ETV Bharat / state

Manipur Update: মণিপুৰত ITLFৰ দ্বাৰা পপী ফুলৰ প্ৰদৰ্শনী অনুষ্ঠান ! খবৰ কিমান সঁচা ?

author img

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 9:13 PM IST

শান্ত হোৱা নাই মণিপুৰৰ পৰিস্থিতি ৷ গোষ্ঠীগত সংঘৰ্ষক জৰ্জৰিত ৰাজ্যখনৰ পৰা শেহতীয়াকৈ পোহৰলৈ আহিছে বহু ভয়াৱহ ঘটনা ৷ তাৰ মাজতে এই খবৰ বিয়পি পৰিছে যে ইণ্ডিজেনাছ ট্ৰাইবেল লিডাৰ্ছ ফ’ৰাম নামৰ সংগঠনটোৱে পপী খেতিৰ মেলা আয়োজন কৰিছে ৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া আৰু চৰ্চা অব্যাহত আছে ৷

Manipur Update
Manipur Update

তেজপুৰ, 27 ছেপ্টেম্বৰ: মণিপুৰৰ হিংসাত্মক কাৰ্যই দৈনিক নতুন নতুন তথ্য পোহৰলৈ আহিছে । শেহতীয়াকৈ ৰাজ্যখনৰ Indigenous Tribal Leaders Forumৰ নামত প্ৰকাশ পোৱা এখন পত্ৰই খলকনি সৃষ্টি কৰিছে ।

বিভিন্ন মাধ্যমত ইতিমধ্যে এই পত্ৰখন ভুৱা বুলি চৰ্চিত গৈছে ৷ পত্ৰখনৰ জৰিয়তে সংগঠনটোৱে অহা 30 ছেপ্টেম্বৰৰ পৰা 2 অক্টোবৰলৈ মণিপুৰত পপী ফুল আৰু পপী গছৰ পুলিৰ এখন মেলাৰ আয়োজন কৰা হৈছে বুলি উল্লেখ কৰে ।

Manipur Update
ITLFৰ নামত প্ৰকাশ পোৱা বিজ্ঞপ্তি

কাৰণ বৰ্তমান কুকি শৰণাৰ্থীৰ আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে তেওঁলোকৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ আবেদন জনায় । পত্ৰখন সংগঠনটোৰ প্ৰচাৰ সচিব গিনজা ভোলাজংৰ নামত প্ৰকাশ কৰিছে ।

ইফালে মণিপুৰৰ ৰাজ্য চৰকাৰে পাহাৰীয়া অঞ্চলত সমুলাংশে এই মাৰাত্মক পপী খেতি ধ্বংস কৰিছে আৰু এটা ভাইৰেল হোৱা ভিডিঅ’ দেখা পোৱা গৈছে যে এগৰাকী কুকি মহিলাই এই পপী খেতি ধ্বংস কৰাৰ বাবে কান্দি কান্দি খেতিৰ মাজেৰে আঁতৰি গৈছে ।

লক্ষণীয় যে এই বিষয়ে ইটিভি ভাৰতে ITLFৰ প্ৰচাৰ সচিবক যোগাযোগ কৰাত তেওঁ সহাৰি দিয়াৰ পৰা পৰা বিৰত থাকে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই সকলো বিষয়ে আলোচনা কৰি ৰাজ্যখনত আজিৰে পৰা পাঁচ দিনৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ ৰাখিছে বুলি জানিব পৰা গৈছে ।

মণিপুৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে পপী খেতি কৰা আৰু এনেধৰণৰ প্ৰদৰ্শনী সম্পূৰ্ণ বন্ধ ৷ তেনেস্থলত কোনো লোকে ভুৱা তথ্যৰে এনে প্ৰৰোচিত ঘটনাৰ সংঘটিত কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: AFSPA in Manipur: মণিপুৰৰ ১৯ টা স্থানত পুনৰ AFSPAৰ ম্যাদ 6 মাহৰ বাবে বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.