ETV Bharat / state

মিছামাৰীৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠকটীয়াৰ দপদপনি

author img

By

Published : Aug 22, 2022, 9:54 AM IST

many illegal loggers in the Sonai Rupai Wildlife Sanctuary in Misamari
মিছামাৰীৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠকটীয়াৰ দপদপনি

শোণিতপুৰৰ মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনত দিনক দিনে বৃদ্ধি হৈছে চোৰাং কাঠকটীয়াৰ দপদপনি (Illegal loggers in Sonai Rupai Wildlife Sanctuary)৷ তাৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য ৷

ৰঙাপৰা,22 আগষ্ট: জৈৱ বৈচিত্ৰৰে ভৰপূৰ শোণিতপুৰৰ মিছামাৰীৰ সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনত দিনক দিনে বৃদ্ধি হৈছে চোৰাং কাঠকটীয়াৰ দপদপনি (Illegal loggers in Sonai Rupai Wildlife Sanctuary) ৷ ২২০ বৰ্গ কিলোমিটাৰ বনভূমিৰে আগুৰি থকা সোনাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ উত্তৰ-পূব দিশত একাংশ লোকে যন্ত্ৰ চালিত কৰতৰ জৰিয়তে ইডালৰ পিছত সিডালকৈ মূল্যবান গছ কটাৰ বিষয়ে সকলোৱে জ্ঞাত (Sonai Rupai Wildlife Sanctuary at Misamari)৷

তাৰ মাজতে পোহৰলৈ আহিছে এক উদ্বেগজনক তথ্য ৷ অভয়াৰণ্যখনৰ দুৰ্গম তথা অসম-অৰুণাচল সীমান্তৱৰ্তী উত্তৰ-পূব দিশত ৫০০ টকাৰ দৈনিক হাজিৰাৰ বিনিময়ত একাংশ লোকে বনাঞ্চল ধ্বংসৰ কাৰ্যত জড়িত হৈ পৰিছে বুলি মন্তব্য প্ৰকাশ কৰে মিছামাৰীৰ কলামাটিস্থিত বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰে ৷

মিছামাৰীৰ সোনাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং কাঠকটীয়াৰ দপদপনি

লগতে তেওঁ কয় যে, অভয়াৰণ্যখনত যিমান বন সুৰক্ষা বাহিনীৰ জোৱানৰ প্ৰয়োজন সেই অনুযায়ী নাই পৰ্যাপ্ত পৰিমানৰ বন সুৰক্ষাৰ জোৱান ৷ ইয়াৰ মাজতো নিজৰ জীৱনটোকো তুচ্ছ কৰি বনদৈস্যুৰ লক্ষ্য আৰু উদ্দেশ্যক বিফল কৰিবলৈ দিনে-নিশাই ব্যাপক অভিযান অব্যাহত ৰাখিছে বন সুৰক্ষা বাহিনীৰ জোৱানসকলে ৷ বিগত দুটা বছৰত বনকৰ্মীসকলে অভয়াৰণ্যখনত উপদ্ৰৱ চলোৱা চোৰাং কাঠকটীয়াৰ পৰা ২৫ টাৰো অধিক যন্ত্ৰ চালিত কাঠ কটা মেচিন আৰু কেইবাখনো কাঠ কঢ়িওৱা চাইকেল জব্দ কৰিছে ৷

অভয়াৰণ্যখনৰ ভিতৰত চলি থকা বনাঞ্চলৰ ধ্বংস কাৰ্য প্ৰতিৰোধৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীৰ এই অভিযান ভৱিষ্যতলৈও অব্যাহত থাকিব ৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন বজাৰত কাঠ কটা মেচিনসমূহ অতি কম মূল্যতে উপলব্ধ হয় ৷ ইয়াৰ ফলত একাংশ চোৰাং কাঠকটীয়াই ইয়াৰ সুযোগ বুজি কাঠ কটা মেচিনসমূহ সহজতে ক্ৰয় কৰিব পাৰে ৷ যদি এই ধৰণেই কাঠ কটা মেচিনসমূহ উপলব্ধ হৈ থাকে তেনেহ’লে অভয়াৰণ্য কৰ্তৃপক্ষই যিমানেই ব্যৱস্থা নলওক কিয় বনাঞ্চলৰ ধ্বংস যজ্ঞ চলিয়েই থাকিব ৷ চৰকাৰে যন্ত্ৰ চালিত কাঠ কটা কৰত বন্ধ কৰা অথবা বিক্ৰী কৰাৰ সময়ত অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিলেহে চোৰাং ভাৱে গছ কটা বন্ধ কৰবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰিলে বনাঞ্চলখনৰ দাঁতি-কাষৰীয়া লোকসকলে ।

লগতে পঢ়ক: চন্দ্ৰপুৰৰ ঠাকুৰকুছিত বন্যহস্তীৰ মুক্ত বিচৰণ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.