ETV Bharat / state

Kiren Rijiju: বিৰোধী সাংসদৰ দলক অৰুণাচল প্ৰদেশলৈ আমন্ত্ৰণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

author img

By

Published : Aug 8, 2023, 8:15 PM IST

kiren rijiju invites opposition to visit arunachal over chinese village row
বিৰোধী দলৰ সংসদক অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ আমন্ত্ৰণ

সংসদত অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে দেশৰ বিৰোধী দলৰ সংসদক অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ আমন্ত্ৰণ জনায় ।

তেজপুৰ, ৮ আগষ্ট : ভাৰতৰ ভূমিত চীনা সৈন্যই গাঁও স্থাপন কৰা বুলি বিতৰ্ক চলিছে সংসদৰ মজিয়াত ৷ আনকি এই বিষয়টো লৈ বিৰোধীয়েও চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ বিৰোধীয়ে কেন্দ্ৰ চৰকাৰক চীনা সৈন্যই ভাৰতৰ ভূমিত গাঁও স্থাপন কৰাক লৈ সমালোচনা কৰাৰ মাজতে এই বিতৰ্ক সম্পৰ্কে মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচলৰ সাংসদ কিৰেণ ৰিজিজুৱে ৷

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে চীনৰ পি এল এ সৈন্যই যি গাঁও স্থাপন কৰিছে সেয়া ভাৰত চীন যুদ্ধৰ আগতেই স্থাপন হৈছিল ৷ তেতিয়াৰ প্ৰধানমন্ত্ৰী নেহৰুৰ সময়ত চীনক সেই ভূমি ভাৰতে এৰি দিছিল । পূৰ্বতে সেই অঞ্চলত অসম ৰাইফলছৰ লোকে বাহৰ পাতি সুৰক্ষা প্ৰদান কৰিছিল আৰু সেই ঠাই এৰি দিয়াৰ পিচত ১৯৬২ চনত চীনে ভাৰত আক্ৰমণ কৰিছিল । কিৰেণ ৰিজিজুৱে সংসদত মঙলবাৰে বিয়লি ভাষণ প্ৰদান কৰি কয় যে ,"কোনো বদমাছ সাংবাদিকে একো বিষয় নজনাকৈয়ে এটা প্ৰপাগণ্ডা তৈয়াৰ কৰি বাৰ্তা প্ৰেৰণ কৰে আৰু সেয়াকে সত্য বুলি মানি লৈ বিৰোধী দলে বিশ্বাস কৰে" ।

kiren rijiju invites opposition to visit arunachal over chinese village row
বিৰোধী দলৰ সংসদক অৰুণাচল প্ৰদেশ ভ্ৰমণলৈ আমন্ত্ৰণ

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সমাপ্তিৰ পিচতে অৰুণাচল প্ৰদেশলৈ উক্ত স্থান পৰিদৰ্শন কৰিবলৈ বিৰোধী দলৰ সাংসদক আমন্ত্ৰণ জনায় কেন্দ্ৰীয় মন্ত্ৰীজনে । উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পূব দিশত সীমান্তৰ সমীপত চীনৰ পি এল এ সৈন্যই গাঁও স্থাপন কৰাৰ তথ্য বিজেপিৰ সাংসদ তাপীৰ গাৱয়ে সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছিল ।

আনহাতে মণিপুৰৰ যি বিষয়ত বিৰোধী দলে অনাস্থা আনিছে সেই সন্দৰ্ভত তেওঁ কয় যে মণিপুৰত অকল চিন-কুকি-মাৰ আৰু মেইতেই জনগোষ্ঠীৰ সংঘৰ্ষ নতুন ঘটনা নহয় । এইয়া বহু দিনৰ অৰ্থাৎ পূৰ্বৰ চৰকাৰৰ সময়ৰ ঘটনা । তেওঁ সংসদত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰ দেশৰ ভিতৰতে বিদ্রোহীৰ ঘাটি আছিল বুলি কৈ মন্তব্য কৰে যে যোৱা 2014 চনৰ পিছৰ পৰা উগ্ৰপন্থীৰ সমস্যাৰ যথেষ্ট পৰিমাণে শাম কাটিছে ।

এক বিশেষ খতিয়ানেৰে তেওঁ কয় যে যোৱা 9 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত 8 হাজাৰ উগ্ৰপন্থী অস্ত্ৰ বিৰতি লৈ মূল সুঁতিলৈ ঘূৰি আহিছে আৰু 8 শ শতাংশই অগ্ৰগতি লাভ কৰিছে ৷ অপহৰণৰ সংখ্যা ৮১% লৈ হ্ৰাস পাইছে, উগ্ৰপন্থী আৰু সাধাৰণ লোকৰ মাজত হোৱা সংঘৰ্ষ 97% লৈ হ্ৰাস হৈছে । উগ্ৰপন্থী আৰু সুৰক্ষা বাহিনীৰ মাজত হোৱা সংঘৰ্ষ 91% হ্ৰাস পাইছে বুলি তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক : No Confidence Motion in Parliament : মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌন ব্ৰত ভংগ কৰক; সদনত গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.