ETV Bharat / state

ৰঙাপৰাত চোৰে লুটিলে লক্ষাধিক মূল্যৰ সামগ্ৰী

author img

By

Published : Jul 19, 2020, 12:12 PM IST

শোণিতপুৰৰ ৰঙাপৰাত উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মজদুৰ ইউনিয়নৰ ৰঙাপৰা শাখাৰ কাৰ্যালয়ত দুদিনৰ ভিতৰত দুবাৰকৈ সংঘটিত হয় চুৰিৰ ঘটনা ৷ বিগত 17 জুলাইত কাৰ্যালয়টোত সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ কিন্তু পুনৰবাৰ শনিবাৰে একেটা কাৰ্যালয়তে চুৰি কাৰ্য সংঘটিত হোৱাত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত ৷

loot at rangapara sonitpur assam etv bharat news
ৰঙাপৰাত চুৰি কাণ্ড

ৰঙাপৰা,19 জুলাই: সান্ধ্য আইন অব্যাহত থকাৰ মাজতে শোণিতপুৰৰ ৰঙাপৰাত সংঘটিত হয় এক চুৰি কাণ্ড ৷ আৰক্ষীৰ নিৰাপত্তাৰ ফোঁপোলা স্বৰূপটো উদঙাই এই চুৰি কাৰ্য সংঘটিত হৈছে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মজদুৰ ইউনিয়নৰ ৰঙাপৰা শাখাৰ কাৰ্যালয়ত ৷ উল্লেখ্য যে, দুদিনৰ ভিতৰত দুবাৰকৈ সংঘটিত হয় এই চুৰিৰ ঘটনা ৷ বিগত 17 জুলাইত কাৰ্যালয়টোত সংঘটিত হৈছিল চুৰিৰ ঘটনা ৷ কিন্তু পুনৰবাৰ শনিবাৰে একেটা কাৰ্যালয়তে চুৰি কাৰ্য সংঘটিত হোৱাত চাঞ্চল্য সৃষ্টি হৈছে অঞ্চলটোত ৷

ৰঙাপৰাত চুৰি কাণ্ড

ৰঙাপৰাত জাৰি কৰা সান্ধ্য আইনৰ মাজতে সংঘটিত দুটাকৈ চুৰি কাৰ্যই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ৰে’ল কৰ্মচাৰীসকলৰ মাজতো ৷ কৰ্মচাৰীসকলে সন্দেহ প্ৰকাশ কৰা অনুসৰি, কাৰ্যালয়টোৰ সমীপত একাংশ সন্দেহজনক লোকে বিগত কিছুদিনৰ পৰা অসামাজিক কাৰ্যকলাপত লিপ্ত হৈ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰি আহিছিল ৷ ইতিমধ্যে চুৰিৰ সন্দৰ্ভত ৰে’ল কৰ্মচাৰীসকলে আৰক্ষীক অৱগত কৰিছে ৷

লগতে চাওকঃ কোকৰাঝাৰত কৰ'ণাত আক্ৰান্তৰ সংখ্যা 236 গৰাকীলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.