ETV Bharat / state

Pijush Hazarika: ভূপেন বৰাই নিজকে কবি আৰু বিজ্ঞ বুলি দম্ভালি মাৰে; পীযূষ হাজৰীকা

author img

By

Published : Aug 3, 2023, 7:45 PM IST

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পলায়নবাদী আখ্যা দি পুনৰ কটাক্ষ মন্ত্ৰী পীযূষ হাজৰীকাৰ ৷ বৃহস্পতিবাৰে শোণিতপুৰ জিলা দিৱসত উপস্থিত থাকে মন্ত্ৰীগৰাকী ৷ মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণ সন্দৰ্ভতো প্ৰতিক্ৰিয়া মন্ত্ৰী হাজৰীকাৰ ৷

Pijush Hazarika
Pijush Hazarika

শোণিতপুৰ জিলা দিৱসত মন্ত্ৰী পীযূষ হাজৰীকা

তেজপুৰ, 3 আগষ্ট: ‘লাভ জিহাদ’ বিতৰ্কত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ নাম লৈ ব্যাপকভাৱে সমালোচনাৰ সন্মুখীন হৈছে প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা ৷ ‘অবাঞ্ছিত’ মন্তব্যৰ বাবে ঘোষা গাই ক্ষমা খুজিও শাসকীয় দল বিজেপিৰ আক্ৰমণৰ পৰা পৰিত্ৰাণ পোৱা নাই ভূপেন বৰাই ৷ এইবাৰ পুনৰ ভূপেন বৰাক আক্ৰমণক লক্ষ্য কৰি লয় মন্ত্ৰী পীযূষ হাজৰীকাই ৷

বৃহস্পতিবাৰে শোণিতপুৰ জিলা দিৱসত উপস্থিত থাকি মন্ত্ৰী পীযূষ হাজৰীকাই ভূপেন বৰা সন্দৰ্ভত কয়, ‘‘আমি ভাবিছিলো ভূপেন বৰা কথা দি কথা ৰখা মানুহ, কিন্তু তেওঁ কালি দিল্লীলৈ গৈছে ৷ তেওঁ অসমৰ মানুহক কৈছিল যে তেওঁ 7 দিন ৰাজনীতিৰ পৰা আঁতৰি থাকিব; আৰু এই 7 দিনৰ প্ৰত্যেক দিনাই নামঘৰলৈ যাব ৷ কিন্তু হঠাৎ তিনিদিনৰ পাচত দিল্লীলৈ গুচি গ’ল ৷’’

পীযূষ হাজৰীকাই লগতে কয় যে ভূপেন বৰাই নিজকে কবি আৰু বিজ্ঞ বুলি দম্ভালি মাৰে, কিন্তু তেওঁ কথা দি কথা ৰাখিব নোৱাৰে ৷ মন্ত্ৰী নোহোৱাকৈ মুখ্যমন্ত্ৰী হোৱাৰ সপোন দেখে ৷ 7 দিন নামঘৰলৈ যাম বুলি তিনি দিনৰ দিনাই দিল্লীলৈ পলায়ন কৰা এনে ৰাজনৈতিক নেতাৰ পৰা অসমৰ ৰাইজে কি পাব, সেয়া চিন্তা কৰিবৰ হ’ল ৷

মঙলদৈত বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণক লৈ সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে এই দলটোৰ আৰ এছ এছ ৰ লগত কোনো সম্পৰ্ক নাই ৷ উপযুক্ত তদন্ত হৈছে আৰু দোষীক শাস্তি প্ৰদান কৰা হ’ব । এনে ঘটনা কেতিয়াও হ’ব নালাগে ৷

উল্লেখ্য যে বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় শোণিতপুৰ জিলা দিৱস ৷ এই অনুষ্ঠানতে সৰ্বভাৰতীয় পৰীক্ষা UPSCত দেশৰ ভিতৰতে পঞ্চম স্থান লাভ কৰা ময়ূৰ হাজৰিকাৰ হৈ তেওঁৰ পিতৃক সম্বৰ্ধনা জনোৱা হয় ৷

বিয়লি 4 বজাৰ পৰা জিলা দিৱসৰ লগত সংগতি ৰাখি তেজপুৰৰ বাণ থিয়েটাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত বিশিষ্ট ইতিহাসবিদ তথা শিক্ষাবিদ ড৹ ৰাজেন শইকীয়াই “শোণিতপুৰৰ জীৱন গাঁথা, ইয়াৰ উদ্ভাৱন, উত্তৰণ আৰু উদযাপন” বিষয়ক বিশেষ বক্তৃতা প্ৰদান কৰে ৷ সমগ্ৰ ৰাজ্যতে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ অসম চৰকাৰৰ লক্ষ্যৰ লগত সংগতি ৰাখি এই উপলক্ষে পথ সুৰক্ষা সজাগতাৰ ওপৰত এখন চমু নাটকৰো আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: INDIA opposition: ‘ইণ্ডিয়া’ত চামিল‌ হ'ব অসমৰ তিনিটা আঞ্চলিক দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.