ETV Bharat / state

বড়ো জনগোষ্ঠীৰ সমস্যা সন্দৰ্ভত ইউ জি ব্ৰহ্মৰ বৈঠক

author img

By

Published : Feb 22, 2022, 9:38 PM IST

UG Brahma in Tezpur
বড়ো জনগোষ্ঠীৰ সমস্যা সন্দৰ্ভত ইউ জি ব্ৰহ্মৰ বৈঠক

শোণিতপুৰ আৰু বিশ্বনাথ জিলাত বাস কৰি বড়ো লোকসকলৰ আৰ্থ সামাজিক আৰু মাটি-বাৰী সম্পৰ্কীয় সমস্যাৰ বুজ ল’লে মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই (UG Brahma in Tezpur) ৷ ২১, ৫১৫ টা পৰিয়ালক বন অধিকাৰ সুৰক্ষা আইন-২০০৫ৰ আধাৰত পট্টা দিয়াৰ লগতে বহুকেইটা বিষয়ত বিষদ আলোচনা কৰা হয় ৷

তেজপুৰ, ২২ ফেব্ৰুৱাৰী: বিশ্বনাথ আৰু শোণিতপুৰ জিলাত বসবাস কৰা বড়ো লোকসকলৰ আৰ্থ সামাজিক আৰু মাটি-বাৰী সম্পৰ্কীয় সমস্যাৰ বুজ ল’লে মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই (UG Brahma in Tezpur)৷ বি টি আৰ চুক্তিৰ আধাৰত মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মক সভাপতি হিচাপে লৈ গঠন কৰা উপদেষ্টা সমিতিৰ এক উচ্চ পৰ্য্যায়ৰ বৈঠক শোণিতপুৰৰ উপায়ুক্তৰ সন্মিলন কক্ষত অনুষ্ঠিত হয় ।

বড়ো জনগোষ্ঠীৰ সমস্যা সন্দৰ্ভত ইউ জি ব্ৰহ্মৰ বৈঠক

অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ আৰু অন্যান্য পিছপৰা শ্ৰেণী দপ্তৰৰ মন্ত্ৰী উৰ্খাও গৌৰ ব্ৰহ্মৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভাত বি টি চিৰ মুখ্য কাৰ্য্যবাহী সদস্য প্ৰমোদ বড়ো, উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰী, শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস আৰু বিশ্বনাথৰ উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰ প্ৰমুখ্যে অংশ গ্ৰহণ কৰে ।

সভাত অবিভক্ত শোণিতপুৰ জিলাৰ বনাঞ্চল এলেকাত বসবাস কৰা ২১, ৫১৫ টা পৰিয়ালক বন অধিকাৰ সুৰক্ষা আইন-২০০৫ৰ আধাৰত পট্টা দিয়া(Land lease for Bodo), পঞ্চায়তী ৰাজৰ পৰা বঞ্চিত শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ ৫৩৫খন গাঁৱক পঞ্চায়তী আইনৰ অধীনত সামৰি লোৱা, উক্ত গাঁৱৰ জনসাধাৰণৰ শিক্ষা, খোৱাপানীৰ সমস্যাকে ধৰি মৌলিক সমস্যাসমূহৰ সমাধানৰ বাবে বিতং আলোচনা কৰাৰ কথা সদৰি কৰে মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম আৰু বি টি চিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে ৷

লগতে পঢ়ক: বহিষ্কৃত ছাত্ৰ নেতাক আদৰি আছুৰ অৰাজনৈতিক চৰিত্ৰক প্ৰশংসা অগপ বিধায়ক পোনাকণ বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.