ETV Bharat / state

ৰঙা চীনক মুকলি প্ৰত্যাহ্বান প্ৰাক্তন ভাৰতীয় সেনানীৰ

author img

By

Published : Jun 19, 2020, 6:14 PM IST

Updated : Jun 19, 2020, 10:40 PM IST

ইফালে লাডাখত চীন আৰু ভাৰতৰ মাজত হোৱা সোমবাৰৰ সংঘৰ্ষৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছে সৰ্বদলীয় বৈঠকৰ। সমগ্ৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ বাবে ১৯ জুনত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। দেশৰ সকলো দলৰ মুৰব্বীসকলে সন্ধিয়া পাঁচ বজাত ভিডিঅ' কনফাৰেন্সঙিৰ জড়িয়তে অংশগ্ৰহণ কৰিব পাৰিব বৈঠকত । এই কথা টুইটযোগে অৱগত কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।

Indian army ready for India China war
ৰঙা চীনক মুকলি প্ৰত্যাহ্বান প্ৰাক্তন ভাৰতীয় সেনানীৰ

তেজপুৰ, 19 জুনঃ ডকলাম, অৰুণাচল প্ৰদেশ , ছিক্কিম আৰু উত্ৰাৰখণ্ডৰ পাছত কিদৰে লাডাখ কাণ্ড সংঘটিত হ'ল সেয়া দেশবাসীৰ বাবে এক বৃহৎ সাথৰ ৷ কিন্তু ৪ দশকৰ পাছত সীমান্তত দুই দেশৰ মাজত সূত্ৰপাত হৈছে ৰক্তাক্ত সংঘৰ্ষৰ ৷ সোমবাৰে নিশা লাডাখৰ ভাৰত-চীন সীমান্তৰ গালৱান উপত্যকাত চীনা সৈন্যই হঠাতে কৰা আক্ৰমণত ইতিমধ্যেই শ্বহীদ হৈছে কৰ্ণেলসহ ভাৰতৰ ২০ জন জোৱান,বিপৰীতে আহত হৈছে চীনৰ ৪৩জন জোৱান ৷

ৰঙা চীনক মুকলি প্ৰত্যাহ্বান প্ৰাক্তন ভাৰতীয় সেনানীৰ

ডকলাম সীমান্তত ঘটি থকা অশান্ত পৰিস্থিতিয়ে অশান্ত কৰি তুলিছে ভাৰতৰ একাংশ প্ৰাক্তন সৈন্যক ৷ ৰঙা চীনৰ বিৰুদ্ধে এসময়ত ৰণ ক্ষেত্ৰত সমুখৰ পৰা নেতৃত্ব দিয়া এই সকল প্ৰাক্তন সৈনিকে ভাৰত চৰকাৰলৈ আগবঢ়াইছে বিশেষ প্ৰস্তাৱ ৷ 1962 চনৰ চীনা আগ্ৰাসনৰ সময়ত এইসকল ভাৰতীয় সেনাৰ প্ৰাক্তন সদস্যই সমুখৰ পৰা যুজিছিল চীনা সৈন্যৰ বিৰুদ্ধে ৷ আকৌ প্ৰয়োজনত চীনৰ বিৰুদ্ধে পুনৰ এঘড়ী যুজিবলৈ সাজু হৈছে প্ৰাক্তন সৈনিকৰ এই দলটো ৷ ভাৰতীয় সেনাৰ পোছাক পৰিহিত চীনা সৈন্যক মুকলি প্ৰত্যাহ্বান অৰুণাচল প্ৰদেশৰ এই সকল প্ৰাক্তন সেনাৰ ৷

লগতে পঢ়কঃ ১০০ বছৰ জীয়াই থাকিব পৰা ড্ৰেগনৰ পোৱালী ক'ত ?

ইফালে লাডাখত চীন আৰু ভাৰতৰ মাজত হোৱা সোমবাৰৰ সংঘৰ্ষৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাইছে সৰ্বদলীয় বৈঠকৰ। সমগ্ৰ পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ বাবে ১৯ জুনত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক। দেশৰ সকলো দলৰ মুৰব্বীসকলে সন্ধিয়া পাঁচ বজাত ভিডিঅ' কনফাৰেন্সঙিৰ জড়িয়তে অংশগ্ৰহণ কৰিব পাৰিব বৈঠকত । এই কথা টুইটযোগে অৱগত কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে।

ভাৰত চীন সীমান্তত এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে ৷ সষ্টম হৈ উঠিছে ,তেজপুৰৰ বায়ু সেনা বাহিনীৰ ঘাটিত থকা যুঁজাৰু বিমান SU-30 MKIৰ লগতে অন্যান্য জাহাজৰ সঘনাই অনুশীলন পৰিলক্ষিত হৈছে চীনা সৈন্যক ৰোধিবলৈ ভাৰতীয় সেনাই যো জা চলোৱাৰ প্ৰাকমূহুৰ্তত প্ৰধান মন্ত্ৰীৰ বৈঠকে বিশেষ গুৰুত্ব বহন কৰিছে ৷ কিয়নো এই বৈঠকৰ পিচতে চীনৰ বিৰুদ্ধে ভাৰতে কেনে স্থিতি গ্ৰহণ কৰিব সেয়া গম পোৱা যাব ৷

Last Updated : Jun 19, 2020, 10:40 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.