টাৱাঙত তৃতীয় DRDO কিষাণ জোৱান বিজ্ঞান মেলাৰ আয়োজন

author img

By

Published : Oct 1, 2022, 12:40 PM IST

tezpur

অৰুণাচল প্ৰদেশৰ টাৱাঙত তৃতীয় DRDO কিষাণ-জোৱান-বিজ্ঞান মেলাৰ আয়োজন । সেনাবাহিনীৰ বিষয়া তথা জোৱানসকলৰ দ্বাৰা আয়োজিত এই বিজ্ঞান মেলাত কৃষিজাত উৎপাদিত সামগ্ৰী প্ৰতিযোগিতা, প্ৰগতিশীল কৃষকৰ বাবে বঁটা প্ৰদান, প্ৰদৰ্শনী, কৃষক সভা অনুষ্ঠানৰ আয়োজন কৰা হয় (Kishan Jawan Bijnan Mela at Tawang Arunachal) ।

তেজপুৰ, ১ অক্টোবৰ : তেজপুৰৰ প্ৰতিৰক্ষা গৱেষণাগাৰৰ হীৰক জয়ন্তী (Diamond Jubilee of Defence Laboratory Tezpur) উদযাপনৰ অংশ হিচাপে শুকুৰবাৰে ডি আৰ এল আৰ এণ্ড ডি চেণ্টাৰ টাৱাঙত (DRLR and D centre Tawang) তৃতীয় ডি আৰ ডি অ’ কিষাণ-জোৱান-বিজ্ঞান মেলা, ২০২২ৰ (DRDO Kishan Jawan Bijnan Mela) আয়োজন কৰা হয় ।

সেনাবাহিনীৰ বিষয়া তথা জোৱানসকলৰ দ্বাৰা আয়োজিত এই বিজ্ঞান মেলাত কৃষিজাত উৎপাদিত সামগ্ৰী প্ৰতিযোগিতা, প্ৰগতিশীল কৃষকৰ বাবে বঁটা প্ৰদান, প্ৰদৰ্শনী, কৃষক সভা অনুষ্ঠানৰ আয়োজন কৰা হয় । খেতিয়কৰ নিজা উৎপাদিত সামগ্ৰীৰ প্ৰদৰ্শনৰ আকৰ্ষণীয় এই অনুষ্ঠানত এছএছবি টাৱাঙৰ ১৩৮ নম্বৰ বেটেলিয়নৰ (।38th Bn SSB Tawang) কমাণ্ডেণ্ট জি এছ উডাৱাটে মুখ্য অতিথি হিচাপে অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

টাৱাঙত তৃতীয় DRDO কিষাণ জোৱান বিজ্ঞান মেলাৰ আয়োজন
টাৱাঙত তৃতীয় DRDO কিষাণ জোৱান বিজ্ঞান মেলাৰ আয়োজন

আনহাতে, অনুষ্ঠানটোত টাৱাং জিলাৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত ৰিঞ্চিন লেটা আৰু কৰ্ণেল ডোধী, ডি. HQ 190 Mtn Bde-ৰ কমাণ্ডাৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে । ডি আৰ এল আৰ ডি চি টাৱাঙৰ অ’ আই চি ডঃ বি জে গগৈয়ে অৰুণাচল প্ৰদেশত ডি আৰ এল-ডি আৰ ডি অ’ৰ কাৰ্যকলাপৰ ওপৰত এক আভাস দিয়ে । ডি আৰ এলৰ মুখ্য মেলা সমন্বয়ক ডঃ অজিতাভ বৰাই মেলাৰ লক্ষ্য সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায় ।

টাৱাঙত তৃতীয় DRDO কিষাণ জোৱান বিজ্ঞান মেলাৰ আয়োজন
টাৱাঙত তৃতীয় DRDO কিষাণ জোৱান বিজ্ঞান মেলাৰ আয়োজন

আমন্ত্ৰিত অতিথি আৰু বিষয় বিশেষজ্ঞ হিচাপে উপস্থিত থকা টাৱাং জিলাৰ কৃষি আৰু মিত্ৰ বিভাগৰ মুৰব্বীৰ উপস্থিতিত এই অনুষ্ঠানত পশ্চিম অৰুণাচল প্ৰদেশৰ মুঠ ১৪০ জন কৃষকে অংশগ্ৰহণ কৰে । অনুষ্ঠানত কৃষি ভিত্তিক বিজ্ঞান কুইজ আৰু মডেলিঙৰ প্ৰতিযোগিতাত ৪ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে । ডি আৰ ডি অ’ কিষাণ-জৱান-বিজ্ঞান মেলাই বিজ্ঞানীসকলৰ সৈতে কৃষক আৰু জোৱানসকলৰ পাৰস্পৰিক ক্ৰিয়া-কলাপৰ বাবে এক ভিত্তি প্ৰদান কৰে, যিয়ে সীমান্ত অঞ্চলৰ গাঁওবাসীৰ মাজত ৰাষ্ট্ৰীয় সংহতি গঢ়ি তোলাত সহায় কৰিব ।

লগতে পঢ়ক :পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.