COVID Vaccination Amrit Mahotsava : শোণিতপুৰত এতিয়াও বহু স্বাস্থ্য কৰ্মীয়ে লোৱা নাই বুষ্টাৰ পালি

author img

By

Published : Jul 15, 2022, 1:57 PM IST

COVID

তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ কৰে (COVID Vaccination Amrit Mahotsava begins in Sonitpur)। জিলাখনত বৰ্তমানলৈকে মুঠ ১৭,৬২,৭৭৮ গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । ১৬,১৯২ গৰাকী প্ৰথম শাৰীৰ যোদ্ধাই লোৱা নাই বুষ্টাৰ পালি । ইয়াৰে ১,১১১ গৰাকী চিকিৎসা কৰ্মী ।

তেজপুৰ,১৫ জুলাই : দেশত আৰম্ভ হৈছে ক'ভিড টীকাকৰণ অমৃত মহোৎসৱ (COVID Vaccination Amrit Mahotsava in India)। কেন্দ্ৰই ১৫ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈ এই ৭৫ দিনৰ বাবে সকলো চৰকাৰী ক'ভিড টীকাকৰণ কেন্দ্ৰত বিনামূলীয়া বুষ্টাৰ পালি প্ৰদানৰ বিশেষ কাৰ্যসূচী ঘোষণা কৰিছে । ১৮ বছৰৰ ওপৰৰ সকলো ব্যক্তি যিসকলৰ দ্বিতীয় পালি গ্ৰহণৰ কৰাৰ ৬ মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে এই বুষ্টাৰ পালি ল'ব পাৰিব ।

COVID
ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ

অসমতো আৰম্ভ হৈছে এই টীকাকৰণ কাৰ্যসূচীৰ । শোণিতপুৰ জিলাৰ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ কৰে (COVID Vaccination Amrit Mahotsava begins in Sonitpur)। জিলাখনত মুঠ ১০৪ টা ক'ভিড প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ১৮ বছৰ আৰু ৫৯ বছৰৰ লোকক এই ক'ভিড প্ৰতিষেধক বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব বুলি জানিবলৈ দিয়ে প্ৰতিষেধকৰ বিষয়া ডঃ বিমান শৰ্মাই ।

COVID
ক'ভিড টীকাকৰণ অমৃত মহোৎসৱৰ শুভাৰম্ভ

শোণিতপুৰ জিলাত বৰ্তমানলৈকে মুঠ ১৭,৬২,৭৭৮ গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । ইয়াৰ ভিতৰত প্ৰথম পালি গ্ৰহণ কৰিছে ৯,১৪,৯৭৮ গৰাকীয়ে আৰু দ্বিতীয় পালি ৮,১৯,৮৫৩ গৰাকী লোকে ।
লক্ষণীয়ভাৱে জিলাখনত এতিয়াও ৬০ বছৰ আৰু তাৰ উৰ্ধৰ ৩৪,৭৭৫ গৰাকী লোকে বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ বাকী আছে ।

১৮ বছৰৰ পৰা ৫৯ বছৰৰ ৪,২৬,২১০ গৰাকীয়ে বুষ্টাৰ পালি গ্ৰহণ কৰা নাই । এই সমূহৰ ভিতৰত ১৬,১৯২ গৰাকী লোক প্ৰথম শাৰীৰ যোদ্ধা । আচৰিত কথাটো হ'ল যে জিলাখনত ১,১১১ গৰাকী চিকিৎসা কৰ্মীয়ে এতিয়ালৈ বুষ্টাৰ প্ৰতিষেধক গ্ৰহণ কৰা নাই ।

লগতে পঢ়ক :Japanese Encephalitis; ধেমাজিত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত দুজনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.