ETV Bharat / state

Indian Red Cross Society: মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ প্ৰতিনিধিৰ

author img

By

Published : Jul 24, 2023, 11:55 AM IST

মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ নতুন দিল্লীৰ এটা দলৰ ৷ দলটোৱে সাহায্য শিবিৰসমূহৰ প্ৰচলিত অৱস্থা আৰু সাহায্য শিবিৰত থকা স্থানীয় গৃহহীন লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে ৰাজ্যপালক অৱগত কৰে ৷

Indian Red Cross Society meets Governor of Manipur
আই আৰ চি এছ নতুন দিল্লীৰ এটা দলৰ মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ

তেজপুৰ, 24 জুলাই : ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ (আই আৰ চি এছ), নতুন দিল্লীৰ এটা দলৰ মণিপুৰৰ ৰাজ্যপালক সাক্ষাৎ ৷ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উপদেষ্টা ৰীণা ত্ৰিপাঠী আৰু পৰিচালন সমিতিৰ সদস্য ড৹ অশোক কুমাৰ সিঙৰ নেতৃত্বত মণিপুৰৰ আই আৰ চি এছৰ অধ্যক্ষ নৰেন্দ্ৰ নিংগোম্বা আৰু আন দুজন সদস্যৰ সৈতে ৰাজভৱনত মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰে ৷ ৰাজ্যপাল গৰাকীক সাক্ষাৎ কৰি দলটোৱে সাহায্য শিবিৰসমূহৰ প্ৰচলিত অৱস্থা আৰু সাহাৰ্য শিবিৰত থকা স্থানীয় গৃহহীন লোকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে অৱগত কৰে ৷

Indian Red Cross Society meets Governor of Manipur
মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ

দলটোৱে ৰাজ্যপালক অৱগত কৰে যে, তেওঁলোকে ইম্ফল পূব, ইম্ফল পশ্চিম, বিষ্ণুপুৰ, চুৰাচান্দপুৰ, কাকচিং আৰু থৌবাল জিলাৰ বিভিন্ন সাহায্য শিবিৰ পৰিদৰ্শন কৰিছে ৷ শিবিৰত থকা লোকসকলক সাক্ষাৎ কৰি তেওঁলোকক কি কি সা-সুবিধা প্ৰদান কৰা হৈছে সেই বিষয়েও অনুসন্ধান কৰে দলটোৱে ৷

তেওঁলোকে আৰু অৱগত কৰে যে, অধিকাংশ শিবিৰতে অনাময় ব্যৱস্থাৰ উন্নীত কৰাৰ প্ৰয়োজন আৰু কিছু সংখ্যক শিবিৰত জনসমাগম হোৱাৰ লগতে অত্যাৱশ্যকীয় ঔষধৰ নাটনি দেখা গৈছে ৷ বিশেষকৈ চুৰাচান্দপুৰ জিলাত এই সমস্যা দেখা গৈছে ৷ কেন্সাৰ, ডায়েবেটিছ আৰু বৃক্কৰ সমস্যাৰ দৰে ৰোগত আক্ৰান্ত ৰোগীয়েও সাহায্য় শিবিৰ সমূহত আশ্ৰয় লৈ আছে আৰু তেওঁলোকক বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰে দলটোৱে ৷

দলটোৱে ৰাজ্যপালৰ ওচৰত বিতং প্ৰতিবেদন দাখিল কৰি ক্ষতিগ্ৰস্ত লোকসকলে সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে চোৱাচিতা কৰাৰ লগতে তেওঁলোকক সহায়ৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷ দলটোৱে প্ৰশিক্ষিত স্বেচ্ছাসেৱকৰ জৰিয়তে মানসিক-সামাজিক সহায় আৰম্ভ কৰা, সাহাৰ্য শিবিৰৰ ভিতৰত আৰু ইয়াৰ আশে-পাশে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভিযান আৰু বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে সুস্থতা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবেও পৰামৰ্শ দিয়ে ৷ ৰাজ্যপালে তেওঁলোকক আশ্বাস দিয়ে যে, সাহায্য শিবিৰত থকা হিংসাত্মক ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হ’ব ৷

ৰাজ্যপালে কয় যে, তেওঁ নিজেই পাহাৰ আৰু ভৈয়ামৰ জিলাৰ বহু সাহাৰ্য শিবিৰ পৰিদৰ্শন কৰিছিল আৰু মাজে মাজে ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰিছিল ৷ তেওঁ আৰু কয় যে, সাহাৰ্য শিবিৰত থকা আৰ্তজনক সকলো প্ৰয়োজনীয়তা প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিছে ৷

ৰাজ্যপালে আই আৰ চি এছৰ প্ৰতিনিধি দলটোক সাহাৰ্য শিবিৰত যান-জঁট কম কৰিবলৈ তম্বুৰ ব্যৱস্থা কৰাৰ বাবে পৰামৰ্শ দি কয় যে, যিসকলক সহায়ৰ প্ৰয়োজন হৈছে তেওঁলোকক অগ্ৰাধিকাৰ দিয়া উচিত ৷ ৰাজ্যপালে দলটোক সংশ্লিষ্ট জিলা প্ৰশাসনৰ লগত আলোচনা কৰি সামগ্ৰী বিতৰণ কৰিবলৈ কয় ৷ মানৱতাৰ স্বাৰ্থত এটা দানশীল সংস্থা হিচাপে সম্ভৱপৰ সকলো সহায় আগবঢ়োৱাৰ বাবে দলটোক ধন্যবাদ জনায় ৰাজ্যপাল গৰাকীয়ে ৷

লগতে পঢ়ক : Manipur Crisis: মণিপুৰ সন্দৰ্ভত চৰকাৰৰে আলোচনাত বহিব নোখোজে বিৰোধী; মন্ত্ৰী অনুৰাগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.