পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

author img

By

Published : Oct 1, 2022, 12:17 PM IST

orang

ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান । এই উদ্যানখন 79.28 কিঃমিঃ (30.61 বৰ্গমাইল) এলেকা আৱৰি আছে । ১৯৮৫ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হয় আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰা হয় (Orang National Park) ।

ৰৌতা, ১ অক্টোবৰ : পৰ্যটকৰ বাবে শনিবাৰে মুকলি কৰা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park) ৷ বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাৰ উপস্থিতিত উদ্যানখন আজি পুৱা ৮ বজাত মুকলি কৰে বনকৰ্মী ৰামুল বড়োৱে (Orang National Park open for visitors) ৷

উদ্যানখন মুকলি উপলক্ষে প্ৰচাৰ পত্ৰিকা এখনো উন্মোচন কৰা হয় ৷ অৱশ্যে উদ্যানখন মুকলি হ'ল যদিও এতিয়ালৈকে উদ্যানখনত পৰ্যটকৰ বাবে চৰকাৰীভাৱে থকাৰ কোনো ব্যৱস্থা নাই ৷ মঙলদৈ বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱাই জানিবলৈ দিয়া মতে, উদ্যানখনত থকা প্ৰশান্তি লজখন বিগত ২০১৯ চনৰ পৰা বন্ধ হৈ আছে ৷

পৰ্যটকৰ বাবে মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

পৰ্যটন উন্নয়ন নিগমৰ অধীনৰ লজখন পুনৰ খোলাৰ ব্যৱস্থা কৰিলে পৰ্যটকসকলৰ থকা-মেলাৰ সুবিধা হ'ব বুলি স্থানীয় লোকসকলে ব্যক্ত কৰে ৷ ইপিনে প্ৰকৃতিপ্ৰেমী দিলীপ নাথে কয় অসম চৰকাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক মাহীআইৰ দৃষ্টিৰে চাই আহিছে ৷ চৰকাৰে উদ্যানখনৰ প্ৰচাৰত গুৰুত্ব নিদিয়াৰ ফলত পৰ্যটকৰ সংখ্যা কমিছে ৷ আন ৰাষ্ট্ৰীয় উদ্যানৰ দৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনকো গুৰুত্ব দিবলৈ তেওঁ চৰকাৰক আহ্বান জনায় (Tourist place Orang National Park) ৷

আজি উদ্যানখন মুকলি হোৱাৰ পিছতেই উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰে পৰ্যটকসকলে ৷ পৰ্যটকসকলে ওৰাং উদ্যানখন পৰিদৰ্শন কৰি অভিভূত হৈ পৰে ৷ পৰ্যটকসকলে হাতী, গঁড়ৰ লগতে বহুতো জীৱ-জন্তু প্ৰত্যক্ষ কৰে ৷

উল্লেখ্য, ওৰাং ৰাষ্ট্ৰীয় উদ্যান হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত ভাৰতৰ এখন ৰাষ্ট্ৰীয় উদ্যান । এই উদ্যানখন 79.28 কিঃমিঃ (30.61 বৰ্গমাইল) এলেকা আৱৰি আছে । ১৯৮৫ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হয় আৰু ১৯৯৯ চনৰ ১৩ এপ্ৰিলত ৰাষ্ট্ৰীয় উদ্যান হিচাবে ঘোষণা কৰা হয় ।

এই উদ্যানখন বিভিন্ন প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰে সমৃদ্ধ (Orang National Park rich flora and fauna) । এশিঙীয়া গঁড়, নল গাহৰি, এছিয়ান হাতী, বনৰীয়া পানী ম'হ আৰু বেংগল বাঘৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত । এই উদ্যানখন হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত থকা একমাত্ৰ গঁড়ৰ বিচৰণভূমি ।

লগতে পঢ়ক :অগপৰ ৩৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উপলক্ষে জনীয়াত প্ৰস্তুতি সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.