঙুলি দেখুৱাই বালিপৰা চাহ বাগিছা অঞ্চলৰ ৰাইজে ভিৰ কৰিছে বজাৰত ৷ ক্ৰেতা-বিক্ৰেতাৰ মাজত নাই সামাজিক দূৰত্ব, নাই মাস্ক ৷ এক প্ৰকাৰে কাল কৰ’ণাক লৈ শংকিত নহয় বালিপৰা চাহ বাগিছা অঞ্চলৰ লোক ৷

বালিপৰা চাহ বাগিছাত ধোঁৱা চাঙত ক'ভিড প্ৰট’কল

প্ৰাপ্ত তথ্য অনুসৰি, চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত এই অঞ্চলৰ সৰ্বাধিক লোকৰ দেহত ধৰা পৰিছে কাল কৰ’ণাৰ উপস্থিতি ৷ আনকি, এই অঞ্চলত কৰ’ণাত আক্ৰান্ত হৈ ইতিমধ্যে 3 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ তথাপিও যেন গাত কথা লগা নাই বালিপৰাবাসী ৷

আনহাতে, প্ৰশাসনে গ্ৰামাঞ্চল সমূহত দিনৰ 1 বজাতে সকলো দোকান পোহাৰ বন্ধ কৰাৰ লগতে 2 বজাৰ পৰা জাৰি কৰিছে সান্ধ্য আইন । তেনে সময়তে বালিপৰা চাহ বাগিছাৰ বজাৰ তথা দোকান-পোহাৰত দেখা গৈছে অসংখ্য লোকৰ সমাগম । আনকি 2 বজাৰ পাচতো চলাই আছে বজাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠান । এনে কাণ্ডজ্ঞানহীন কৰ্ম কাণ্ডৰ বাবেই হয়তো চাহ বাগিছা সমূহত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: আংশিক লক্ ডাউনে সমস্যাত পেলাইছে হাঁহ-কুকুৰা পালকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.